Thursday, 21 April 2016

প্ৰত্যেকৰে বুকুত এটি শিশু থাকে

প্ৰত্যেকৰে বুকুত এটি শিশু থাকে
কবি:- ৰাজীৱ ডেকা 
প্ৰত্যেকৰে বুকুত এটি শিশু থাকে।
সৰল আৰু পবিত্ৰ।
অনাদৃত।
উপেক্ষিত।
প্ৰত্যেকৰে বুকুত এটি শিশু থাকে
নৰিয়াৰ নিঃসঙ্গ ৰাতি
এতিয়াও যাৰ মনত পৰে
এজাক খহতা আঙুলিৰ আদৰলৈ
চুলিৰ জঁটৰ আন্ধাৰত যি হেৰাই থাকিল।
ব্যস্ততাই পোৰা ভোকৰ বিৰতিত
সন্মুখত ভাহে এখন বিশেষ ব্যঞ্জন
কেঁচা খৰিৰ ধোঁৱাই পাগ দিয়া
মা মা গোন্ধোৱা...।
অনভ্যস্ত জীৱনৰ
জটিল সুত্ৰৰ সমীকৰণৰ শেষত
ভাগফলৰ ঘৰত শূণ্য লৈ
মাতাল ৰাতিৰ পৃষ্ঠাৰ কবিতাত
যি আঁকে আকৌ
ৰ'দে পোৰা, ঘাঁমে ধোৱা
পথৰুৱা পিতাকৰ বিধ্বস্ত অৱয়ব।
প্ৰত্যেকৰে বুকুত এটি শিশু থাকে
হতাশাৰ চিলমিলনিৰ লুঙলুঙিয়াৰে
যিয়ে বিচাৰি যায়
দুৰণিৰ ৰঙচুৱা মেঘৰ তলত
এৰি থৈ অহা এখন গাওঁ।
আশ্চৰ্য্যৰ সমাহাৰ এখন পাহাৰ ।
এটি নদী নাঙঠ হৈ গা ধুঁৱলৈ।
সাধুকথাৰ দৰে
ধূসৰ হবলৈ ধৰা কিছু কথাৰ আঁৰৰ
এজাক বনৰীয়া লগৰীয়াৰ খিকিন্দালিত
ৰবাব ৰবাব গোন্ধোৱা এটি আবেলি।
যেন গোপনে সাঁচি থোৱা
নিলিখা মহাকাব্যৰ আধৰুৱা এটি পাণ্ডুলিপি..
স্কুলীয়া শিশুৰ ভিৰ ফালি
আবেলিৰ ভাগৰুৱা ফুটপাথেৰে
এই শিশু প্ৰায়েই গুচি যায়
এখন জৰাজীৰ্ণ পঢ়াশালিৰ
আধা পাহৰা এটি প্ৰাৰ্থনাত মুদখোৱা পটালৈ
য'ত নেদেখা ঈশ্বৰ
সচাকৈয়ে যেন আছিল লুকায়..
এই শিশুই নাজানে
ৰাজনীতি অৰ্থনীতি
মুল্যবৃদ্ধি।
ধৰ্ম নিৰপেক্ষতাৰ বিভ্ৰান্তি
শাসন শোষনৰ কাৰচাজি।
নুবুজে কথাৰ আৰৰ কথা
নিচিনে মুখাৰ আৰৰ মুখ।
বুকুৰ আন্ধাৰ চুকত
যেতিয়ালৈ জীয়াই থাকিব সেই অবোধ শিশু
নি:সংগ নহ'ব ফুলবোৰ
পোৱালি জিঞাঁ এটা দুবৰি বিচাৰি উৰি থাকিব
বৰষুণ আহি থাকিব কাগজৰ নাওঁৰ আশাত ।
তেতিয়ালৈকে আমাৰো জীৱনবোৰ
জীৱন জীৱন গোন্ধাই থাকিব ।

No comments:

Post a Comment