Thursday, 21 April 2016

মেঘমল্লাৰ

মেঘমল্লাৰ

কবি: ৰীণা বুঢ়াগোহাঁই


বাহিৰত মেঘমল্লাৰ ৰাগত
মুকুতা সৰিছে
গুৰুম গুৰুম কৈ
নুপুৰ বাজিছে
বৰদৈচিলাজনীয়ে
ককাললৈকে পৰা চুলিকোঁ‌চা উৰুৱাই
মাকৰ ঘৰলৈ ঢপলিয়াইছে
মাকে তেল-পানী যঁ‌তনাই থৈছে
জীয়েকে আহি কৰিবহি অঙ্গৰাগ ।
প্ৰিয়াৰ বাতৰি ল'বলৈ
কলীয়া ডাৱৰক যক্ষই
দূত কৰি পঠালে
বিৰহত চটফটাই থকা যক্ষই
প্ৰিয়ালৈ বুলি লিখা চিঠিখনো
চকুপানীৰে তিয়াই পেলালে
উস ! কি মৰ্মান্তিক ।

No comments:

Post a Comment