১৯।১।১৬
অজগৰ
………………
দীপালী বৰা

চম্পাৱতী
তোৰ পথাৰত হাজাৰ টুনী
মাথোঁ নাই
অজগৰ ৰূপী তোৰ
ৰাজপুত্ৰ বৰ ৷
এতিয়া
আটাইবোৰ অজগৰ
মানুহৰ মোট পিন্ধি ৷
---------------------------------------------------
Palash Kumar Nath
১৯।১।১৬

কি ফুলেৰে ফুলাওঁ আকাশ ?.......( পলাশ কুমাৰ নাথ )

কি ফুলেৰে ফুলাওঁ আকাশ ?
গোলাপেৰে....ওঁহো

ভালপোৱাৰ আনটো ফালে থাকে
ঘৃণা আৰু প্ৰতাৰণা ।
কি ৰঙেৰে উজ্বলাও আকাশ ?
সোণাৰুৰে, সৰিয়হৰে......ওঁহো
হালধীয়াই আনে দুখৰ বতৰা ।
কি সপোনেৰে কঁপাও আকাশ ?
এজাৰফুলীয়া.....ওহো
চকুপানীবোৰৰ ৰঙ নীলা
এজাৰেও সানে নীলা......।
কি জুইৰে জ্বলাওঁ আকাশ ?
পলাশেৰে.......অ’
উৰুৱাও শিমলুৰ নিচান
বোৱাও মদাৰফুলীয়া বতাহ
কঢ়িয়াও আগমনি বসন্তৰ বতৰা.....।
বুজিবা, বুজিবা হে বন্ধু
যদিহে বুকুত জ্বলে
দাৰিদ্ৰ্য আৰু প্ৰতাৰণাৰ
ভোক আৰু পিয়াহৰ জুই
তেতিয়া বুজিবা
প্ৰেম,ভালপোৱা,চকুপানী
দুখ,কষ্ট,যন্ত্ৰণাৰ
আনটো ফালে যে থাকে ত্যাগ বিপ্লৱৰ
সূৰ্য্য উঠা দেশত যিয়ে পাৰি দিয়ে
স্বাধীনতাৰ ৰঙা দলিচা......
গঢ়ে সপোনৰ সেউজীয়া উপত্যকা
সেইবাবেই ফাগুণেও কৰে ভুল
বসন্ত নহাকৈও ফুলায়
বিপ্লৱৰ পলাশ ফুল ।
-----------------------------------
Ranjan Borman
January 17 at 7:09pm

।।কালি ওৰেটো নিশা।।
.
---ණ ৰঞ্জন বর্মন
.
কালি ওৰেটো নিশা মেঘ গাজিছিল আকাশত
বিজুলী চমকত
জিলিকি উঠিছিল তোমাৰ মুখ।
.
কালি ওৰেটো নিশা মেঘ গাজিছিল আকাশত
মোৰ সিৰাই সিৰাই
উতলি উঠিছিল জীয়া তেজ।
.
কালি ওৰেটো নিশা
মোৰ বুকুৱে চুই আছিল তোমাৰ বুকু
মোৰ দুওঁঠে চুমিছিল তোমাৰ গোলাপ ৰঙৰ ওঁঠ।
.
কালি ওৰেটো নিশা
সাপৰ দৰে
মেৰাই ধৰিছিলোঁ দুয়ো দুয়োক।
.
কালি ওৰেটো নিশা মেঘ গাজিছিল আকাশত
মই বৰষুণ হৈ সৰিছিলোঁ তোমাৰ দেহৰ উত্তাপত।
--------------------------------------------------
এটা সমুদ্ৰ এখন নদী
১৮।১।১৬
সুনীল অমিয়
=========
যদিও দুৰত্ব বঢ়াই পথে
তথাপিও অন্তৰে জানে,
ভেকোভাওনাৰ চকুলোত নহয়;
বুকু ফালি ওলাই তেজৰ ঢল।

চুই যায় প্রতিটো আচৱাব
আৰু
ইফাল সিফাল ঘুৰি ফুৰা
কথাবোৰে
বৰ জ্বলাই মাৰে অহৰহ !

সেই খিৰিকীৰ
সেই চৌকাঠ
মজিয়া আৰু পর্দাত
কান্দোনৰ গেঙনি,
ইছাট বিছাট
কিছু পাহাৰ ভাঙে
ভূমিস্খলন হৈ বাগৰে শিল
এঙাৰ সৰু সৰু
অগ্নিগোলকৰ দৰে
পানী বিচাৰে………
পানী………

খিৰিকীত সাৰে থকা
পূর্ণিমাও জানে
তাৰ কান্ধত মুৰ থৈ
ঘুমটি যোৱা নাই আজি……

ঘুমটি নাযাও
অনন্তৰ কিছু সময়,
অগনিত ৰাতিবোৰেও জানে
সেই বেজাৰমতী সাধু……

তথাপিও তৃষ্ণাবোৰ জাগি থাকে
পানী বিচাৰে……,
পানী……
বৈ যায় ,
দৌৰি পলাই
এটি সমূদ্র এটি নদী ।
-------------------------------------------------------
Jyotish Kumar Deb
১৮।১।১৬

টুপী
========
টুপীটো খুলি থলে মানুহজনে
মুৰত হাত ফুৰালে
আশি বছৰৰ অভিজ্ঞতাৰ নিয়ৰ
টোপা-টুপে সৰি পৰিল
এখন্তেকৰ বাবে স্থবিৰ সময়ৰ বোকোচাত

টুপীটো বহু পুৰণি
মানুহজন তাতোকৈ পুৰণা
দুয়োৰে গা উৱঁলি গল
ছাল ফাটি চিৰাচিৰ
আজি অত বছৰৰ লগ
খাপে খাপে সাহচর্য
কোনে বা এৰে কাক প্রথমে !

কালি জীয়ৰীয়ে উপহাৰ দিলে
নিজ হাতেৰে গুঠা এটা উলৰ টুপী
আগৰ টুপী হেনো আওপুৰণি
দেখাত আপচু হলে
বহুদিন বাদে কালি আইনা চালে তেওঁ
- আৰু বেছি কুন্ধুছ !

ভয় খালে তেওঁ - বিসর্জনৰ বাজনা
টুপী আৰু তেওঁ দুয়ো খৰচাৰ বহীত

সেই বাওনা ভিখাৰীজন
আজিও ওচৰত নীৰৱে বহি আছে
বয়সৰ নিয়ৰক জোকাৰি পেলাই
আগবাঢ়ি গলে তেওঁ
পার্কৰ পৰা ওলাই যোৱাৰ আগতে
টুপীটো বাওনাৰ মুৰতে পিন্ধাই দিলে
- উলৰ নতুন টুপীটো

- জ্যোতিষ ( ১৮/০১/২০১৬)
( @হৰেকৃষ্ণ ডেকা চাৰ , আপোনাৰে পৰা সমল লৈ আপোনালৈ বুলি শ্রদ্ধার্ঘ আগবঢ়ালোঁ )
--------------------------------------------------------------
যুদ্ধৰ ঘোঁৰাবোৰ
........................

_ কমল বৰুৱা (১১/১২/১৫)

কালি ৰাতিও আহিছিল যুদ্ধৰ ঘোঁৰাবোৰ
সিহঁতৰ খোজৰ সম্ভাৱনাময় শব্দবোৰ
জোনাকলৈ খুলি ৰখা খিৰিকীৰে সোমাই আহিছিল

খিৰিকীমুখ পোৱালৈকে
ঘোঁৰাবোৰ অদৃশ্য হৈ গ'ল
(নে অহাই নাছিল ঘোঁৰাবোৰ ? )
আৰু নেদেখিলো ঘোঁৰাবোৰত লাগি অহা
যুদ্ধোত্তৰ যুগৰ খচৰা ছবিৰ ৰং

পিছত ঘোঁৰাবোৰ ক'লা নে বগা আছিল
ৰাতিক সুধি সুধি সেই কথা
পুৱাৰ কোলাত নিজক নিচুকালোঁ.....

.....................................
Jyotish Kumar Deb


অসীমৰ অভিযাত্রী
===============
আকাশৰ তলত বিশাল ধৰিত্রি
ধৰাৰ বুকুত বিশাল সাগৰ
হেৰাই যাম বুলি মেলিলো নাও
আঁত পাবলৈ জীৱনৰ
অসীমৰ হলোঁ অভিযাত্রী

চকুত জ্বলে তিয়াহৰ অগনি
বুকুত চেঁচাপানী হিমবাহৰ
দিহিঙে দিপাঙে উতলা খোজ
দুবাহু দোমোজালিতে জঠৰ
ভাগৰ গুচায় বসুধা মাতৃ

মনত নিতৌ নতুনৰ সন্ধান
দেহা উজান দিয়ে পিৰপিৰাই
চলানিৰ মাজেৰে সৰে জীৱন
যাত্রাৰ চোন শেষ হোৱা নাই
দুৱাৰত টুকুৰিয়াই ৰাত্রি

- জ্যোতিষ ( ১৮/০১/২০১৬)
--------------------------------------------
Jyotish Kumar Deb


অৰূপ নিধি
-----------
মন নহয় এটি দেহা -
কামনা বাসনাৰ আধাৰ
মনৰ, নহয় কতো বেহা,
মূল্যাতীত অলীক সম্ভাৰ

কিহেৰে ৰিজাবা ৰমণীৰ মন
অৰূপ নিধি শত সাধনাৰ
যি মনক সাধি পাৰ হল
কত যোগী কত সাগৰ বেদনাৰ

মনক তুলাচনীৰে জুখিবলে
কৰা প্রয়াস বৃথা যিমানে
পানীতে পানী পিচলা মন
কাহানি গৈ সেও নেমানে

- জ্যোতিষ ( ১৮/০১/২০১৬)
--------------------------------------------------
Hirákjyóti Báishýá
January 17 at 11:07am

মোক যিসকলে শুনা নাপালে

মোক যিসকলে শুনা নাপালে
তেওঁলোক ক’লৈ গ’ল
ৰঙৰ দোকানত বহি আছোঁ মই
উকা দেৱাল এখনক চাই

মোক নুশুনাসকলক ধন্যবাদ
সুথিল মেঘৰ মালা আছিল মোৰ দোকানত
নিকিনিলা, নিকিনিবা
দোকানীৰ প্ৰলোভন নুশুনিলা, নুশুনিবা
মালিকে বেতন দিব মোক মুঠি মুঠি
চন্দুকত ভৰাই থ’ম চিধা
নাজানা, নাজানিবা

মোক নুশুনাসকললৈ পুতৌ
পাৰৰ ৰুণ
ময়ূৰৰ পেখম
অমৰাৰ ডালত ফেঁচাৰ আত্ৰানি
শুনাইহে শুনে মাথোঁ৷

মোক যিসকলে শুনা নাপালে
সেইসকলে বহুত কিবা শুনিব
শুনক৷ মোৰ কথা জানো গুপুতে থাকিব!

