ভালপোৱাৰ সংলাপ (৩)
কবি: অচ্যুত মাধৱ দাস
কবি: অচ্যুত মাধৱ দাস
ভোকৰ জুই পাহৰিব পাৰি, শোকৰ জুই নোৱাৰি
তোক পাহৰিব পাৰি, কিন্তু তোৰ ভালপোৱাক নোৱাৰি।
তোক পাহৰিব পাৰি, কিন্তু তোৰ ভালপোৱাক নোৱাৰি।
তেতিয়া হয়তো নদীবোৰ নদীয়েই আছিল
কঁহুৱাবোৰ মাথোঁ হালি-জালি আছিল
এতিয়া নদীবোৰ একো একোটা গান হ’ল
কঁহুৱাবোৰ একো একোটা কবিতা হ’ল
আৰু তোৰ ভালপোৱাতো আমাৰ বুকুৰ হৰিৎকণা হ’ল।
কঁহুৱাবোৰ মাথোঁ হালি-জালি আছিল
এতিয়া নদীবোৰ একো একোটা গান হ’ল
কঁহুৱাবোৰ একো একোটা কবিতা হ’ল
আৰু তোৰ ভালপোৱাতো আমাৰ বুকুৰ হৰিৎকণা হ’ল।
ভালপোৱাই আছিল হয়তো মানুহৰ প্ৰথম কথা, কবিতাৰো
ভালপোৱাৰ বাবেই হয়তো চলি আছে সময়,
উদয় হৈছে সূৰ্য্য
ভালপোৱাই এদিন হয়তো মানুহৰ শেষ কথা হ’ব, কবিতাৰো।
ভালপোৱাৰ বাবেই হয়তো চলি আছে সময়,
উদয় হৈছে সূৰ্য্য
ভালপোৱাই এদিন হয়তো মানুহৰ শেষ কথা হ’ব, কবিতাৰো।
ভালপোৱাৰ বাবেই হয়তো
নদীবোৰ নদী হৈ থকা নাই
পৃথিবীখন মাটিৰ ভূগোল হৈ থকা নাই
ভালপোৱাৰ বাবেই হয়তো
আমি বোৰ আমি হৈ থকা নাথাকোঁ
ভালপোৱাৰ বাবেই সলনি হৈ থাকে
আমাৰ জীয়াই থকাৰ সংজ্ঞা।
নদীবোৰ নদী হৈ থকা নাই
পৃথিবীখন মাটিৰ ভূগোল হৈ থকা নাই
ভালপোৱাৰ বাবেই হয়তো
আমি বোৰ আমি হৈ থকা নাথাকোঁ
ভালপোৱাৰ বাবেই সলনি হৈ থাকে
আমাৰ জীয়াই থকাৰ সংজ্ঞা।
No comments:
Post a Comment