তাৱৈ
কবি:উৎপল জোনাক হাজৰিকা
কবি:উৎপল জোনাক হাজৰিকা
তুমি ৰূপ দেখিছা
তলমল যৌৱনা চপলা তৰণীৰ
ন-বাৰিষাৰ ভৰা নদীৰ
তলমল যৌৱনা চপলা তৰণীৰ
ন-বাৰিষাৰ ভৰা নদীৰ
কেতিয়াবাও চকুত নপৰে
উজুতিত যোৱা শিলবোৰ
মৰহি যোৱা হাচনাহানাৰ হাঁহিবোৰ
কলঘৰৰ সাত বজাৰ চাইৰেণ
উজুতিত যোৱা শিলবোৰ
মৰহি যোৱা হাচনাহানাৰ হাঁহিবোৰ
কলঘৰৰ সাত বজাৰ চাইৰেণ
কুচিমুচি শুই থকা সপোনবোৰ
ৰেলৰ উকিবোৰ
কাৰ মাজত কোন লুকাই থাকে
বোৱাৰী পূৱাৰ চিলমিল আমেজ
আহিনৰ সজাল ধৰা নেউতা
ৰেলৰ উকিবোৰ
কাৰ মাজত কোন লুকাই থাকে
বোৱাৰী পূৱাৰ চিলমিল আমেজ
আহিনৰ সজাল ধৰা নেউতা
তুমি
সেইবাটেদি যাবা
যি তোমাৰ নিজৰ বাট
জিৰাবা
ৰ'দৰ বৰষুণ আৰু বৰষুণৰ ৰ'দৰ ছাঁত
সেইবাটেদি যাবা
যি তোমাৰ নিজৰ বাট
জিৰাবা
ৰ'দৰ বৰষুণ আৰু বৰষুণৰ ৰ'দৰ ছাঁত
শালিকীবোৰে কিচিৰ মিচিৰকৈ
তোমাক চকু টিপিয়াব
আহা আহা
আঙুলিৰ ফাঁকেৰে সৰকা বোকাৰ সুহুৰি
তোমাক চকু টিপিয়াব
আহা আহা
আঙুলিৰ ফাঁকেৰে সৰকা বোকাৰ সুহুৰি
জাল বাঁওগৈ আহা
দলঙাত
তৰা মখমল দৰিকণা মাছ
দলঙাত
তৰা মখমল দৰিকণা মাছ
No comments:
Post a Comment