নিশাৰ জোনাক সেমেকিব
মোৰ কথাত ৰাতি পুৱাব৷

-হীৰক
-----------------------------------------------------
Jiten Narah
January 17 at 6:13pm

eta abotoriya kobita

¤ কাতিৰ মালিতা ¤
__________________
[ বানে গৰকা নিঃস্ব
খেতিয়কৰ কৰুণ গাথা ]
[এক]
ধর্ষিতা পথাৰ ।
সেউজ শইচৰ হৰিৎ হৰণ ।
খালে-ডোঙে পৰি ৰ'ল
নষ্ট বীর্যৰ দুর্গন্ধ ।
[দুই]
পথাৰ জুৰি বলুকাৰ পাহাৰ ।
কুঁৱলী হৈ বিয়পি পৰিছে
কাঙাল খেতিয়কৰ হাহাকাৰ।
[তিনি]
কাতি বিহুৰ ৰাতি !
এইবাৰ পথাৰত নজ্বলিল
লখিমীৰ আৱাহনী চাকি ।
জ্বলিল নিঃস্ব খেতিয়কৰ
জলমল্ সজল দুচকু ।
[চাৰি ]
আঘোণৰ পথাৰ !
বেৰৰ চুকত গুজি থোৱা
হেঁপাহৰ কাঁচিখনিৰ
বিনীত নিবেদন !
হৈ ৰ'ব মাথোঁ দাৱনীৰ ব্যথাৰ
অনুনয় সোঁৱৰণ ।।
(জিতেন নৰহ
শালমৰা , লখিমপুৰ-787052
দূৰভাষ-99546 60126)
-----------------------------------------------
Lochan Kaushik
January 17 at 9:55pm

শীতৰ যাতায়াত
………………………(লোচন কৌশিক)
.

আজি শীতৰ যাতায়াতত দেখিলোঁ
কুঁৱলীৰ কেঁচা শৰীৰত
দুটি ঢৌ খেলা ৰ'দালী !
আৰু দেখিলোঁ
কঙাল নদীত নিয়ৰৰ চামিয়ানা !
.
ঠেঁটুৱৈ লগা জাৰত
দুখিলা শুকান পাতৰ ফুচফুচনি-
প্ৰেমিক-প্ৰেমিকাবোৰ আধুনিক হ'ল
আৰু এটা শীতল দিন…
.
মই শীতৰ দুৱাৰখন খুলি চালোঁ
মই মৌন-নিথৰ
নিৰ্বাক-অসহায় এযুৰি চকু
মোৰ সপোন আৰু বাসনাই
নিঃশব্দে কৰিছে সহবাস !
চঞ্চল বা এজাক আহি
লিপিট খাইছে মোৰ শৰীৰৰত
মোৰ নোমবোৰ আকাশলৈ গমন কৰাৰ পথত
মাদক মাদক মাদকোত্তৰ অনুভৱ .
উভতি নহাৰ এই যাত্ৰা
বেনাম চৰাইৰ কন্ঠত নুশুনা গান
মোৰ ছাঁয়াৰ গৰ্ভত
মৃগষ্য প্ৰেমিক শব্দবোৰৰ কবি সন্মিলন
মই দেখিছোঁ
কিছু স্পষ্ট
কিছু অস্পষ্ট
মমবাতিৰ দৰে ভদ্ৰ হিম হৈ যোৱা
মোৰ বেনাম প্ৰেমিকাৰ গ্ৰীষ্মৰ ঘাম
মই নিৰৱে নামি যাওঁ
যাওঁ নামি
বেনাম কবিতাৰ শব্দৰ নিচাত……!!!
------------------------------------------------------------------
Sangeeta Medhi
January 15 at 9:24pm

ঈশ্বৰলৈ এখন চিঠি

অৱশেষত তেওঁ
ঈশ্বৰলৈ চিঠিখন লিখিছিল
চিঠিখন নিজৰ বাবে নাছিল,
আছিল তেওঁৰ অভিশপ্ত প্ৰেয়সীৰ বাবে
চিঠিখনত লিখিছিল -

"এই শব্দহীনতা
এই চকুপানীৰ উদাস বন্দৰত
জীৱন সম্ভৱ ?
ভগৱান
কিয় দুখ দিছা তেওঁক ইমান
নিদিবা
ফাটি যায় তেওঁৰ কুমলীয়া কলিজা
মোকেই দিয়া শোকৰ মহাভাৰ
পুণ্যৰ ভৰ জানো কেতিয়াবা কমিছে
তেওঁক হাঁহিবলৈ অকণ সুৰুঙা দিয়া
শান্তিৰ অকণ জোনাক পালে
তেওঁ আজীৱন বুদ্ধৰ কৰুণাৰে বুকুলৈ চপাই ল'ব
শোকৰ বিপুল পৃথিৱীক
তেওঁক মুকলি কৰি দিয়া সেই শাপৰ
বন্ধনৰ পৰা ৷"

চিঠিখনৰ উত্তৰ কি
কোনেও নুবুজিলে
প্ৰেয়সীৰ শাপে কিজানি তেওঁকো পালে
তেওঁ বাক্ ৰুদ্ধহৈ পৰিল ৷

তাৰপাছত ঈশ্বৰলৈ আৰু কোনেও চিঠি লিখা নাই ৷
-----------------------------------------------------------
Raaj Kumar Tamuli
January 17 at 8:09pm

=====এলঝোলাম মই কি অৰ্থত লম কোৱা=====



ৰাজ কুমাৰ তামুলী


মই ভাগৰি নপৰা বুলি অভিনয় নকৰো দিয়া।
মই উন্মাদ আৰু বৰ বিষণ্ণ হৈ পৰিলো।
পোৱা নোপোৱাৰ মই হিচাপ নকৰো দিয়া।
শীতৰ এৰাতিত দপ্ দপাই কোনো বিপ্লৱী শ্ল'গানও নিচিঞৰো।
আঁউসীৰ ৰাতি কোনে নিচুকাই দিবহি মোৰ চকুত টোপনী
এলঝোলাম মই কি অৰ্থত লম কোৱা ??
তোমাকো কি কাৰনত জগৰীয়া কৰিম কোৱা ?
তুমিহীনতাত মই কোনোদিনেই মোৰ জীৱনক
এটা নিমিলা অংকলৈ ঢাল খাব নিদিম!
কিন্তু হুঁমূনিয়াহ আস্ আ ……
কেলৈ নাকাঢ়াকৈ থাকিম ?
তুমি মাত্ৰ এনিশা মোৰ বাবে ক্লিঅ'পেট্ৰা হৈ পৰা--তুমি বিয়েট্ৰিছ হৈ পৰা
তুমি এটা সপোন হৈ উজ্বলি উঠা
তুমি এটা সংগ্ৰমী সংগীত হৈ উজ্বলি উঠা ।
তোমাৰ লাস্যময়তাতেই মই জীৱনক কৰি তুলিম সংগ্ৰামী
আৱিষ্কাৰ কৰিম সমূদ্ৰ পাৰত অসৰীয়াৰ ফাঁকেৰে হেঙুলীয়া বেলিক !!
'ৰ'দৰ দেশত হেনো জীৱন থাকে
ভিক্ষুক--নষ্ট জীৱন উদযাপনৰ বিলাসী প্ৰেমিকৰ' !!
-------------------------
Salekin Hassan Bappy
January 17 at 5:19pm

০০ পুনৰ জনম ০০

কোন ক’ত আছে
আহক! ওলাই আহক
শেষবাৰৰ বাবে চকুলো টুকিবলৈ
কোন কোন আহিছে
শাৰীপাতি বহিব সকলোৱে
আজি আমি আবেগিক নহৈ
সকলোৱে নিজ নিজ মনৰ কথা শুনিম
হাঁহিম, নাচিম, গান গাম
আৰু আৰু
এখন নতুন পৃথিৱীলৈ গতি কৰিম
য’ত নাথাকিব একো নতুনত্ব
প্ৰতিটো শিশুৰ দৰে আমাৰ পৃথিৱীও আজি নগ্ন
আহা আমি সকলোৱে মিলি
এটা আচলেৰে ঢাকি থওঁ।
==================
@বাপ্পি
সময়= ৪:২৬ pm
তাং : ১৭/০১/২০১৬
----------------------------------------------------------
Niru Dutta
January 17 at 4:15pm

উৎসৱৰ দিনবোৰ
##########**নিৰু দত্ত
সাঁকোৱে জোৰে
সাঁকোৱেদি বগাই জীৱনৰ ৰং
উৎসৱবোৰ একোখন সাঁকো
চপাই আনে দুখন বুকু
মেজিৰ জুইৰে উমাল
ভেলাঘৰীয়া ডেকাহঁতে সমন্বয়ৰ
ৰহণ সানে জীৱনৰ বুকুৱে পিঠিয়ে
উকি এটাই শালি থৈ যায়
আদহীয়া ৰংমনৰ দেহ
আহাছোন
দুদিনলৈ সামৰোহঁক জাতিভেদ
ধৰ্মৰ বিবাদ
কুঁৱলীৰ জাল ফালি
নিনাদ হওঁক প্ৰাৰ্থনান্তৰৰ
এজোলোকা আশীৰ্বাদ।
-----------------------------------------------------
Jyotish Kumar Deb
January 17 at 3:59pm

