হে বিনীদ্ৰ পৰিচাৰিকা
(নাৰ্চ)
(নাৰ্চ)
সুনীল অমিয়
বিষাদ এপ্ৰন পিন্ধা
ক্লান্ত সেৱিকা
অন্ধৰ দৰেই
খেপিয়াই ধৰোঁ তোমাৰ হাত
পৃথিৱীয়ে যেতিয়া
ডিঙিত ওলোমাই দিয়ে
"চ্যুইচাইড" বোমা
"চেলাইন"ৰ এটোপাল দুটোপাল
আয়ু ল'বলৈ
সদায় তোমাৰ ওচৰলৈকে আহিম
কি কৰিবা কোৱা……
ক্লান্ত সেৱিকা
অন্ধৰ দৰেই
খেপিয়াই ধৰোঁ তোমাৰ হাত
পৃথিৱীয়ে যেতিয়া
ডিঙিত ওলোমাই দিয়ে
"চ্যুইচাইড" বোমা
"চেলাইন"ৰ এটোপাল দুটোপাল
আয়ু ল'বলৈ
সদায় তোমাৰ ওচৰলৈকে আহিম
কি কৰিবা কোৱা……
মোক সাবটি ধৰা
হে শুভ্ৰ বসন পৰিহিতা
অন্যথাই আত্মঘাতী হোৱা
ফাটি গৈ চোৱা
গভীৰৰ নিদাৰুণ ঘা
হে শুভ্ৰ বসন পৰিহিতা
অন্যথাই আত্মঘাতী হোৱা
ফাটি গৈ চোৱা
গভীৰৰ নিদাৰুণ ঘা
মই জানো
তুমি নিজস্ব ৰীতিৰে
নিতৌ কৰা মৃত্যু চৰ্চা
মৰম ভৰণেৰে বান্ধি দিয়া
পৃথিৱীৰ শোকাকুল আঘাত
তুমি নিজস্ব ৰীতিৰে
নিতৌ কৰা মৃত্যু চৰ্চা
মৰম ভৰণেৰে বান্ধি দিয়া
পৃথিৱীৰ শোকাকুল আঘাত
সেই মানুহবোৰৰ কথা
আজি মোক কোৱা
যিসকলে টোপনিৰ জালত
"বেণ্ডেজ"ৰ দৰে ৰক্তিম পৃথিৱীক
আদৰ আলাপনেৰে সজাগ ৰাখে
আজি মোক কোৱা
যিসকলে টোপনিৰ জালত
"বেণ্ডেজ"ৰ দৰে ৰক্তিম পৃথিৱীক
আদৰ আলাপনেৰে সজাগ ৰাখে
হে বিনীদ্ৰ পৰিচাৰিকা!
বিদাষ "এপ্ৰন" শোভিতা বলাকা
আহা এইবাৰ তোমাৰ শুভ্ৰ ডেউকাত
"প"ষ্টমৰ্টেম"ত হেৰুওৱা
অস্তৰাগৰ সন্ধ্যালোক বিচাৰো…………
বিদাষ "এপ্ৰন" শোভিতা বলাকা
আহা এইবাৰ তোমাৰ শুভ্ৰ ডেউকাত
"প"ষ্টমৰ্টেম"ত হেৰুওৱা
অস্তৰাগৰ সন্ধ্যালোক বিচাৰো…………
No comments:
Post a Comment