মিতভাষ ৪১
পোহৰৰ অন্বেষণত
পোহৰৰ অন্বেষণত
কবি:- পৰিমালা কোঁৱৰ
বাৰে বাৰে পোহৰৰ অন্বেষণত যাত্ৰা আৰম্ভ কৰো।কুঁহেলিকা আঁতৰাই চাব খুজো তাৰ ৰং-ৰূপ।তাৰ উত্তাপত পুৰি চাই হওক মোৰ নৈৰাশ্যৰ অৱসাদ।তোৰণৰ সিপাৰে তেৰেচীয়া বাট।দীপ্তিমন্ত ৰেখাৰ বিজুলী চমকে মোক হাত বাউলী মাতে।আকাংক্ষাৰ উত্তাপত স্বপ্নৰ পৃথিৱী মোৰ অস্থিৰ। দুৰ্বহ যাত্ৰা…… … হয়তো কঠিন ……তথাপি।
No comments:
Post a Comment