Sunday, 24 April 2016

ক্ষমা কৰিব :যৌনদাসী হ'ব নোৱাৰিম



| ক্ষমা কৰিব :যৌনদাসী হ'ব নোৱাৰিম |
     কবি: চন্দ্ৰামিতা পৰাশৰ
পৃথিৱীক পিঠি দি গৰ্ভধাৰণ
কৰা নাছিল মোৰ আম্মি
আল্লাৰ ৰেহমতত্ 
আইৰ ভৰিৰ তলেদি
মই অহাৰ দিনা
চতুৰ্দশীৰ ৰূপোৱালী জোনে
দোৱাৰে বুৰাইছিল আব্বাৰ হেঁপাহ
#
বৰষুণ নপৰা দিন এটাত
সূৰ্যটো ৰঙাকৈ বহিছিল
আমাৰ চোতালত
চাৰিওফালে থিয় দি আছিল
জীৱনক বেয়া পোৱা এজাক মানুহ |
ৰণুৱা ঘোঁৰাৰ দৰে জপিয়াইছিল সিহঁত
লক্ষ্য মোৰ নিচিদ্ৰ যৌৱন
শূন্যৰ বতাহত মোৰ মুক্তিৰ গান মিহলাই
সংগ্ৰামলিপ্ত কামনাৰ অন্তত
ইচ্ছামৃত্যু আল্লাক কৈছিলোঁ
" এদিন
জুইফুল ফুলিব
নতুনৰ সূচনা হ'ব নতুন পৃথিৱীত
মই আকৌ আহিম "
#
কাৰ ভুলৰ বাবে স্বীকাৰ কৰোঁ ..অনাকাংক্ষিত এই মধুচন্দ্ৰিকা
জীৱন বেয়া পোৱা মানুহক
কিয় লাগে
জীয়াই থকাৰ উপহাৰ..
ৱেপৰবাহ্ হৈ নিধন কৰক
আক্ষেপ কিয় কৰিম
কিন্তু
ক্ষমা কৰিব …যৌনদাসী হ'ব নোৱাৰিম ||
( ইৰাকৰ মছুলত , আইছিছৰ নৃশংসতাৰ বলি হোৱা নিষ্পাপ নাৰীসকলৰ নামত উত্সৰ্গিত )


No comments:

Post a Comment