Monday, 2 May 2016

লাজুকীলতা

লাজুকীলতা:
------------------ হিমাংগ দাস
তোমাৰ নাম কি সুধিলো
লাজতে নামটো ন'কলা
আঙুলি কামোৰা তোমাৰ মুখখনক
নাম দিলো লাজুকীলতা …
কিয় জানো এতিয়া
খাওতে- শোৱতে য'তে-ততে
তুমি মোক বিন্ধিছা …
তুমি কি সঁচাই
কাঁইট পুহিছা
বতাহ বৰণীয়া …

No comments:

Post a Comment