Thursday, 21 April 2016

নিষাদ

নিষাদ
কবি: প্ৰভাকৰ শৰ্মা নেওগ
তাৰ বাণৰ দৰেই ক্ষিপ্ৰ তাৰ দৃষ্টি-
লক্ষ্যভেদী
তাৰ বাণৰ দৰেই সৰল তাৰ গতি-
কুটিলতাবিহীন।
লক্ষ্যত দৃষ্টি ৰাখি সাৱধানে খোজ দিয়ে সি
নিঃশব্দ, সাৱধান অথচ সাৱলীল।
জীৱনৰ কমাৰশালত গঢ় লোৱা তাৰ অবিচল চিত্ত
তাৰ কাঁড়ৰ আগত লগোৱা তীক্ষ্ণ লোহাৰ টুকুৰাবোৰৰ দৰেই
নিৰ্মোহ সি।
ভূলুণ্ঠিত চিকাৰৰ আগত নতজানু হৈ প্ৰাৰ্থনা নকৰে সি-
কাৰণ সি জানে, কালিলৈ তাৰ দিন!

No comments:

Post a Comment