Monday, 25 April 2016

চানেকি শিতান : এপ্ৰিল, ২০১৬______আলোচক :- পৰিমালা কোঁৱৰ

চানেকি শিতান : এপ্ৰিল, ২০১৬______আলোচক
ঃ পৰিমালা কোঁৱৰ
আখৰুৱাৰ "চানেকি" শিতানৰ বাবে আৰম্ভ কৰিবলৈ লৈছো এপ্ৰিল ২০১৬ সংখ্যৰ "সাতসৰী" আলোচনীৰ পৰা বাছনি কৰা অম্লান জ্যোতি দেউৰীৰ "আইনা" শীৰ্ষক কবিতাৰ পৰ্যালোচনা।
আইনা
~ অম্লানজ্যোতি দেউৰী
ৰবিবাৰে হাটত ককাই কিনিছিল আইনাখন
ডাঙৰ বাপৰ মাথাত লাগি
আইনাখন ভাগি থাকিল এদিন
সেন্দুৰ লোৱা সেওঁতা চোৱা সেই আইনা
আইতাই সাৰি-মচি পেলাই দিছিল
সেন্দুৰ আইতাই লৈছিল
ককাই কৈ দিছিল
ঠিক ঠাইত পৰিলেনে ফোঁট
চুলিখিনি হ’লনে ঠিক
মাই যৌতুকত পোৱা আইনাখন ডাঙৰ আছিল
দেউতা-মাই একেলগে মূৰ ফণিয়াইছিল
তাৰে আগত ৰৈ
পিঠিৰ ব্লাউজটো আৰু গলধনৰ ঘাটুকুৰ
আইনাত দেখা নাছিল মাই
দেউতাক সুধিছিল ঠিকে আছেনে ব্লাউজ
মলম লাগিছেনে গলধনত
আচলতে আইনা নহ'লেও কামবোৰ চলি যায় আমাৰ
প্রিয়জনক সোধে চুলি, ফোঁট ইত্যাদি
অজানিতে আইনা একোখন কঢ়িয়াই ফুৰোঁ নেকি
নিজৰেই মাজত।
"আইনা" কবিতাটোৰ মাজেদি সামাজিক জীৱনত ঘটি থকা সাধাৰণ ঘটনাবোৰে জীৱনক কি দৰে প্ৰতিফলিত কৰে তাৰে কিছু আভাস পোৱা যায়। কবিতাটো এটা প্ৰতীকধৰ্মী কবিতা বুলি একেষাৰতে ক'ব পৰা যায়।প্ৰতীক ব্যৱহাৰৰ ক্ষেত্ৰত কোৱা হয় যে- কবিতাত ব্যৱহাৰ হোৱা প্ৰতীকৰ যোগেদি মানৱৰ খণ্ডিত ব্যক্তিত্ব অখণ্ড ৰূপত দাঙি ধৰিব পাৰে। সেইদৰে প্ৰতীকে অনুভূতিৰ বিস্তাৰ কৰাৰ উপৰিও, কোনো গভীৰ অৰ্থব্যঞ্জনাৰো সৃষ্টি কৰিব পাৰে।
কবিতা এটা পাঠ কৰোঁতে পাঠকৰ সাংগীতিক শ্ৰৱণ শক্তি আৰু শব্দবোৰ চোৱাৰ দৃষ্টি এনে হ'ব লাগে যাতে তেওঁ কবিতাটোৰ ভিতৰলৈ সোমাই যাব পাৰে। সেইদৰে কবিতাৰ ভাবঘন গাঁথনিত প্ৰতিটো শব্দৰ গুৰুত্ব থাকিলেহে পাঠকৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে।
যিকি নহওক আমি "আইনা" কবিতাটোৰ পৰ্যালোচনাৰ ক্ষেত্ৰলৈ আগবাঢ়ি যাব খোজোঁ। অম্লান জ্যোতি দেউৰীৰ কবিতাটোত আমি দেখিবলৈ পাইছোঁ জীৱন সম্বন্ধে কবিৰ ব্যক্তিগত অনুভৱ আৰু সামাজিক সাৰ্থকতাত কবিৰ মনোভাব বিলীন হোৱাৰ প্ৰয়াস।
"ডাঙৰ বাপাৰ মাথাত লাগি
আইনাখন ভাগি থাকিল এদিন
সেন্দুৰ লোৱা সেওঁতা চোৱা সেই আইনা
আইতাই সাৰি-মচি পেলাই দিছিল "
