।।হুমুনিয়াহ এটাৰ বুকুত।।
.
---ණ ৰঞ্জন বৰ্মন
.
হুমুনিয়াহ এটাৰ বুকুত
আজিও তোমাৰ বাবে ৰৈ আছো
.
ইপাৰে মই
সিপাৰে তুমি
মাজত বোৱতি নৈ
.
কথাবোৰ আৰম্ভ নকৰাহলে
ভাল আছিল
.
সোঁৱৰণীৰ সেওঁতা বগাই
মোৰ বুকুত নামি আহে ল’ৰালি
.
ৰবাব টেঙা এটাত দোলি আছিল
গৰখীয়া আবেলি
.
এতিয়া
.
কলমৌফুলীয়া সপোন এটা খেদি খেদি
শুই পৰে শৰবিদ্ধ ৰাতি
.
মোৰ চাৰিওকাষে
ভগ্ন সপোনৰ ৰণচালি
.
---ණ ৰঞ্জন বৰ্মন
.
হুমুনিয়াহ এটাৰ বুকুত
আজিও তোমাৰ বাবে ৰৈ আছো
.
ইপাৰে মই
সিপাৰে তুমি
মাজত বোৱতি নৈ
.
কথাবোৰ আৰম্ভ নকৰাহলে
ভাল আছিল
.
সোঁৱৰণীৰ সেওঁতা বগাই
মোৰ বুকুত নামি আহে ল’ৰালি
.
ৰবাব টেঙা এটাত দোলি আছিল
গৰখীয়া আবেলি
.
এতিয়া
.
কলমৌফুলীয়া সপোন এটা খেদি খেদি
শুই পৰে শৰবিদ্ধ ৰাতি
.
মোৰ চাৰিওকাষে
ভগ্ন সপোনৰ ৰণচালি
No comments:
Post a Comment