স্বৰ্গদেউ ! দেখিছো তোমাক…
কবি: মধুচন্দা চলিহা ভূঞা
কবি: মধুচন্দা চলিহা ভূঞা
বহু যুগ পাৰ হৈ গ’ল,
কত পুৱাৰ সুৰুযে
ধুৱালে চৰণ তোমাৰ,
কত নিশাৰ জোনে
ছটিয়ালে জোনাক তোমালৈ;
এতিয়াও হঠাতে যেন কেতিয়াবা
ক’ৰবাত দেখিছো তোমাক৷
কত পুৱাৰ সুৰুযে
ধুৱালে চৰণ তোমাৰ,
কত নিশাৰ জোনে
ছটিয়ালে জোনাক তোমালৈ;
এতিয়াও হঠাতে যেন কেতিয়াবা
ক’ৰবাত দেখিছো তোমাক৷
দেখিছো ওখ ৰংঘৰৰ খিৰিকীৰে
জিলিকিছে তোমাৰ শিৰৰ
ৰূপোৱালি পাগুৰিৰ সোণোৱালী কিৰিটী;
ৰঙত বিহ্বল হৈ যেন তুমি চাই আছা
ৰংঘৰৰ বাকৰিৰ উলাহৰ নাচোনৰ ছেৱ,
নানা খেল ধেমালিৰ উলহ-মালহ৷
জিলিকিছে তোমাৰ শিৰৰ
ৰূপোৱালি পাগুৰিৰ সোণোৱালী কিৰিটী;
ৰঙত বিহ্বল হৈ যেন তুমি চাই আছা
ৰংঘৰৰ বাকৰিৰ উলাহৰ নাচোনৰ ছেৱ,
নানা খেল ধেমালিৰ উলহ-মালহ৷
আকৌ যেন হঠাতে দেখিলো তোমাক
গড়গাঁৱৰ বিস্তৃত পথাৰত,
শত সৈন্য-সামন্ত,
গোলা-বাৰুদেৰে প্ৰস্তুতি তোমাৰ
সমূখ সমৰৰ;
কোনো সুৰঙ্গেৰে ধাৱমান তুমি,
দ্ৰুতবেগী অশ্বৰ খোজৰ ধ্বনিৰ
বাৰে বাৰে শুনো প্ৰতিধ্বনি৷
গড়গাঁৱৰ বিস্তৃত পথাৰত,
শত সৈন্য-সামন্ত,
গোলা-বাৰুদেৰে প্ৰস্তুতি তোমাৰ
সমূখ সমৰৰ;
কোনো সুৰঙ্গেৰে ধাৱমান তুমি,
দ্ৰুতবেগী অশ্বৰ খোজৰ ধ্বনিৰ
বাৰে বাৰে শুনো প্ৰতিধ্বনি৷
কত দেৱ-দেৱালয়ৰ প্ৰাচীৰত
যেন তোমাৰেই চাপ৷
যেন তোমাৰেই চাপ৷
তুমি যেন আগুৱাই গৈছা
ৰূপৰ জখলা চিৰিয়েদি
সোণৰ হেতামাৰিত ধৰি;
আৰু তোমালৈ সজোৱা আছে-
সোণ-ৰূপ-মুকুতাৰ লটকন্ লগোৱা
কিংখাপৰ সাতোখন চন্দ্ৰতাপৰ তলত
সোণৰ সিংহ দিয়া সিংহাসনখন৷
দেওধাইৰ আশীৰ্বাদত
আগুৱাই গৈছা তুমি পাটঘৰলৈ;
সপোনৰ শিঙৰি পাট ঘৰলৈ;
হয়তো আজিৰ পৰা ৰজা হ’বা তুমি৷
ৰূপৰ জখলা চিৰিয়েদি
সোণৰ হেতামাৰিত ধৰি;
আৰু তোমালৈ সজোৱা আছে-
সোণ-ৰূপ-মুকুতাৰ লটকন্ লগোৱা
কিংখাপৰ সাতোখন চন্দ্ৰতাপৰ তলত
সোণৰ সিংহ দিয়া সিংহাসনখন৷
দেওধাইৰ আশীৰ্বাদত
আগুৱাই গৈছা তুমি পাটঘৰলৈ;
সপোনৰ শিঙৰি পাট ঘৰলৈ;
হয়তো আজিৰ পৰা ৰজা হ’বা তুমি৷
দেখিছো যেন-
সিংখাপৰ মেখেলাৰে
সোণৰ গামখাৰুৰ চিক্ মিকনিৰে
