Sunday, 24 April 2016

বৰষুণ, সেউজীয়া আৰু তুমি


শূন্যতাৰ বুকুত
নিজৰে কবৰ খান্দি
মৰাশ দৰে শুই আছিলো বহু যুগ।
.
কিমানদিনে
দেখা নাছিলো সূৰ্যৰ মুখ।
তিতা নাছিলো এজাক মুষলধাৰ বৰষুণত।
.
শেৱালি ফুলা ৰাতি
আঙুলি মূৰত গণা নাছিলো জোনাকী।
.
ভগ্ন সপোনবোৰৰ এটি প্ৰতিমা সাজি
পানীপিয়া চৰাইৰ দৰে
প্ৰতিনিয়ত প্ৰাৰ্থনা কৰিছিলো এজাক বৰষুণ।
.
অৱশেষত,
দুজাক বৰষুণ আহিল-এজাক শিলৰ
আনজাক পানীৰ।
.
শিল বৰষুণজাকে মোৰ কবৰ ভাঙি
মোক মুক্তি দিলে।
পানীৰ বৰষুণজাকে মোৰ বুকুত প্ৰাণ দিলে।
.
এতিয়া,
নিতৌ যাওঁ বৰষুণজাকত তিতিবলৈ
তাকে দেখি তুমি
এডৰা ধুনীয়া সেউজীয়া ঘাঁহনি হৈ
আৱৰি ধৰিছা মোৰ অহা-যোৱা বাট।
.
ক্ৰমশঃ,
মই প্ৰেমত পৰো-বৰষুণৰ
প্ৰেমত পৰো-সেউজীয়াৰ
প্ৰেমত পৰো-তোমাৰ
আৰু....
প্ৰেমত পৰো-জীৱনৰ।

No comments:

Post a Comment