Saturday, 23 April 2016

কবিতা

কবিতা
কবি: শৈলজানন্দ খনিকৰ
(এক)
আকাশখনৰ লম্ফজম্ফ দেখি
পতিয়ন গ'লো
এইবাৰ মূষলধাৰেই বৰষুণ হব -
দুখৰ কলীয়া ডাৱৰবোৰ আঁতৰ হব
দৰাচলতে সেয়া আছিল
মোৰ মনৰ ভ্ৰম
মুৰকত গৈ
এচাৰকণি এটিৰো সৌভাগ্য ন'হলগৈ
কৰ্কশ পথাৰখন
এইবাৰো হতাশ হ'ল
বাৰে বাৰে হোৱাৰ দৰেই
(আজৱ দেশৰ বিষম গাঁথা
মূৰ্গীচোৰ হয় ৰজা )
(দুই)
নৈশ আড্ডাবোৰত সুৰা আৰু
স্বল্পবসনা যুবতীৰ জঙ্গী পয়োভৰ
কুমজেলেকুৱাসদৃশ অশ্লীলতাবোৰ যেনিয়ে তেনিয়ে বগুৱা বাই ফুৰিছিল
অন্ধকাৰ প্ৰেক্ষাপট আৰু
এখন নিৰ্লজ্জ চিত্ৰপট
অদূৰত অৰ্কেষ্ট্ৰাৰ হেৰুৱা সুৰৰ
অষ্ফুট বিননি
(তিনি)
বকুলতল আজি নিমাওমাও
নৈৰ কাণৰ শিমলু জোপাও নিমাত
বাৰুদে কঁপোৱা ৰাতিটোৰ
নিৰ্জনতা ভঙ্গ হৈছিল
সিক্ত দুবৰি ডৰা ৰক্তাক্ত হৈছিল আৰু
সাক্ষী হৈ আছিল
এখন নিৰ্লিপ্ত আকাশ
মোৰ আই যুগে যুগে
এজনী শিল পৰা কঁপৌ !!
উপসংহাৰ :
এপাত হাঁতুৰিৰে মাউখে কোবালে
আকাশখনৰ নগলা বৰফবোৰ
দাউদাউকৈ জ্বলিব ।

No comments:

Post a Comment