Thursday, 21 April 2016

অৱশ্যম্ভাবী

অৱশ্যম্ভাবী
‪#‎অনিতা‬ গগৈ

.
বাৰে বাৰে শিয়ৰি উঠে
ওৰেৰাতি টিপ নমৰা চকুৰ পতা
.
যদি হঠাৎ..
কৰ্ফাল খাই পৰেহি
দুফলীয়া জিভাত নচা
জুৰুলি এজাক মাটিৰ উৰুলি !
.
হৈ চৈ এটা যদি
দুপদুপাই নামি আহি
দৈবাসন তল গ'ল বুলি
দিয়েহি হৈ ধ্বনি !
.
সেই ভয়তে
মাথোঁ সেই শংকাতে
সহস্র ৰজনী উজাগৰে ৰয়
গগণচুম্বী অট্টালিকাৰ শাৰী
আহ ! চানক্য , হাস্যপদ
.
কিমানদিন ?
কিমানদিন আৰু আভুৱা ভৰিবা ?
অস্ত্র সম্বৰণৰ বাবেই জানো
অৱশ্যম্ভাবী আছিল --
কলিংগৰ মহাৰণ ?
.
কলকল তেজৰ নৈ
শাৰী শাৰী শ'
উস !সেই কাল লগনত
সহস্র বটবৃক্ষৰ সেউজ প্রচ্ছায়াই আবৰি
অশোকৰ বুকুত গুজি দিছিল পূণ্যৰ বাঁহী
সেই বাঁহীৰ সুৰৰ মুৰ্চনাৰে উৰি আহিছিল
নৈৰঞ্জনাৰ অংশোদক স্রোত
পোহৰৰ অনন্ত জোৱাৰ !
.
কিন্তু
তাৰপিছতো দিশহাৰা আমি
মূল্যবোধৰ মৃন্ময় মুখত আন্ধাৰৰ আবিৰ সানি
লালসাৰ জখলাৰে কিমানলৈ বগাম
অহংকাৰৰ চুড়া ?
হঠাৎ খঁহি যদি
খামুচিব বিছাৰোঁ শিপা
হয়তো বুজিম তেতিয়া
ভৰিৰ তলত দেখোন সুচ্যগ্র মেদিনীও নাই !
.
চানক্য,
তেতিয়াও হয়তো
ইষৎ হাঁহিৰে তুমি ক'বা--
''অৱশ্যম্ভাবী আছিল এয়া।'

No comments:

Post a Comment