শব্দ - সন্ধান - ৭
---দীপালী বৰা
ইতিমধ্যে শব্দ - সন্ধানত প্ৰকাশ হোৱা লেখাকেইটাক আখৰুৱাৰ সদস্যসকলে ইতিবাচক মনোভাৱেৰে গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰিছে ৷ সদস্যসকলৰ সন্তুষ্টিয়েই আমাৰ আনন্দ ৷ আজি শব্দ সন্ধানত ভাষাৰ জতুৱা ৰূপৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ ৷ আজিৰ বিষয় বৰষুণৰ লগত সম্পৰ্কিত শব্দ তথা জতুৱা ৰূপ ৷
আমি অসমীয়া খেতিয়কৰ জাত ৷ খেতি কৰিবলৈ পানী লাগে ৷ পানী হবলৈ বৰষুণ লাগে ৷ হয়ো বৰষুণ ৷ কেতিয়াবা
কিন্ কিন্ কৈ বৰষুণ পৰে-- কিন্ কিনীয়া বৰষুণ
জিপ্ জিপ্ কৈ বৰষুণ দিয়ে -- জিপ্ জিপীয়া বৰষুণ
দপ্ দপ্ কৈ বৰষুণ দিয়ে -- দপ্দপীয়া বৰষুণ
কেতিয়াবা হয় ' দপালপিটা বৰষুণ' / দবাপিটা বৰষুণ / কলহৰ কাণেৰে ঢলা বৰষুণ / মুষলধাৰে দিয়া বৰষুণ ইত্যাদি ৷ ৷কেতিয়াবা হৰ্ হৰাই বৰষুণ দিয়ে , কেতিয়াবা জৰ্ জৰাই / ঝৰঝৰাই ৷
যিহেতু অসমীয়া জনজীৱনৰ লগত বৰষুণৰ এৰাব নোৱাৰা সম্পৰ্ক গতিকে বৰষুণকলৈ অনেক জতুৱা অসমীয়া প্ৰকাশভংগীৰ সৃষ্টি হৈছে ৷ বাৰিষা যেতিয়া বতৰে "জাগল পাতে" তেতিয়া লেথাৰি নিছিগাকৈ কেইবাদিনো ধৰি বৰষুণ দিয়ে ৷ "বৰষুণৰ সতা" লাগে ৷ কেতিয়াবা আকৌ মেঘৰো ঠেহ লাগে ৷ "গোৰত গাজি আগত বৰষেগৈ" ৷ কেতিয়াবা সিও নহয় ৷ "বিনচিবলৈহে ওহাৰে" ৷
বৰষুণে কেতিয়াবা কণিয়াইহে, ভালকৈ নবৰষে ৷
কেতিয়াবা দুটোপমান পেলায়ে এৰে ৷
বৰকৈ বৰষিলে ছিটিকণি পৰে / মাৰে ৷
আৰু একপ্ৰকাৰ বৰষুণ আছে, গানত - ৰিম্ ঝিম বৰষুণ ৷৷
আজিকালি পিচে বৰষুণৰো ধৰণ বিভিন্নজনৰ হাতত / মুখত পৰি সলনি হৈছে ৷ সেয়ে " বিৰাট জোৰে বৰষুণ দিয়ে " , "ধুমধাম বৰষুণ হয় " , " বৰষুণে ছিটিকণিয়াই" আদি ৷
ভাষা আমাৰ সৰ্বোত্তম সাংস্কৃতিক সম্পদ ৷ ভাষাটোক সৰ্বতোপ্ৰকাৰে সুস্থ - সবল কৰি ৰখাৰ দায়িত্ব আমাৰ ৷ ভাষালৈ নতুনত্ব আহিব , সিও স্বাভাৱিক ৷ কিন্তু তাৰ মাজতে আপোন ভাষাৰ কালিকা ম্লান নোহোৱাকৈ ৰখাটো প্ৰত্যেক ভাষা- ভাষীৰ কৰ্তব্য ৷

No comments:
Post a Comment