ৰূপকোৱঁৰ ( শিল্পী দিৱসৰ শ্রদ্ধাঞ্জলি )
====================
বৈ যা বৈ যা বৰ লুইতৰে ঢল ও
বৈ যা অসীমলে তই
জ্যোতিৰে নিজৰা উথলি উঠে সৌ
কীৰিতিৰে কাহিনী কৈ

সেউজী ধৰণীৰ জোনাকী কাৰেঙৰ
ৰূপকোৱঁৰ সেই জন
আহুদি আনিলে শতজন মোহিলে
উলাহৰে ভৰাই মন
কত যুগ যুগান্ত লৈ

দেশজননীৰে শিকলি ছিঙিবৰে
কৰিলে মহাসংগ্রাম
ভোকাতুৰ জনৰ হকে কৰি সমৰ
সৰালে তেজ আৰু ঘাম
মৰসাহেৰে সাহসী হৈ

সমন্বয়ৰ ডোলেৰে অসমৰ
বান্ধিলে সকলো জাতিক
আইনাম বিয়ানাম সুৰেৰে প্রণাম
জনালে অসমৰ মাটিক
বিশ্ব জগতত গৈ

- জ্যোতিষ ( ১৭/০১/২০১৬)
-------------------------------------------------------
Marylene Dutta
January 17 at 10:45am

ৰাতিটো বাঢ়ে
প্ৰতিনিশা
কিন্তু কিয় নাবাঢ়ে আমাৰ ভালপোৱা
জগা গছৰ দৰে কিয় তোমাৰ মোৰ প্ৰতি এই অনীহা

.
তুমি নদীৰ দৰে হ'ব খোজা
ভাল কথা
গভীৰতা কবিৰো প্ৰিয়

.
তুমি ভবাৰ দৰে নদী হ'ব নালাগে আমাৰ এই ভালপোৱা
পলকতে বাঢ়ক
ঋতুতে শুকাওক !!
--------------------------------------------------------
Rihan Ali
January 17 at 9:57am

হে শিল্পী মহান...
পুৰোধা সহশ্ৰ জনতাৰ
নাই তুমি হয়তো
নহা দুনাই কাহানিও
বাছ-বাচনিৰ চকমকনিৰে
ঘৃণা উদ্বেগ সাম্প্ৰদায়িকতাৰ
বিষ বাস্পই চানি ধৰা
এই অসমী আইৰ চোতালত
তথাপিও কাতৰি সোৱৰিছোঁ
মাথোঁ কব খোজো তোমাক
ৰৈ আছে অগনন আজিও
এক পলকৰ ৰিনিকি চানেকি
আৰু পৰশ পাই তোমাৰ
চিৰ সেউজত মৰহি যাবলৈ।
-----------------------------------------------------------------
Samsul Haque
January 15 at 10:47am

অন্য ভোগালী
____________

ভোগালীতে কঙালী যিসকলৰ
ভোগালী কেই অনাৰ
নতুবা বন্যা শুভেচ্ছাৰ ?

ভোগালীৰ আন্ধাৰত হাত পাতি থকা
হেজাৰজনৰ চিঞৰক গিলিছেহি
চাইৰেণৰ কোলাহলে

ফুটপাথত কলমটিয়াইছেহি
চেঁচা গধুৰ ভোগালী ৷
-----------------------------------------------------------------------
Ranjan Borman
January 16 at 6:48pm

।।নিৰ্জন ৰাজপথত মই....।।
.
---ණ ৰঞ্জন বর্মন
.
কুঁৱলীৰ বগা চাদৰ এখনেৰে যেন
চহৰখন আৱৰি ৰাখিছে।
.
ফুটপাথত অঘৰীবোৰে কুণ্ডলি পকাই বহি আছে
শীতৰ সতে সিহঁতৰ অঘোষিত যুদ্ধ।
.
মই অকলে অকলে খোজ কাঢ়িছো ফুটপাথেৰে
অঘৰীবোৰৰ কাষে কাষে।
মোৰ ভৰিৰ খোজত মৰমৰাই উঠিছে সৰাপাত।
.
মই এখিলা সৰাপাত তুলি ল’লো
য’ত লিখা আছিল এক জীয়া কাহিনী-সেউজীয়া।
.
ব্যস্ততাৰ হেঁচাত নিশ্চুপ হৈ থকা তেওঁৰ স্মৃতিবোৰে
মোৰ বুকুত উক দিলে।
.
এতিয়া
তেওঁৰ ভাৱনাত মগ্ন
নিৰ্জন ৰাজপথত মই মাতাল প্ৰেমিক।
-----------------------------------------------------------------------------
সুনীল অমিয়
January 16 at 7:28am

অলৌকিক বাঁহী
সুনীল অমিয়

বেদুইন প্রেমিক মই
যিফালেই নাযাও কিয়
নিষ্ঠুৰ নীলা হাঁহি এটা
ওঁঠত লৈ
কিয় বাট আগুচ তই।

মই জানো
গুপুত মাহৰ পৰা
চিনি পোৱাটো সহজ নহয়
-মোৰ অগনন পাপ।

হাতুৰিৰে কোবাই ভাঙিছো নিতৌ
আকাঙ্খাৰ বিজন সেতু।

চতুৰ ৰাতিৰ দৰে
খিৰীকিৰে চাৱ জুমি
আঁকি থৱ অকৰ্মন্যতাৰ ছবি।

নিদ্ৰাতুৰ জোনৰ কাষত
থৈ যাৱ অশৰীৰি ওঁঠ।
বুকুত ধুপুচকে সৰে
-মৰা পদুম শোক

এই সকলোবোৰ কথাই
তই জনাটো বৰ প্ৰয়োজনীয়
নেকি বাৰু?

প্রতিবাৰ ঘূৰি আহোঁ
-তিমিৰ গলিৰে
প্ৰতিবাৰ ঘৰলৈ ওভতি
ধ্বংস কৰো কলমক
-তুমুল প্ৰলাপেৰে।

- এই সকলোবোৰ কথাই
তোক জনাম?
------ নজনাও

মইতো সন্ন্যাসী নহও
মোৰ চোতাল আছে
আছে মাটিৰ জুহাল
আছে গৃহীৰ সকলো বোধ ,
সমস্ত অভিনয় -
কিয় ধৰি ৰাখ
চকুৰ ৰেটিনাত?

তাতোকৈ এয়ে ভাল
-লিখাৰ এলান্ধু বৰণীয়া পথ
তাতকৈ এয়াই ভাল
খোজকাঢ়ি ফুৰা
পৰিচিতিহীন জনপদ।

বালুকাময় মৰুয়ে জানে
কাক কয় হেৰুৱা কবিতা
জলজ লতা,
হাউলি থকা ছাঁয়াঘণ বিটপিয়ে জানে
কাক কয় টুলুঙা নাওঁ বোৱা।

হিমেল ৰ'দৰ একতাৰা হাতত লৈ
ঘূৰি ফুৰো নাগৰিক বাউল
হেঁপাহ সেই এটাই
সৰিয়হ-হালধীয়া খেতিত
জাগি থকা শেষ চুমাটোৰ ওচৰলৈ
- এদিন তোক লৈ যাম

মাতাল যুৱাৰ দৰে
যি জীৱন পৰি আছে বাটৰ দাঁতিত
- তাৰ হাতত গুজি দি আহিবি
অলৌকিক বাঁহী।
-----------------------------------------------------------------
Raaj Kumar Tamuli
January 16 at 6:29pm

---জি, এম, চি ৰ মিচ্ দিপলীনা এম কাকতি---


------------ প্ৰণৱ দত্ত
কেনে আছা দিপলীনা ? কুশলে আছাতো ?
অভিমান নকৰিবা,
তোমাৰ অভিমানৰ লহৰত এইয়া চোৱা
চূৰ্ণ- বিচূৰ্ণ মোৰ অভিযোগৰ টাটানিক।
এতিয়া চৌদিশে ভোগালীৰ বাতাবৰণ ……
পথাৰত সঁৰিয়হৰ, মাঁহনিত মাঁহ
দেৰচোৱা বিলত বৰালী মাছৰ উজান ভাটি……
মাথো, তোমাৰ অভাৱে কঙালী কৰে মোৰ মন।
দিপলীনা আহিবা নহয় ??
মেজিৰ জুইৰ কাষত হাঁহে মাঁহে এসাজ খাম।
কিছু গল্প, কিছু কথাৰ পাতিম আদ্দা অতিত বৰ্তমান অনাগত ভৱিষ্যৎৰ……
অনুভূতি বোৰ গলাই পেলাম দিয়া এদিনৰ বাবে, মেজিৰ জুইৰ উত্তাপত।
কেনে চলিছে তোমাৰ ডক্টৰি চিকিৎসা??
Anatomy physiology আৰু microbiology ৰ ক্লাচবোৰ ??
কৰিছা নেকি অনুভূতিক অনুভূতিহীন ??
বহু আশা বহু সপোনৰ প্ৰতিনিধি তুমি !
দিপলীনা তুমি সন্ধিয়া বৰুৱা চাৰিআলিলৈ নাযাবা
তাত সন্ধিয়া অশান্ত যৌৱনৰ মেলা
দুপৰিয়া জে বি কলেজৰ সন্মুখেৰে নাযাবা
চিগৰেটৰ ধোঁৱাৰ কুণ্ডলি ফালি ভাহি আহিব পাৰে---
হাই বেবী ইমান খৰখেদাকৈ কলৈ যোৱা……
ৱাওঁ চেক্সী মাল বে চাল্লা ট্ৰাই এটাকে দিওঁ নেকি
তুমি React নকৰিবা
দিপলীনা বিহুলৈ আহিবা নহয় ??
------------------------------------------------
Jyotish Kumar Deb
January 15 at 11:50pm

সাঁথৰ
=========
চকু নো কি
হৃদয়ৰ দাপোণ
জীৱনৰ মায়াকাজল সনা

জীৱন নো কি
এটি অলীক সপোণ
যিমানেই তাক দিঠক বুলি মানা

সপোণ নো কি
আশাৰ অকণ জেউতি
মৃত্যুক সেও মনাই অনা

মৃত্যু নো কি
জীৱনৰ পূর্ণ প্রকাশ
অমৃতলোকৰ সোপান জানা

- জ্যোতিষ ( ১৫/০১/২০১৬)
--------------------------------------------
Marylene Dutta
January 16 at 10:14am

~বিছনা~
.

