Thursday, 21 April 2016

বৰষুণ

বৰষুণ
কবি: ৰঞ্জন বৰ্মন

বৰষুণ এজাক আহিলেই দুহাত মেলি 
স্পৰ্শ কৰোঁ...
অনুভৱ কৰিব খুজোঁ
কিমান চেঁচা তাৰ পৰশ...।
.
বৰষুণৰ টোপালবোৰৰ দৰেই
তোমাৰ হাতৰ স্পৰ্শ
হিম শীতল...!
.
সকলোৱে মোক প্ৰেমিক বুলি কয়...!
.
প্ৰেমিক হ’বলৈয়ো
কিবা অৰ্হতা লাগে নেকি ?
যিদৰে চাকৰি নিযুক্তিৰ বাবে লাগে…!
.
বৰষুণৰ দৰে তুমিও
মোৰ এক নিচা
তোমাৰ বুকুৰ ভিতৰলৈকে জুমি চোৱা...।


No comments:

Post a Comment