Thursday, 21 April 2016

ভালপোৱা

ভালপোৱা
কবি:- ৰাজীৱ ডেকা
ইমানৰ পাছতো 
কবলৈ যি থাকি গ'ল এতিয়াও
সেয়াই ভালপোৱা ।
ইমান কৈ কৈওঁ
যি শেষেই নহ'ল কেতিয়াও
সেয়াও ভালপোৱা ।
সকলো থকাৰ পাছতো নাথাকে যি
সেয়াই ভালপোৱা ।
সকলো যোৱাৰ পাছতো যি থাকি যায়
সেয়াও ভালপোৱা ।
হেৰুৱাই হেৰুৱাই পোৱা
পাই পাই হেৰুৱা
এই ভালপোৱা ।
জীৱনৰ পৰা ছাঁই হৈ এই ভালপোৱা ।
ছাঁইৰ পৰাও জীৱন ওভোটাই আনে যি
এই ভালপোৱা ।
বৰষুণ হৈ তৃষ্ণাৰ্ত্ত দুপৰত
হাতৰ ৰেখাত আহি বহি
আঙুলিৰ ফাঁকেৰে সৰি যায় যি টোপা টোপে
এই ভালপোৱা ।
গান এটাৰ দৰে বিলাস
বিষন্ন যন্ত্ৰণাৰো বিন্যাস
ইমান কথা, ইমান গুনগুন
ইমান কবিতাময় শব্দশূন্যতা
এই ভালপোৱা ।
যাৰ কাৰণে ইমান উকা পৃষ্ঠা
ইমান সুগন্ধি কবিতা
যাৰ কাৰণে সোঁৱৰণী আৰু বৰ্তমান একাকাৰ
মৰুৰ দৰে শুষ্ক
বৰষুণৰ দৰে জীপাল জীৱন
ইমান উছাহ
আৰু টোপোনিহীনতা
সেয়াই ভালপোৱা ।

No comments:

Post a Comment