জীৱনৰ সমস্যাবোৰ যেন সংঘাতপূৰ্ণ হৈ পৰিছে- এই স্তৱকটোত কবি গৰাকীয়ে যেন তাকে ক'ব খুজিছে। কবিয়ে কবিতাটোত আইতাকৰ কথা কৈছে। "ডাঙৰ বাপা" সম্বোধনে হয়তো ডাঙৰ পুতেকৰ কথাকে কৈছে। আইতাকে জীৱনটো যিদৰে গঢ়িছিল ডাঙৰ পুতেক ডাঙৰ হৈ অহাৰ লগে লগে তেওঁৰ সামাজিক জীৱনৰ গতি সলনি হৈ পৰিল। ভঙা আইনাৰ টুকুৰাবোৰ সাৰি মুচি পেলাই দিয়াৰ দৰে তেওঁৰ নিজস্ব চিন্তা-চৰ্চাবোৰ যেন আঁতৰাই পুতেকৰ দৃষ্টিভংগীৰে জীৱনটো ল'ব খুজিছে। পৰিবৰ্তনশীল জীৱনত একো বস্তুৱেই স্থায়ী নহয়। সময়ৰ পৰিবৰ্তনৰ লগে লগে জীৱনৰো পৰিবৰ্তন হ'বলৈ ধৰে।
এটা সময়ত ককাক-আইতাকে গতানুগতিকভাবে জীৱন অতিবাহিত কৰিছিল। ককাৰ আদৰ্শৰে আইতাকে জীৱনটো পৰিচালিত কৰিছিল। সেই কথা এই পংক্তিটোৰ পৰা অনুমান কৰিব পাৰি ……
"সেন্দুৰ আইতাই লৈছিল/
ককাই কৈ দিছিল"
পুৰুষতান্তিক সমাজ ব্যৱস্থাৰ স'তে সমাজৰ বহু নাৰীয়ে জীৱনৰ ৰথ চলাই লৈ যোৱাৰ দৰে আইতাকেও তেনেদৰেই সহযোগিতা আগবঢ়াইছিল।ব্যঞ্জনাপূৰ্ণ এই পংক্তিৰ যোগেদি কবিয়ে সমাজ ব্যৱস্থাটো সুন্দৰভাৱে ফুটাই তুলিছে বুলি ক'ব পাৰি।
তৃতীয় স্তৱকত দেখা যায় তেওঁলোকৰ পৰম্পৰাগত জীৱনৰ কিছু পৰিবৰ্তন। কবিৰ মাক-দেউতাক ককাক-আইতাকতকৈ কিছু পৃথক।তেওঁলোক দুজনে সকলো সময়তে এককভাৱে পৰিচালিত নহৈ সমন্বয়ৰ সেতু বান্ধি জীৱনক উপভোগ কৰিছে ……
"দেউতা-মাই একেলগে মূৰ ফণিয়াইছিল /তাৰে আগত ৰৈ"
ইয়াতে নিহিত হৈ আছে আন এটা কাব্যিক ব্যঞ্জনা। কবিতাটোৰ মাজেদি কবিগৰাকীৰ মনত সোমাই থকা জীৱনবোধৰ দৃষ্টিভঙ্গী প্ৰকাশ পোৱা দেখা গৈছে। ভাবাবেগ, চিত্ৰকল্প আৰু ব্যঞ্জনাই কবিতাক মহত্ব প্ৰদান কৰি পাঠকক ৰসাস্বাদনত সহায় কৰে। বাস্তৱ সম্বন্ধে কবিৰ ব্যক্তিগত অনুভৱ বৃহত্তৰ নৈৰ্ব্যক্তিক সততাত বা সামাজিক সাৰ্থকতাত বিলীন হ'লেহে কবিতা জীৱন্ত হয়।
"অজানিতে আইনা একোখন কঢ়িয়াইফুৰোঁ নেকি
নিজৰেই মাজত ! "
শেষৰ এই পংক্তিটোৱে কবিতাটোৰ ভাবৰ ঘনত্ব বৃদ্ধি কৰি জীৱন সম্বন্ধে অনুসন্ধিৎসা বঢ়াই তুলি সকলোকে ভাবুক কৰি তুলিছে। জীৱনৰ অভিজ্ঞতা যিদৰে থাকিব লাগে সেইদৰে তাক প্ৰকাশ কৰি জীৱনক ছন্দোময় কৰি তুলিব পৰা দৃষ্টিভঙ্গীও থাকিব লাগে। জীৱন সম্বন্ধে কিছুমান জিজ্ঞাসাৰ মূৰ্ত প্ৰকাশে কবিতাক আকৰ্ষণীয় কৰি তোলে। সেই আকৰ্ষণীয় ৰূপ কবিতাটোত থকা বাবে কবিতাৰ নামকৰণ সঠিক হৈছে বুলি ক'ব পাৰি।
কবিৰ কাব্যচৰ্চা সঠিক ৰূপত আগবাঢ়ি যাওঁক তাকে কামনা কৰি "চানেকি" শিতানৰ এই খণ্ডৰ কবিতাৰ পৰ্যালোচনাৰ সামৰণি মাৰিছোঁ।
শেষত "সাতসৰী" আলোচনীৰ পাতৰ পৰা কবিতা পৰ্যালোচনাৰ সুবিধা দিয়া বাবে "আখৰুৱা"ক ধন্যবাদ জনাইছোঁ।
জয়তু আখৰুৱা।
~ পৰিমালা কোঁৱৰ
সদস্য, আখৰুৱা : literati গোট।
২৩ এপ্ৰিল ২০১৬

No comments:

Post a Comment