Saturday, 23 April 2016

আচলতে লিলিমাই

আচলতে লিলিমাই 
-------------------------------
‪#‎নৱাকাশ‬

যোগাত্মক ভাৱেই আৰম্ভ কৰা যাওক কথাখিনি 
পৰাপক্ষত আমি এইদৰেই আগবাঢ়িছিলো
তেওঁ গুণগুণাই আছিল মিঠা গানৰ এটি কলি
আৰু মই সুহুৰিৰ চলেৰে আঁৰচকুৰে
চাই আছিলো
তেওঁৰ লাহি পাহী হেঙুলী ওঁঠ
কিযে লাজ
মোৰো তেওঁৰো
আৰু সেউজীয়া সাজত ওপঙি থকা
দেহৰ সুমথিৰা সুমথিৰা ভাঁজ
মইনো ক'ত জানিম গুৰি ক'ত কথাৰ
এতিয়াও ভাললাগে ভাওধৰি নজনাৰ
গুণিজনে কয় সকলোৱে ভাওৰীয়া জীৱনৰ
নভৱাকৈয়ে তেওঁ অহাবাটৰ বিপৰীতে
আঁতৰি গল
আত্মা নে অনাত্মা কিবা এটা থাকি গল
উশাহ নিশাহত একেই শব্দবোৰ
বাৰে বাৰে বাজে
উফ! বাৰে বাৰে এই বিয়োগাত্মক কথাবোৰ ভাল নালাগে আৰু
______________________________________
তেওঁৰ হাতখনৰ আঙুলি কেইটা
আৰু কঁপি থকা নিজম ৰাতিবোৰ যে
কথাপ্ৰসংগত কথা ওলাই থাকে
মকৰাৰ সুতাৰ দৰে
কবিতাৰ শব্দবোৰৰ দৰে
বাটে ঘাটে কেৱল তেওঁৰেই ছাঁ
আৰু বুকুত জালপহীয়া ঘাঁ
বাহিৰেও ভিতৰেও
যদিও হল বহুদিন এৰাএৰি হোৱাৰ
সময় যে কেনেকে কাঁড়ৰ দৰে পাৰ হৈ যায়
তথাপিও কেতিয়াবা নাযায় নুপুৱাই
_____________________________________
গ'ল কথা গ'ল
বৰ সবাহৰ খবৰ কৰ
এটিয়া বনজুইৰ দৰে বিয়পিছে খবৰ
বৰ সবাহনো কত ৰতনপুৰত
ৰতনপুৰ কত পতনপুৰত
এই মাজৰাতিখন নকৰছোন আমনি
পানীৰ বাঁকে পাব
পিছে কথাষাৰ কৰিছনে মন
দ-পানী বিচাৰিবৰ হল
আচলতে লিলিমাই
এই জীৱনত একোনাই
তথাপিও চোন আছে কিবাকিবি ঢেৰ

No comments:

Post a Comment