বিছনাখন সৰু থাকোতেই ভাল আছিল
তোমাৰ উশাহবোৰে
ওৰে নিশা মোক নিচুকাই আছিল
জাৰৰ কাপোৰ কানিবোৰ আমাৰ পাতল থাকোতেই ভাল আছিল
শেহ নিশা অলপ ঠাণ্ডা পৰিছিল
দুয়ো দুয়োকে সাৱটি কটাই দিছিলো
ভালপোৱাৰ এনিশা
.
যেতিয়া ঘৰত ডাঙৰ বিছনা সোমাল
আমি কাঠৰ পৰা লো হ'লো
যেতিয়া ঘৰত উমাল কাপোৰ সোমাল
তুমি এটা চুকত
মই এটা চুকত থাকো
.......ক্ৰমাত্‍ দূৰত্ব বাঢ়িল
তোমাৰ পৰা মোৰলৈ
আমাৰ পৰা আমাৰলৈ !
--------------------------------------
Jyotish Kumar Deb
January 16 at 9:22am

তথাপি আশা
==========
এন্ধাৰ দেখিছা ?
পোহৰক আওকান কৰি !
শূন্যতাৰ পিনে অলপ আহা আগবাঢ়ি
সকলো বিলীন যত হয়
নতুনৰ কষটিক মুৰ দোৱাই
পোহৰৰ হেনো সেয়ে আতুৰঘৰ

বিভীষিকাৰ পম খেদি ফুৰিছা ?
পোৱা নাই মানৱতাৰ নীহাৰিকা বিচৰি !

ফুলৰ প্রতীতিৰ ওচৰত বহা আঁঠুকাঢ়ি
মৰুভূমিৰ মাজতো হটঙা প্রতিবাদ
এটি এটি পাহীক শিকায়
মহাপ্রলয়ৰ মাজতো ফুলি উঠিবলে
নতুন সৃষ্টিৰ সঁচ বুকুতে ৰাখে
কল্যাণৰ অশাক জগাই

বিচ্ছেদ-বিবাদ-বিভেদ সকলো থাকিব
পৃথিৱীৰ কক্ষপথক ঘিৰি
সত্য-শিৱ-সুন্দৰক এৰিব নোৱাৰি
ভৱিষ্যতৰ দিশলৈ চাই

- জ্যোতিষ ( ১৬/০১/২০১৬)
_______________________________
Prabhakar Sarma Neog
January 11 at 9:11am

ঋণ
===
কিমান ধাৰ কৰিলোঁ
কিমান ধাৰ শুজিলোঁ,
আৰু কিমান বাকী আছে!

সাৰশূণ্য মান-অভিমান
অহংকাৰৰো সময় নাই
ক্ষমা বিচৰাৰো সময় আৰু নাই
ক্ষমা কৰি দিয়াৰ সময় এয়া,
বিচাৰৰ সময় এয়া।

থৰবৰ আঠুত আৰু বল নাই মোৰ
সময়ো যে নাই আৰু তোমাৰ খবৰ লোৱাৰ
শুদ্ধ চিত্ত কৰি পূজাৰো যে সময় আৰু নাই
সন্তাপিত মন মোৰ জ্বলে চিতাৰ তাপত।
----------------------------------------
সুনীল অমিয়
১২।১।১৬

ৰক্তক্ষৰণ
সুনীল অমিয়

এটাই জীৱনৰ
অনেক গোপন কথা
নিঃশব্দে সিঁচৰতি
হৈ থাকে অ'ত ত'ত……

কিছু কথা
মনৰ খাঁজে খাঁজে
কিছু কথাই
ৰূপালীম সপোন আঁকে
কিছু কথাই
অভিন্নহৃদয়ৰ হাত হৈ
পিঠিত বাগৰে……

থিয় দি আছোঁ
জীৱন নৈৰ ভৰুণ ঘাটত
ঘূৰি অহাৰ
অৱসৰ নাই হাতত……

দুখক ক্রুশবিদ্ধ কৰি
পি খাইছো হলাহল
ৰক্তক্ষৰণ
ৰক্তক্ষৰণ
লেতু-সেতু ধমনী……

এটা জীৱনৰ অনেক গোপন কথা
নিঃশব্দে হুমুনিয়াহ কাঢ়ে
চেলেকা-চুবুৰীয়া টোপনি গাৰুত……

১২/০১/২০১৬

------------------------------------------
দেৱাশীষ ঠাকুৰীয়া
January 11 at 12:12am

হেঁপাহৰ ঘৰ
________________________

হেঁপাহৰ ঘৰখনত বৰ অশান্তি
ঘৰৰ মূধচত বাহ সাজিছে ফেঁচাই,
চুকত কুমটিৰাণীৰ বাহ,
উঁই পোকে তুলিছে মাটি,
পিৰালিত পাৰ চৰাইৰ বিষ্ঠা!

কেঁচুৱাৰ কান্দোনত সাৰ পাই পৃথিৱী,
মদাহীৰ চিঞৰত শুই যায় ঘৰ!

ওচৰ চুবুৰীয়াৰ লগত দৈনিক কাজিয়া
এৰাল দিয়া ছাগলীয়ে হেনো
পিতাইৰ কবিডৰা খালে,
পুখুৰীৰ মৃতমাছবোৰ ওপঙি থাকে
আইৰ সন্দেহ কোনোবাই হেনো বিষ দিলে!

সৰু পিতাইৰ নুমলীয়া পোনাটিৰ অসুখ
গুহ্যদ্বাৰত হেনো ফোঁহা উঠিছে
ছিটিকি ফুৰে দিনটো,
আইতাৰ বৰ ভয়
কোনোবাই হেনো বিৰা জাপিলে তাৰ মূৰত!

কলি গাইজনীৰ গৰ্ভপাত হ'ল
এটা মৃত দমৰা
ককাৰ হিয়াভগা কান্দোন,
গাঁৱৰ সিমূৰৰ বিশ বছৰীয়া শত্ৰুৰ
হেনো মুখ লাগিল!

মাজু পিতাই আৰু ঘৈণীয়েকৰ দৈনিক কাজিয়া,
নহ'বনো কিয়!
মাজু পিতাই
মাষ্টৰণী বাইদেউক উঠাব লাগে নে চাইকেলত!

ভাইটিলৈও বৰ চিন্তা
চকীদাৰৰ জীয়েকৰ লগত হেনো তাৰ পিৰীটি;
ভন্টীৰ দৰা আইৰ নহয় পছন্দ
হ'বনো কিয়!
সৈনিকৰ চাকৰি
সৈনিক মানেই যৌৱনৰ মৃত্যু,
বিধৱা জীয়েকক পুহিবনো কেনেকৈ!

যোৱাকালি ডাঙৰ পিতাই ঘৈনীয়েকক দিলে
ফলা বাঁহৰ কোব,
নদী পাৰ হৈ ৰাতিয়ে গ'ল
মাকৰ ঘৰলৈ,
কি কাৰণত কোনেও নাজানিলে!

একমাত্ৰ পেহীজনীকো
যৌতুকৰ দাবীত শাহুমাকে চিপিলে ডিঙি,
নাঁভি নিছিঙা পুতেকৰ সৈতে
পেহীৰো স্থান মোৰ বাঁহৰ কোঠালি!

মই হ'লো ডাঙৰ পোনা
আই-পিতাইৰ বৰ মৰম,
ঘৰখন ধৰিব লাগিব হেনো মই
অহাবহাগত তাৰেই লৰা-ঢপৰা!

বৰ অশান্তি বুজিছেনে!

দেশৰ ৰাজনীতিতকৈ
মোৰ ঘৰৰ ৰাজনীতি গৰম
কাঁটাতাৰতকৈ কোনোগুণে কম নহয়
ঘৰৰ সীমাৰ বাঁহৰ বেৰ,
শত্ৰুৱে নিলেও নিয়ক দেশৰ মাটি
তথাপিতো এৰি নিদিওঁ পথাৰৰ মাটি,
বাংলাদেশীতকৈ এৰাল দিয়া ছাগলীলৈহে
এতিয়া বেছি চিন্তা!

বিসম্বাদৰ হেঁচাত মোৰ ঘৰতে ভূমিকম্প,
দেশ বচাম কেনেকৈ আপুনিয়ে কওঁক;
ঘৰতকৈ জানো দেশ ডাঙৰ!

যায় যদি যাওঁক দেশ ৰসাতলে
যাব নিদিওঁ ভেঁটিৰ মাটি,
উছন পৰিলেও পূৰ্বপুৰুষৰ স্মৃতি
তাৰে ধান খাব লাগিব সাতপিৰি!

-------------------------------------------------------

Prabhakar Sarma Neog
১২।১।১৬
Walking
=======
I walk-
In the deep dark alleyes
On the sandy beaches of great oceans
Day or night.

Distant dreams nor sadness
Can touch me no longer
Past those summers or spring
I walk.

I love my lost footsteps no more
Bright mornings can't wake me up
I don't even desire an evening of glorious colours
I don't need a name anymore.

