Thursday, 21 April 2016

চন্দ্ৰবিন্দুটো মোৰ নামৰ আগতে দিবা ( দ্বিতীয় ভাগ)

চন্দ্ৰবিন্দুটো মোৰ নামৰ আগতে দিবা
( দ্বিতীয় ভাগ) 
লেখিকা:- দীপালী বৰা

জানুৱাৰী মাহৰ শেষ তাৰিখত প্ৰকাশিত শব্দ - সন্ধানত চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ বিষয়ে কিছু কথা আলোচনা কৰা হৈছিল ৷ এইক্ষেত্ৰত মনত ৰাখিবলগীয়া আৰু কিছু কথা আজি উল্লেখ কৰিব খুজিছোঁ ৷ 
ধাতু-ৰূপত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ বিশেষ ভাৱে মন কৰিবলগীয়া ৷ নিত্য বৰ্তমান কালৰ প্ৰথম পুৰুষৰ সকলো ক্ৰিয়াতে "ওঁ" বিভক্তি যোগ হয় ৷ অৰ্থাৎ ক্ৰিয়াৰূপটোত ঁ যুক্ত হৈ থাকে ৷ যেনে -- কৰোঁ, খাওঁ, যাওঁ, পঢ়োঁ দিওঁ, লওঁ আদি ৷ কিন্তু শুনো, চিনো আদি ৰূপত এই নিয়ম প্ৰযোজ্য নহয়, কাৰণ এই ধাতুবোৰ নিজেই নাসিক্য বৰ্ণযুক্ত ৷
প্ৰথম পুৰুষৰ স্বৰূপ বৰ্তমান, স্বৰূপ ভূত, সম্ভাব্য ভূত কালৰ ক্ৰিয়াৰূপবোৰ অনুনাসিক হয় ৷ যেনে-- লিখিছোঁ, কৰিছোঁ, কৰিলোঁ, গৈছিলোঁ, দিলোঁহেঁতেন, আহিলোঁহেঁতেন আদি ৷
অনুজ্ঞাবোধক ক্ৰিয়া ৰূপবোৰো ঁযুক্ত হয় ৷ যেনে -- কৰাঁ, দিয়াঁ, কৰিবাঁ, হ'বাঁ আদি ৷ কিন্তু শুনা, আনা আদি ৰূপত ঁৰ প্ৰয়োজন নাই ৷
অসমাপিকা ক্ৰিয়াবাচক ৰূপবোৰো সাধাৰণতে ঁযুক্ত হয় ৷ যেনে-- আহোঁতে, কৰোঁতে, শোওঁতে, উঠোঁতে আদি ৷ কিন্তু শুনোতে, ভ্ৰমোতে, ছিঙোতে আদি নাসিক্য বৰ্ণযুক্ত ৰূপত ঁ ব্যৱহাৰ নহয় ৷
কৃৎ প্ৰত্যয়ৰ সংযোগত হোৱা লিখোঁতা, দেখোঁতা, নিওঁতা , দিওঁতা আদি ৰূপবোৰ ঁ যুক্ত হয় ৷ কিন্তু আনোতা, কিনোতা আদিত ঁ
ব্যৱহাৰ নহয ৷
এইথিনি কথা সাধাৰণভাৱে মনত ৰাখিলেই আমাৰ চন্দ্ৰবিন্দুৰ ব্যৱহাৰজনিত ভুল কিছ হ্ৰাস হব বুলি কব পাৰি ৷

No comments:

Post a Comment