তোমাৰেই কুঁৱৰী
নামদাঙৰ সাকোঁৱেদি
পাৰ হৈ যায় দোলাত উঠি;
দোলাকাষৰীয়াই গুণ গুণাই
গীত শুনাই তোমাৰ গৰিমাৰ৷
সিংখাপৰ মেখেলাৰে
সোণৰ গামখাৰুৰ চিক্ মিকনিৰে
তোমাৰেই কুঁৱৰী
নামদাঙৰ সাকোঁৱেদি
পাৰ হৈ যায় দোলাত উঠি;
দোলাকাষৰীয়াই গুণ গুণাই
গীত শুনাই তোমাৰ গৰিমাৰ৷
দেখিছো তোমাক
ওখ ওখ মৈদামবোৰত
অজস্ৰ ধন সোণ,
ভাৰ –ভেটিৰে সমৃদ্ধ হেনো তোমাৰ
সাতামপুৰুষীয়া সমাধি৷
ওখ ওখ মৈদামবোৰত
অজস্ৰ ধন সোণ,
ভাৰ –ভেটিৰে সমৃদ্ধ হেনো তোমাৰ
সাতামপুৰুষীয়া সমাধি৷
জেৰেঙা পথাৰত চাওদাঙৰ
চুৰাটৰ কোবকো আওকান কৰি,
শৰীৰৰ বৈ যোৱা তেজৰ ধাৰকো আওকান কৰি,
স্বৰ্গদেউ, দেখিছো যেন-
তোমাৰ নিৰাপত্তাৰ বাবেই,
তোমাৰ পত্নীয়ে মাথো কৈছে-
‘বঙহৰ দেউ আপুনি আতঁৰি যাওঁক’,
ভৱিষ্যতৰ স্বৰ্গদেউক গতাইছে এনেদৰে-
‘ লাইকে লেছাইকে চাবি ঐ ডালিমি’;
দেখিছো সেই মহান সতীক
পৃথিৱীৰ হৈ ৰ’ল দৃষ্টান্ত
এক যুগমীয়া খ্যাতিৰ;
তাৰেই চিহ্ন মই আজিও
দেখিছো, স্বৰ্গদেউ,
তুমি খন্দোৱা বিশাল পুখুৰীত৷
চুৰাটৰ কোবকো আওকান কৰি,
শৰীৰৰ বৈ যোৱা তেজৰ ধাৰকো আওকান কৰি,
স্বৰ্গদেউ, দেখিছো যেন-
তোমাৰ নিৰাপত্তাৰ বাবেই,
তোমাৰ পত্নীয়ে মাথো কৈছে-
‘বঙহৰ দেউ আপুনি আতঁৰি যাওঁক’,
ভৱিষ্যতৰ স্বৰ্গদেউক গতাইছে এনেদৰে-
‘ লাইকে লেছাইকে চাবি ঐ ডালিমি’;
দেখিছো সেই মহান সতীক
পৃথিৱীৰ হৈ ৰ’ল দৃষ্টান্ত
এক যুগমীয়া খ্যাতিৰ;
তাৰেই চিহ্ন মই আজিও
দেখিছো, স্বৰ্গদেউ,
তুমি খন্দোৱা বিশাল পুখুৰীত৷
কত জন
কত মন
কত ৰজা
কত প্ৰজা
ইতিহাসৰ কত পৃষ্ঠা পাৰ হৈ গ’ল;
এতিয়াও আছা তুমি
সেই দ’লৰ স্বৰ্ণ কলচীত,
যাৰ অম্লান অজেয় গৌৰৱ,
প্ৰতি পুৱা সুৰুযৰ কিৰণত
প্ৰতিবিম্বিত হয়
যুগমীয়া জয় সাগৰত ….
কত মন
কত ৰজা
কত প্ৰজা
ইতিহাসৰ কত পৃষ্ঠা পাৰ হৈ গ’ল;
এতিয়াও আছা তুমি
সেই দ’লৰ স্বৰ্ণ কলচীত,
যাৰ অম্লান অজেয় গৌৰৱ,
প্ৰতি পুৱা সুৰুযৰ কিৰণত
প্ৰতিবিম্বিত হয়
যুগমীয়া জয় সাগৰত ….
স্বৰ্গদেউ ! দেখিছো মই,
আজিও দেখিছো তোমাক….
আজিও দেখিছো তোমাক….
No comments:
Post a Comment