ডাল
(অণু-গল্প)
(অণু-গল্প)
'ৰাতিপূৱা জুৰিয়া শালিকী দেখিব নাপায়৷' বেলকনিৰ পৰা প্ৰতিবেশীৰ মৰা তামোলজোপাৰ আগটোত বহি থকা শালিকীজনী দেখি সৰুতে শুনা কথাষাৰ মনত পেলাই থাকোতেই দেখিলো তাইৰ কাষেদিয়ে এযোৰ শালিকা উৰি গ'ল৷ হাতৰ বাতৰি কাকতখন সামৰি থৈ দেখিলো তামোলডালত শালিকীজনী নাই৷ মনত পৰিল, 'ৰাতিপূৱাই মৰা গছ দেখিলে দিনটো ভালে নাযায়৷'
No comments:
Post a Comment