Thursday, 21 April 2016

শূন্যৰো থাকে শূন্যতা

"শূন্যৰো থাকে শূন্যতা"
 কবি: মনোহৰ দত্ত
জগত সম্বন্ধে একোৱেই নজনা সময়তো
আকাশ বুলি চিনিছিলোঁ নীলাবোৰ।
শূন্যবোৰ নীলা নে নীলাবোৰ শূন্য?
জীৱন সম্বন্ধে একোৱেই নজনা সময়তো
বতাহ বুলি অনুভৱ কৰিছিলো কিবা এক স্পৰ্শ।
স্পৰ্শবোৰ শূন্য নে শূন্যবোৰ স্পৰ্শ?
বিশাল সাগৰ তীৰত থিয় হৈ এদিন
অস্তগামী সূৰুযৰ আভাত বিমৰ্ষ হোৱা
শূন্যতাক সাবটি লৈছিলোঁ বুকুত।
শূন্যবোৰ আভা নে আভাবোৰ শূন্য?
এদিন হৃদয়েৰে অনুভৱ কৰিছিলো
জীৱন, জগতৰ কতনা বিৰামহীন কথা।
শূন্যবোৰ কথা নে কথাবোৰ শূন্য?
ক'ৰ পৰা জানো বিয়পি পৰিল
দোভাগ ৰাতিৰ স্তব্ধতা ভাঙি
ব'হাগৰ হু হু বৰদৈচিলা।
মাকৰ ঘৰলৈ
বৰদৈচিলাজনী উৰি ঘূৰি গ'লগৈ
কৈ গ'ল এষাৰি কথা-
'শূন্যৰো থাকে শূন্যতা।'
২০ এপ্ৰিল ২০১৬

1 comment:

  1. Apunar iyar pra kbita আবৃত্তি কৰিব পাৰিম nki mur YouTube channel ase tar দিবলৈ জনাব যদি পাৰে

    ReplyDelete