On the lane of unfulfilled memories
I walk, walk,
And walk.
--------------------------------------------------

Kalyani Barman
১২।১।১৬

# সীমান্তত ৰোৱা সপোনৰ ডায়েৰী #

~ কল্যাণী বৰ্মন

(1)
এমাহ ,দুমাহ ....
পাৰ হৈ গ'ল বহুমাহ
তথাপিও নহ'ল কথাবোৰ কথা

মই পাৰ কৰিছো
শতিকাজুৰি বহু নষ্ট সময়
পাৰ কৰিছো
বৈষম্য আৰু বিভেদৰ
বহু ৰঙা জুই

সকলো মিথ্যা 'সাম্যতাৰ শ্লোগান '

প্ৰাচীৰৰ মাজত নহ'লেও
বন্দী কৰি ৰাখিব পাৰে
মানুহে মানুহক বহু যুগ ধৰি

বহুজন গ'ল নিজ নিজ পথেৰে
বহুজন ব্যস্ত নিজ নিজ ঘৰ-বাড়ীত ...

বহু পলমকৈ সলনি হয় মানুহৰ চিন্তা
সেয়ে ধীৰ গতিত হয় সমাজৰ বিকাশ

(2)
এতিয়া ভৰদুপৰ
আহি আহি শেষ সীমান্তত সপোনে জিৰাইছে
এয়া কি ?
আক'উ বৈষম্য ,বিভেদৰ কাঁইটীয়া বেৰ
বেৰৰ সিফালে তেওঁ ,ইফালে মই

বৰ দীঘলীয়া ৰক্তাক্ত সময়...

ৰৈ ৰৈ ভাগৰি যায় দিন-ৰাতি
বতাহ-বৰষুণ ,শীত-তাপ সকলো

হাতখন পোখালতে
পানীটুপি পীবলৈ যাওঁতে
পানীয়েচোন নুসোধে "তুমি কোন বুলি ?"

ইমান শীৰ্ণ মানুহৰ মনবোৰ !

(3)
' মাই নেম ইজ খান
আই এম নট টেৰৰিষ্ট '

"ৰেজুৱান খান"ৰ (অভিনেতা: শ্বাহৰুখ খান) দৰেই
তেওঁ বিচাৰি ফুৰিছে
জীয়াই থকাৰ অধিকাৰ
সপোন পুৰা কৰাৰ অধিকাৰ

জন্মৰো থাকে বহু যন্ত্ৰণা
অধিকাৰো কেতিয়াবা বঞ্চিত হয় কৰ্ণৰ দৰে ...
নিদাৰুণ হয় পিতা-মাতা

' মই তোমাৰ পুত্ৰ পিতা
জন্মসূত্ৰে মই ক্ষত্ৰিয় ,
কোৱা তুমি পিতা
মই সনাতনী হিন্দু '

(4)
গ্ৰাসিত সূৰ্য ,চন্দ্ৰ
গ্ৰাসিত জীৱন কুণ্ডলী

মই উশাহবোৰ এৰি দিওঁ বতাহত
বতাহে বোৱাই নিয়ে ক'লৈ নাজানো

মই শেষ হৈ যোৱা নাই
মই হাৰি যোৱা নাই
"দশৰথ মাঝী"য়ে পত্নীৰ মৃত্যুৰ পিছতোচোন
অকলেই পাহাৰ কাটি ৰাস্তা উলিয়াই ।

-------------------------------------------
জয় বিৱেকানন্দ
============

বীৰ সেনাপতি তুমি বীৰেশ্বৰ
বিবেকানন্দ তুমি জগতৰ
সমন্বয়ৰ বতৰা কঢ়িয়াই
সাধিলা কল্যাণ তুমি সমাজৰ

জাত-পাতৰ ভেদাভেদ আতৰাই
চণ্ডাল-মুচি-মেথৰক বুলিলা ভাই
প্রেমেৰে বিশ্বজয় কৰিলা তুমি
পৰমহংস গুৰুৰ আশিষ বোৱাই

প্রাচ্য-পাশ্চাত্যক একাকাৰ কৰি
সনাতন ভাৰতক তুলিলা ধৰি
পৰাধীন দেশক স্বাধীনতাৰ মন্ত্র
দিলা যুবাশক্তিক উজ্জীৱিত কৰি

আজিৰ ভাৰতৰ হোৱা সাৰথী
মনৰ তমসাৰ আন্ধাৰ গুচাই
জন্মদিনৰ শুভলগনত প্রণিপাত
প্রতি অন্তৰত তুমি লোৱা ঠাঁই

- জ্যোতিষ ( ১২/০১/২০১৬)
-------------------------------------------------------------------
Kaushik Baiswas
১২।১।১৬
সুৰবোৰ
------------
কুলুকুলু নিজৰাৰ বুকুৱেদি
ৰঙা বেলিৰ টুকুৰাবোৰ
ঠেকা খাই
আহে বাগৰি

সুৰ যেন
লাস্যময়ী নাৰী

কাষতে কলচী

গভীৰ অৰণ্যত
কাণ উনাই বহি থাকে
চকু দুটা মুদি
দুভৰি
মেলি

বেলিৰ টুকুৰাবোৰ
সুৰ হৈ আহে
বাগৰি

গৰ্কীক অগোচৰে
নাঙঠ মুনিৰ
অট্টহাস্যৰ প্ৰতিধ্বনি

সুৰ হৈ
নিগৰি

চলি যায় গাড়ী
ঠেৰেঙা লগা সুৰবোৰ
কুঁৱলি হৈ
ফুৰে ওপঙি
---------------------------
------------------------------------------------
হাৰুণ অল ৰছিদ
January 17 at 11:56am

কবিতা কাননৰ কথাবাৰ্তা::

আজি শিল্পীদিৱসত মহান শিল্পী জ্যোতি প্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধাৰে সোৱঁৰিছো..

আলোকৰ যাত্ৰী
###########

তোমাৰ লিহিৰি প্ৰেমৰ ভাষা মই
কিদৰো বুঁজো
নুবুজা সপোনৰ সাথঁৰ গোপনে হিয়াত
কিদৰো গোঁজো

ৰৈ ৰৈ চোন ভাগৰিল বেলি
সোমাই আহিল এজাক ধূলি
প্ৰতিটো গধূলি

ধূঁৱলী কুঁৱলী এতিয়া
ফু এটা মৰা দূৰৈত থকা
তোমাৰ পদূলি

ৰুপহ কোঁৱৰৰ চুমা পৰশত
সৰে জানো এতিয়া
লাজুকীলতাৰ লাজৰ ওৰণি
বিলত হালে জালে জানো
গোলাপী হাঁহিলৈ ধুনীয়া পদুমী

তথাপিও বাজি আছে তোমাৰ বাঁহিৰ সুৰ
হিয়াত ৰিণি ৰিণি

থাকিলেও থাকক আমাৰ মাজত
সেঁউতাফলা আলি কেঁকুৰি
ঢেকীয়া ফুলাৰ বতৰত
উজ্বলীব আমাৰ চুবুৰী

এতিয়া তুমি গোপনে সাঁচি ৰাখা
তোমাৰ হিয়াৰ হেঁপাহৰ মাজুলী

মোৰ দেশৰ লোকযে বৰ অসুখী
তোমাৰ জ্যোতিৰেই
উদ্ভাষিত হওক
প্ৰতিটো সুপ্ত মনৰ বিজুলী।।
-----------------------------------------------
Jyotish Kumar Deb
January 15 at 11:01pm

মোৰ উৰন
=========
চিলা উৰাই পোৱা নাই মই
উৰি ফুৰোঁ মই নিজে সিহতৰ লগতে
ডেউকা মেলি অসীম আকাশক ধিয়াই
সপোনৰ দেশৰ অঞ্জন চকুত লগাই

মই যেন দিগন্তৰ পাৰৰ খঁহি পৰা এটি পপীয়া তৰা
ফিনিক্সৰ দৰে জী ওঠো দুনাই
চিনাকি সুৰৰ আৱাহন পাই

সপোনৰ দিখৌ নৈৰ ঢৌত উপঙি ফুৰোঁ
সপোনক আজুৰি আনি দিঠকত সাঙৰোঁ
আৰু গাই যাওঁ গীত সুনীল গগনৰ

নীলিমৰ নীলা সাগৰে মোক দিয়ে আশ্বাস
উপঙি ফুৰা যাযাবৰ মেঘবোৰে উভটাই বিশ্বাস
আছে মোৰ বাবে আছে
মহাশূন্যৰ বুকুতে কৰবাতে
এটি আপোন ঠাঁই

দুখৰ আলসুৱা কুৱলীয়ে আৰু নোৱাৰে
মোক লেটাৰ দৰে আৱৰি ৰাখিব
কলুষতাৰ ক'লা ধূৱাখিনিয়ে ঢুকি নাপায়
মোৰ চেতনাৰ গভীৰত থকা মৌনতাক

আৰু তেনেকৈয়ে লওঁ মই নিতে সপোনক আদৰি
মোৰ এই অনির্দিষ্ট কিন্তু নিয়মীয়া উৰনক

- জ্যোতিষ (১৫/০১/২০১৬)
--------------------------------------------------------------
Jyotish Kumar Deb
January 15 at 9:04pm

দুৱাৰখন
===============
দুৱাৰখনৰ সিপাৰে শতাব্দী প্রাচীন জড়তাৰ নিষেধাজ্ঞা
দুৱাৰৰ সমুখত কান্দে অর্ধেক আকাশৰ অসহায় মানৱতা
বৰপেটাৰ নিষ্প্রাণ দুৱাৰখনি অলৰ অচৰ প্রথম দিনৰ পৰা
নিষ্ঠুৰতাৰ কাঠেৰে গঢ়া দুৱাৰখন অথচ ইমান ধুনীয়া

- জ্যোতিষ ( ১৪/০১/২০১৬)
---------------------------------------------------
Jyotish Kumar Deb
January 15 at 8:30pm

