মোৰ প্ৰিয় প্ৰেমৰ কবিতাবোৰ
……………………………(লোচন কৌশিক)
.
……………………………(লোচন কৌশিক)
.
তেওঁ আহিছিল
মোৰ শুকান ৰাতিবোৰত
মৃদু-মৃদুকৈ বাজিছিল নদীৰ কলতান
মোৰ কোঠাত সাগৰ নাছিল
এজাক ঢৌ আহি সোমাই গৈছিল মোৰ বুকুৰ মাজেৰে
মৃদু-মৃদুকৈ শুনিছিলোঁ
সেই লহৰ, মেঘ বগাই ফুৰা কিছু সপোনৰ দৰে
.
মোৰ আঙুলিবোৰ শিল্পি হৈ সজাইছে তেওঁক
ওঁঠলৈ আহি ৰৈ যাওঁ প্ৰতিপল
কেনেকৈ গাম কাহানিও নুশুনা গান
সৰিব ধৰা নিমজ পাতত বাজিছে
মোৰ প্ৰেমৰ দিনৰ বেহেলা
.
তেওঁৰ ছাঁয়াত লুপ্ত হয়
মোৰ প্ৰতিটো ৰাতি, প্ৰতিটো দিন
মই এখন নাওঁ লৈ বুটলি আনিছোঁ
অতীতৰ কিছু কুঁৱলী
তেওঁৰ কপালৰ বৰফ হৈ পৰা ঘাম
এতিয়া মোৰ আঙুলিৰ মূৰত
.
তেওঁৰ চকুলৈ মোৰ চকুৰ গোপন যাতায়ত
যমুনাৰ দৰে এটি শীতল হুমুনিয়াহ তাত
দেখিছোঁ আস্সী ঘাটৰ সেই বাঁহীয়াল আৰু তাৰ প্ৰেয়সী
মৃদু-মৃদুকৈ ভাঁহি আহিছে বাঁহীৰ সুৰ
কি নিগৰিছিল সেই সুৰত
নিলাজ দুৰত্বত
আঁকিছিল প্ৰেমৰ সৰলৰেখা
.
কি লিখিম
মই যেন লিপিট খাই আছোঁ, অজস্ৰ প্ৰেমৰ কবিতাত
কবিতাবোৰো নিঃশব্দ হৈ বাজে তেওঁৰ ওঁঠৰ কাষত
কেনেকৈ গাম কাহানিও নুশুনা গান………!!!!
মোৰ শুকান ৰাতিবোৰত
মৃদু-মৃদুকৈ বাজিছিল নদীৰ কলতান
মোৰ কোঠাত সাগৰ নাছিল
এজাক ঢৌ আহি সোমাই গৈছিল মোৰ বুকুৰ মাজেৰে
মৃদু-মৃদুকৈ শুনিছিলোঁ
সেই লহৰ, মেঘ বগাই ফুৰা কিছু সপোনৰ দৰে
.
মোৰ আঙুলিবোৰ শিল্পি হৈ সজাইছে তেওঁক
ওঁঠলৈ আহি ৰৈ যাওঁ প্ৰতিপল
কেনেকৈ গাম কাহানিও নুশুনা গান
সৰিব ধৰা নিমজ পাতত বাজিছে
মোৰ প্ৰেমৰ দিনৰ বেহেলা
.
তেওঁৰ ছাঁয়াত লুপ্ত হয়
মোৰ প্ৰতিটো ৰাতি, প্ৰতিটো দিন
মই এখন নাওঁ লৈ বুটলি আনিছোঁ
অতীতৰ কিছু কুঁৱলী
তেওঁৰ কপালৰ বৰফ হৈ পৰা ঘাম
এতিয়া মোৰ আঙুলিৰ মূৰত
.
তেওঁৰ চকুলৈ মোৰ চকুৰ গোপন যাতায়ত
যমুনাৰ দৰে এটি শীতল হুমুনিয়াহ তাত
দেখিছোঁ আস্সী ঘাটৰ সেই বাঁহীয়াল আৰু তাৰ প্ৰেয়সী
মৃদু-মৃদুকৈ ভাঁহি আহিছে বাঁহীৰ সুৰ
কি নিগৰিছিল সেই সুৰত
নিলাজ দুৰত্বত
আঁকিছিল প্ৰেমৰ সৰলৰেখা
.
কি লিখিম
মই যেন লিপিট খাই আছোঁ, অজস্ৰ প্ৰেমৰ কবিতাত
কবিতাবোৰো নিঃশব্দ হৈ বাজে তেওঁৰ ওঁঠৰ কাষত
কেনেকৈ গাম কাহানিও নুশুনা গান………!!!!
No comments:
Post a Comment