সঙ্গপিয়াসী মৃত্যু
===========
মৃত্যু অকলে নাহে
হাত ধৰাধৰি
সখিয়তি সিহতৰ
খোজ দিয়ে ঘোপে ঘাপে
নিঃশব্দ চলন
অনাহত সঞ্চৰণ

মৃত্যুয়ে বিচাৰে লগৰী
টানে আপোন জনক
শোচৰা বেমাৰ হৈ
বিয়পে তেজৰ শিপাৰে
অবাঞ্ছিত জীৱনক
বিপর্যস্ত কৰি
থাপে নিজৰ অধিকাৰ

মৃত্যু নহয় সাউদ
দৰদাম নামানে
অপ্রতিহত বেগী
অমোঘ কর্মকুশলী
নিস্পৃহ নিৰুদ্বেগ

মৃত্যুৰ নখৰাঘাতে
বিষালে সমাজ
দুষিলে সভ্যতা
লক্ষণ সংক্রমণৰ
মাথোঁ অপেক্ষা
সন্ধিকাল নির্মূলনৰ

- জ্যোতিষ ( ১৫/০১/২০১৬)
Prabhakar Sarma Neog
January 14 at 7:02pm

উৎসবৰ দিনত
=========
মই বৰ নিঃসংগ বোধ কৰোঁ
উৎসবৰ দিনত।

মোৰ বন্ধু ক্ষুধা আৰু দুখ-
মোৰ সীমিত ক্ষমতাৰে মই ভাগ ল'ব নোৱাৰোঁ
তোমালোকৰ উদ্‌যাপনত
মোৰ দুখীয়া মনৰ এটা কোণত ভাঁহি থাকে
মোৰ পোণাকেইটাৰ আশাভৰা চকুবোৰ
আৰু মানুহজনীৰ এটোপাল চকুলো।
হতাশাৰ দুখে ঢাকি ধৰে মোৰ দুখে কোঙা কৰা মন-
মাঘৰ শীত হৈ।

মই অকলে অকলে জুপুকা মাৰি বহি থাকোঁ
আঙুলিৰ ফাঁকেৰে সৰকি পৰা জীৱনৰ গতানুগতিকতা গণনা কৰি।

সেয়ে মই নিঃসংগ
আজি এই উৎসবৰ দিনত।
------------------------------------------
Prabhakar Sarma Neog
January 15 at 6:33pm

My Secret Lover
==============
Oh she is beautiful
Eyes intoxicating
A pair of innocence
Blinking gently as I put my eyes on hers.

Her touch!
An experience of mellow softness
An odyssey of indulgence
Coudling on my lap.

A laminer flow her body
Purring in my arms,
When I return home at the end of the day
Oh my heart leaps to her
And I run to hug her
When she greets me with her "MEOW!"

(What else were you thinking, you dirty mind?)
--------------------------------------------------------------------
Tilak C Nath
January 15 at 10:16am

■বিৱৰ্তনৰ গান■
.
....তিলক চন্দ্ৰ নাথ।
.
কবিতাৰ সেউজীয়া গোন্ধ
বিয়পি যাওঁক সৰ্বত্ৰ
.
দুচকুত উদ্দীপ্ত সূৰুযৰ ৰাঙলী আভা
বিপৰ্যস্ত সময়ত সন্ত্ৰাসবাদীৰ
হাত বোমাটোৰ দৰে গুমগুমনি
কলিজাত আশাবাদী সেউজীয়া মন
.
বিস্ফোৰণত ওলমি ৰওঁক
ত্ৰাসৰ প্ৰাচীৰ
.
ক্ষৰিত তেজৰ কৰাল ভেদি
উন্মীলিত হওঁক
বাল্মীকি জন্মৰ ইতিহাস...
বিয়পি যাওঁক চৌদিশে
কবিতাৰ সেউজীয়া গান।
---------------------------------------------------------------------
Manohar Dutta
January 14 at 6:02pm

নিসংগতাৰ সংগঃ

তেওঁ কথাবোৰ কিদৰে ভাবে
কবিতাবোৰ কিদৰে ৰচে
শব্দবোৰ কিয় ভালপায়
জীৱনৰ কথা ক'লে
কিয় তেওঁক বিপ্লৱী বুলি কয়
তাৰ কোনো নিয়ম হয়তো নাই।

হয়, তেওঁ কথাবোৰ ভাবে
কবিতাবোৰ ৰচে
শব্দবোৰ ভালপায়
জীৱনৰ কথা কয়
নিসংগতাক বুজিবলৈ যত্ন কৰে।

আয়োজনবোৰ কিয় বাৰু?

তেওঁ কেতিয়াবা সোধে।

তেওঁ ভাবে যে জনসমুদ্ৰতো
আমি একাকীত্বত ভোগো
আৰু তাকেই নাকচ কৰিবলৈ
আয়োজন কৰোঁ বজাৰ সৰ্বস্বতা
উৎসাহ উদ্দীপনা।

উৎসৱৰ ওলগ বিলাই বিলাই
ৰঙীণ কৰিব খোজো আমাৰ চৌপাশ।

অথচ আমি প্ৰত্যেকেই জানো
আমাৰ সাৰথি, আমাৰ প্ৰেম, আমাৰ সংগ্ৰাম
নিসংগতাৰেই আবৃত্তি মাত্ৰ,
প্ৰতিটো ক্ষণতে আমি উঠা-বহা কৰোঁ
নিসংগতাৰ সৈতে।

আপুনি বা মই মানো বা নামানো
আমাৰ জীৱন এতিয়া একো একোটা
নিসংগতাৰ প্ৰতীক।

আচৰিত কথাটো হ'ল
তেওঁ যেতিয়া নিসংগতাৰ কথা কয়
কিবা এক সংগ বিচাৰি পোৱা যায়।

সেয়াও যেন এক সংগ জীৱনৰ
নিসংগতাৰ সংগ।

১৪ জানুৱাৰী ২০১৫
-------------------------------------------------
প্ৰাঞ্জল আবিৰ দাস
January 14 at 11:18pm

তুমি শীতৰ শেওঁতাৰে নামি অহা
হেঁপাহৰ এচাটি নিয়ৰ

মোৰ উৰুঙা পথাৰত
শুকান নৰাত লাগি থকা
এখন হৃদয়…!!!!
-------------------------------------------------
Jyotish Kumar Deb
January 14 at 10:31pm

উৰুকাৰ হেঁপাহ
===========

সকলো আছিল সকলো আছে
গীত মাতৰ লয় লাসে
মই মাথোঁ এভাগ নাপালো
ৰৈ গলোঁ দূৰ প্রবাসে

ভোগালী আহে বছৰেকত
উৰুকাৰ ভোজ ভাতেৰে
দূৰনিবটীয়া ঘৰলে আহে
ভাগ লবলে উলাহেৰে
মোৰে ভৰিৰ বান্ধ নিচিঙিল
চাই ৰ'লো হাবিয়াসে !

বায়েকহঁতে সৌ দিয়ে চাপৰি
অশ্বিনী ঢুলীয়া বায়ন
চাই চাই মোৰ দূৰৰে পৰা
গীত গাবলে যায় মন
পুৱা কেতিয়া মেজি পুৰিব
ভাবো তাকে দীর্ঘশ্বাসে !

অকণি বা'ই আগৰ দৰেই
হাঁহেনে প্রতি কথাতে
মুন্নাই বাৰু বিদেশৰ পৰা
আহি পালে নে তাতে
মোলৈ বাৰু কোনোবাই মনত
আনিলে নে মাতৰ আভাষে !

- জ্যোতিষ ( ১৪/০১/২০১৬)
-----------------------------------------------------------------

Jyotish Kumar Deb
January 14 at 9:58pm

গেনা ম’হৰ যূঁজ
===============
বিৰিনা বনত গেনা ম'হৰ ৰণ
নাই তাতে সাৰ ভাগ
মাথোঁ চলে আলোৰণ

গহীনা ম'হৰ খোজ কাটল
চমজদাৰীৰে গহীন
চেঙেলীয়া ম'হৰ থিয় জাপ
একো অর্থ মানে হীন
কিহৰ কাজিয়া চাপৰিতে
জানে নে কোনো জন

কৰচি দাঁত গৰজি আছে
ক্ষুৰেৰে উৰাই ধূলি
ইজনে সিজনক দেই দিওতে
নাকৰ পটা গলে ফুলি
ৰং চাই আছে চৌকাষতে
পমুৱা জনগণ

- জ্যোতিষ ( ১৪/০১/২০১৬)
-----------------------------------------------
সুনীল অমিয়
January 14 at 1:41pm

বৃষ্টি-আহ্লাদ

মইতো তো সন্ন্যাসী নহওঁ
আছে এখন চোতাল
আছে মাটিৰ জুহাল
ইচ্ছাৰ চাউল দি
ৰান্ধিম ভাত
সেয়ে জুই জলাওঁ

“মই আজিও মেঘকে ভালপাওঁ-…”
যেতিয়া বৰষুণ পাওঁ-
বৃষ্টিক খোচনিত ভৰাওঁ
একেলগে খাম বুলি
এসাঁজ ভাত
তোৰ কাষলৈ বাট পোনাওঁ
-----------------------------------------------
Sangeeta Medhi
January 14 at 4:54pm

ৰাপছাংছিনি

ভোকৰ ঘন দেৱালত
ওলমি ৰোৱা ভোগ নামৰ ফলকখন
সোলকাই থ'লো
দীঘল তালিকাখন
চেঁচা জেপৰ পৰা
উলিয়াই আনোতে
পেট পকাই গ'ল
দৰদামত ভোগালী নিমিলে
মেজিত বুকুৰ উম
ওভতনি খোজত
ৰাপছাংছিনি
ৰাপছাংছিনি
শুহি লৈ যা ভোকটো

আয়ে দিয়া চোলাটোৰ
শোক আঁতৰক ৷

~ৰাপছাংছিনিৰ এক্যতানে 'ভোক' আৰু 'ভোগ'ৰ মাজৰ সাঁকোডাল বান্ধি পেলাওক তাৰেই কামনাৰে মাঘবিহুৰ ওলগ যাচিলো ৷
- সংগীতা মেধি ৷

ৰাভা ভাষাৰ 'ৰাপছাংছিনি' শব্দটোৰ অৰ্থ - সমন্বয় ৷
-----------------------------------------------------------------
চন্দ্ৰামিতা পৰাশৰ
January 13 at 1:01am

|| অমৃত ৰাগ ||

কোনে জানে

কিমান চৰকাৰী আঘাতত
ৰাইজৰ শুকান কণ্ঠত বাজে
বিপ্লৱ.....বিপ্লৱৰ সুৰ

কিমানজন দৰিদ্ৰভাইৰ তেজ শুকালে
এডৰা মাটিত থিয় দিয়ে
টু..বি.এইড্চ .কে ৰ সুউচ্চ দালান
বা
কিমান ভোকৰ ৰাতিৰ অন্তত
ঘৰ এৰি ওলাই যায়
একোজনী গাভৰুভনী
নীলা পোহৰত হালধীয়া পাত বিচাৰি
*
আমি
শান্তমানুহৰ দৰে
সহজভাবে কওঁ
যোৱাৰাতি হেনো
আকৌ উদ্ধাৰ হ'ল
গলিত অৱস্থাত
এটা অচিনাকি মৃতদেহ
দীপৰ বিলৰ সমীপত
অথবা
সমাজ সচেতন
ব্যক্তিৰ ভাওত
নাক কোচাই কওঁ
আজিকালি
বাতৰি বিলাকত ভাল খবৰ নহা হ'ল
*
কোন কুকুৰে কয়
আমি অশিক্ষিত এলেহুৱা… জাতি

আমাৰো আছে সহানুভুতি
বৃদ্ধাশ্ৰমত ভিৰ কৰা মানুহজাকলৈ..

স্বতঃস্ফুত গালি ওলাই
পলিথিনত পোৱা নৱজাতকক দেখিলে

নিতৌ পাতোঁ
ভাল দিনৰ আঁচনি
তিনি আলিৰ আদ্দাত

কিন্তু
নীৰবে সহোঁ
আইৰ তিৰস্কাৰ
মাইবাপ মুখ্যমন্ত্ৰীৰ `আচাম আচাম ´
ভাষণ..

কাৰণ
আমাৰ গাত আছে
লাচিতৰ তেজ
জয়মতীৰ দেশৰ
মানুহ আমি
সন্মান কৰিব জানো
বাপুক
অহিংসা পৰম ধৰ্ম.
আমাৰ
হাই কাজিয়া আন্দোলনে
আমাক শোভা নেপায়
*
"One man can make different "
চিনেমা'ৰ ডায়লগ
আমি সেইবিলাকত নাই

বিহুৰ বতৰ...
কাইলৈ উৰুকা
পৰহি বিহু
আইজ' কলিজা
দেশ দুনিয়া
তহঁত কিছুদিন
নিলগত থাক/
©চন্দ্ৰা.
-----------------------------------------------------
হাৰুণ অল ৰছিদ
January 14 at 11:13am

আটাইলৈ উৰুকা তথা ভোগালী বিহুৰ শুভেচ্ছা জনালো ভোগালীৰ কিছু চিন্তাৰে..

**************************

ক'ত হেৰাল হেঁপাহৰ উপচা উলাহ
হিয়াৰ চুঙাত আজি উৰুঙা উশাহ

'মহঙা দিন
সুখৰ ভোগজৰাৰ উদং তলি'
কলিজাত কাজল সানি সৰি পৰে
এসাগৰ হুমুনিয়াহ

গধুলি হ'লেইচোন মনবোৰ
হৈ পৰে কাঠ আলু লেখিয়া
সহজে নিসিজা
একো একোটা
শোকৰ প্ৰস্তাৱ প্ৰতিদিন
হিয়াত বিষাদৰ চিয়াহিৰে লিখা

বুকুয়ে বুকুয়ে বাজি ৰয়
সন্দেহৰ ঢেঁকীৰ চাব
বাখৰুৱা ডেকাবোৰনো কেনি গ'ল
আৰু গাভৰুৰ গোলাপীয়া মন

ভুৰকাত ভৰাই থলে নেকি
উৰুকাৰ জেওঁৰা ভঙা মন
বিলাতিত ৰাগিত উটি গ'ল
মেজিৰ হালধীয়া উত্তাপ,
সঘন

কোঙা হৈ পৰিল জুহালৰ কৌশলী হাত
আঙুলিবোৰ জিৰালেহি
মায়াবী 'ইন্টাৰনেটৰ' ছাঁত

উদং পথাৰ উদং ভৰাঁল
উদং আজি মনৰ চোতাল

জোনাক ফুলেৰে ভৰক বা নভৰক
আকাশ
আনি দিয়া এআকাশ নীলা

সৰু সৰু পজা, সৰু সৰু মন
সৰি পৰক দুখৰ ভৰ
এপিয়লা নীলাৰেই সাজো
তোমাৰ আমাৰ মনৰ
হেঁপাহৰ ভেলাঘৰ।।
--------------------------------------------------
Ranjan Borman
January 15 at 9:33am

।।পোহৰৰ দেশৰ যাত্ৰী।।
.
---ණ ৰঞ্জন বর্মন
.
কোনে বজালে সেই আৱাহনী সংগীত
যাৰ স্বৰ
জিলীৰ মাতকৈ তীব্ৰ
পৰিবৰ্তনৰ।
.
কোনে ফু দিলে সেই প্ৰত্যুষ বাঁহীত
যাৰ সুৰে
তিমিৰ ৰাতিৰ বুকুত পাৰি দিয়ে
পোহৰৰ দলিচা।
.
বাট হেৰুৱাই ঘোপমৰা আন্ধাৰত
ঘূৰি ফুৰোতে
হঠাৎ শুনিলোঁ সেই স্বৰ, সেই সুৰ
মোৰ তেজত তিৰবিৰাই উঠিল এহেজাৰ এটা তৰা।
.
আন্ধাৰৰ অৰণ্য নাশী
আমি পোহৰৰ দেশৰ যাত্ৰী।
------------------------------------------------
Dilip Koushik
January 14 at 8:28am

পানীটেঙা
০০০০০০০০০০

সাউতকে সাতচল্লিশটো
বাষষ্ঠি হৈ গ'ল
দৌৰা-দৌৰি লাগি গ'ল
ভিতৰে - বাহিৰে

বিয়াল্লিশটোৱে চেলেকিল
জন্ জনাই গ'ল বুকুখন !!
-----------------------------------------------------------------
Lochan Kaushik
January 13 at 7:35pm

বিষয় : প্ৰেম আৰু ৰেচন কাৰ্ড
…………………(লোচন কৌশিক)
.

বন্ধুবোৰে কয়-
ৰেচন কাৰ্ড হাতত লৈ
সদায়-সদায় কলৈ যোৱা !
তেওঁলোকেতো নাজানে
ধোঁৱাৰ আৱৰণে ঢাকি ধৰা এই হৃদয়
অন্নৰ দোকানত বিচাৰি ফুৰিছে
কোমলীয়া ৰ'দ এজাক !
এই ধোঁৱাৰ আৱৰণতে খহিল
ক'ত মায়াবী ৰাতিৰ কোমলীয়া ৰ'দৰ কিৰণ
.
এৰা, হালধীয়া কাগজতে মই ডুব যাওঁ
তুমি আৰু তুমিহীনতাৰ মূৰ্ছনাত
এই মূৰ্ছনাতে
কিমানবাৰ গলিল জোন
উন্মাদ হ'ল কিমান নদী !
.
হিচাপবোৰ আছে……
আছে হিচাপবোৰ
বন্ধু ! যোৱা বিচাৰি আনা
মোৰ প্ৰাচীন কন্ঠস্বৰ !
.
সপোন দেখোঁ
তুমি তুমি তুমি
ৰেচন কাৰ্ডত উৰি থকা এটি চৰাই
ডেউকাত মোৰ মায়াবী ৰাতিৰ
কোমলীয়া ৰ'দৰ কিৰণ ……!!!
--------------------------------------------------------
Jyotish Kumar Deb
January 14 at 9:05am

ভোগালীৰ নিমন্ত্রণ
=============
আঘোনৰ খেতিৰে আগ ধান
থলোঁ যতনাই
মাঘৰে মেজি ভাত খাবলে
ভোগালীক ধিয়াই
খেতি হ'ল চপোৱা ধাননীৰ প'ৰা
ধান খেৰ আনি
ভেলা ঘৰ বান্ধিলোঁ পথাৰত
অতি কৈ শুৱনি
চুঙা পিঠা খাওঁ বুলি থলোঁ
বাঁহৰে পাব
তিল পিঠাৰ বৰা চাউল কুটিবলে
ঢেঁকীৰে চাব
তিল লগে নাৰিকল আৰু লাগে গুৰ
লাৰু বনাবলে
আটাইলৈ শুভেচ্ছা আৰু নিমন্ত্রণ
ভোগালী বিহুলে

- জ্যোতিষ ( ১৪/০১/২০১৬)
------------------------------------------
Pranjal Barman
January 13 at 12:34pm

ভোগালী নাহে কেকেৰীকুছিলৈ...
----------------------------
(১)
ভোগে ভোগজৰা হৈ আকৌ আহিল ভোগালী
বোপাই অ’, তিনিটকীয়া চাউলখিনি আছেই
কণীকেইটা বেচি পাৰিলে আনিবি এপোৱামান মাংস
ৰাইজখনে ৰং মেলিছে
ম’হৰ ধাৰাল শিঙত বিৰিঙি উঠিছে তেজ!

(২)
ভোগে ভোগজৰা হৈ আকৌ আহিল ভোগালী
এইটো লওঁক, টাটকা আছে
কিলোই মাত্ৰ বাৰশ
ধৰফৰাই ধৰফৰাই
আঙুলিৰ ফাঁকত ওলমি ৰয়
তমালেৰে কাণ বিন্ধোৱা এটা জীয়া চিতল!

(৩)
ভোগে ভোগজৰা হৈ আকৌ আহিল ভোগালী
চৰকাৰী কম্বলেৰে ঢকা
সমাজ বিবৰ্তিত আধাপেটীয়া অথৰ্ব আত্মাৰ কথক
ফটা কাপোৰৰ উমত ভুৰুকাই থ পেটৰ ভোক
মন্দিৰলৈ কাইলেহে আহিব
ভোগালীৰ ভোগত মাতাল আজি ঈশ্বৰ!

(৪)
ভোগে ভোগজৰা হৈ ভোগালী নাহে কেকেৰীকুছিলৈ
’৯৮ৰ তেজ বতিওৱা ৰাতিটোৱে
আজিও উৰুকাৰ নিশা আকাশ কঁপাই
একুৰি গঞাৰ মৃতদেহ উঠি আহে শ্মশানৰ পৰা
মেজি নজ্বলে, চিতাৰ ধোঁৱাই আকাশ ছানে

(৫)
ভোগে ভোগজৰা হৈ ভোগালী নাহিল
পাহোৱাল বুকুত গুজি লৈ বত্ৰিশটা বুলেট
চৰকাৰী জীপত চিতভলঙা খাই
শ্বহীদৰ তালিকাত নাম লগাই
দাদা উভতে ঘৰলৈ
পদূলিমুৰত ভিৰ কৰে আথাউনি সন্তাপ...

(৬)
ভোগে ভোগজৰা হৈ আকৌ আহিল ভোগালী
খবৰ কাগজখন আনছোন অ’ আই
কেনে আছে মোৰ ল’ৰাটো
জংঘলত পাইনে চুঙা পিঠা, তিলৰ লাড়ু
পায় নে খাটি ম’হৰ দৈ
আজিও এপাক নাচেনে সি
হেঁপাহৰ ভোগালী বুলি...
------------------------------------------------------------
Tilak C Nath
January 13 at 1:49pm

■মেজিৰ জুইত তপতাম হিয়া■
.
.........তিলক চন্দ্ৰ নাথ।
.
ভোগৰ মেটমৰা এসাগৰ বাসনা লৈ
ভোগালী আকৌ পালেহি নঙলামুখ
মাঘৰ পদূলিত উৰুকাৰ ৰং সানি।
.
পাটকাই বগাই অহা স্বৰ্গদেউ দিনৰে
মাঘৰ এই ভোগৰ সোণালী সুদিন !
আজিও চলিছে লঠঙা নৰাণিত
উৰুকাৰ মেটমৰা বাসনাৰ এসাঁজ
.
হেঁপাহৰ ভোগজৰা উছাহত
ভোগৰ সুখে পোহাৰ মেলেহি তাত।
.
সম্প্ৰীতিৰ এবুকু স্নেহৰ আকুলতাত
হেঁপাহৰ ওখ টিং বগাই
সেৰেঙা সন্ধিয়াৰ শীতাৰ্ত বুকুত
ঢেকী বানে কলিজাই
ঘনচিৰিকাই কুটা কঢ়িয়াই
গীত জুৰেহি প্ৰেমৰ
শীতৰ নিয়ৰ সনা দুবৰিত
বাট আঁকি থৈ
বুকুত বাজে ভাল পোৱাৰ
ঐনিতম এফাঁকি
চকুৰ পিয়াহ,মনৰ উছাহৰ
স্নেহৰ আকুল ঘাটত
বিহুৰ উমাল পৰশ
সোণগুটি চপাই
ভোগালীক আদৰাৰ বুকুভৰা উলাহ
মেজিৰ দৰেই গগণচুম্বী হেঁপাহ।
.
হেঁপাহৰ ভোগালীৰ বানবাতি উপচাই
বৰভোজৰ উজান উঠেহি তাত
ঢেকীৰ গুমগুমনিত
উখল-মাখল আইৰ আখল
হাতৰ যাদুত প্ৰাণ পাই উঠেহি
জলপানৰ জুতিৰ উজান
বুকু জুৰি বয়
হেঁপাহৰ ভোগজৰা উছাহৰ নৈ
.
দাউ দাউকৈ জ্বলি উঠা
মেজিৰ জুইকুৰাত
সেকি লৈ উৰুখা কলিজা
উমাল কৰিম হিয়া।
জুয়ে পুৰি নিয়ক সকলো অসূয়া
মেজিৰ জুইত পণ লৈ তপতাম
সম্প্ৰীতিৰ বাসনাৰ উন্মনা হিয়া।।
_________________________________
Dipali Bora
January 14 at 6:27am

ভোগালী
………………

ভোগৰ সোণালী সুদিন
তোমাৰ বাবে প্ৰতিদিন ৷

মোৰ পথাৰত পবালি পবালি
ঘনকৈ গজা ভোকৰ গজালি ৷

আহাঁ, এবাৰ চাকি চোৱাচোন
মোৰ ভোকৰ ভোগালী ৷
------------------------------------------------
Lochan Kaushik
January 13 at 6:34pm

সন্ধ্যাৰ খোজৰ শব্দ
……………………(লোচন কৌশিক)
.
কি আছিল
সেই সন্ধ্যাৰ খোজৰ শব্দত
প্ৰিয়তমাক পোৱা-নোপোৱাৰ সুৰ !
.
ঘনীভূত সন্ধ্যাৰ সুৰত
মোৰ মনৰ ইজেলত অঁকা হৈছিল
প্ৰেমৰ প্ৰথম পাহ গোলাপ !
.
তোমাৰেই যেন সেই মিঠা ৰাগ
দুবৰিৰ বুজা-নুবুজা গান
ছটিয়াই গলা মোৰ দুচকুত
পোৱা-নোপোৱা হেঁপাহৰ বিচ্ছুৰিত বৰ্ণালী
.
সেই সন্ধিয়াৰ খোজৰ শব্দত
তুমি সৰিলা
মোৰ প্ৰাচীন প্ৰেমৰ হাড়ে-হাড়ে
মিঠা-মিঠা নিয়ৰৰ দৰে
তোমাৰ ওঁঠত
মই ছটিয়াই দিলোঁ
আবেগিক কিছু কুঁৱলী
তুমি ছটিয়াই গ'লা ৰঙ
সন্ধ্যাৰ খোজৰ শব্দে-শব্দে
.
সন্ধ্যাৰ খোজবোৰ নিৰৱ হ'ল
মই বিচাৰি গলোঁ তোমাক
জোনাকৰ মাজে-মাজে……!!!
--------------------------------------------
Kalyani Barman
January 12 at 5:55pm

# সীমান্তত ৰোৱা সপোনৰ ডায়েৰী #

~ কল্যাণী বৰ্মন

(1)
এমাহ ,দুমাহ ....
পাৰ হৈ গ'ল বহুমাহ
তথাপিও নহ'ল কথাবোৰ কথা

মই পাৰ কৰিছো
শতিকাজুৰি বহু নষ্ট সময়
পাৰ কৰিছো
বৈষম্য আৰু বিভেদৰ
বহু ৰঙা জুই

সকলো মিথ্যা 'সাম্যতাৰ শ্লোগান '

প্ৰাচীৰৰ মাজত নহ'লেও
বন্দী কৰি ৰাখিব পাৰে
মানুহে মানুহক বহু যুগ ধৰি

বহুজন গ'ল নিজ নিজ পথেৰে
বহুজন ব্যস্ত নিজ নিজ ঘৰ-বাৰীত ...

বহু পলমকৈ সলনি হয় মানুহৰ চিন্তা
সেয়ে ধীৰ গতিত হয় সমাজৰ বিকাশ

(2)
এতিয়া ভৰদুপৰ
আহি আহি শেষ সীমান্তত সপোনে জিৰাইছে
এয়া কি ?
আক'উ বৈষম্য ,বিভেদৰ কাঁইটীয়া বেৰ
বেৰৰ সিফালে তেওঁ ,ইফালে মই

বৰ দীঘলীয়া ৰক্তাক্ত সময়...

ৰৈ ৰৈ ভাগৰি যায় দিন-ৰাতি
বতাহ-বৰষুণ ,শীত-তাপ সকলো

হাতখন পোখালতে
পানীটুপি পীবলৈ যাওঁতে
পানীয়েচোন নুসোধে "তুমি কোন বুলি ?"

ইমান শীৰ্ণ মানুহৰ মনবোৰ !

(3)
' মাই নেম ইজ খান
আই এম নট টেৰৰিষ্ট '

"ৰেজুৱান খান"ৰ (অভিনেতা: শ্বাহৰুখ খান) দৰেই
তেওঁ বিচাৰি ফুৰিছে
জীয়াই থকাৰ অধিকাৰ
সপোন পূৰ্ণ কৰাৰ অধিকাৰ

জন্মৰো থাকে বহু যন্ত্ৰণা
অধিকাৰো কেতিয়াবা বঞ্চিত হয় কৰ্ণৰ দৰে ...
নিদাৰুণ হয় পিতা-মাতা

' মই তোমাৰ পুত্ৰ পিতা
জন্মসূত্ৰে মই ক্ষত্ৰিয় ,
কোৱা তুমি পিতা
মই সনাতনী হিন্দু '

(4)
গ্ৰাসিত সূৰ্য ,চন্দ্ৰ
গ্ৰাসিত জীৱন কুণ্ডলী

মই উশাহবোৰ এৰি দিওঁ বতাহত
বতাহে বোৱাই নিয়ে ক'লৈ নাজানো

মই শেষ হৈ যোৱা নাই
মই হাৰি যোৱা নাই
"দশৰথ মাঝী"য়ে পত্নীৰ মৃত্যুৰ পিছতোচোন
অকলেই পাহাৰ কাটি ৰাস্তা উলিয়াই ।