তুলি ধৰা তানসেন সেই সঞ্জীৱনী ৰাগ..
----- ৰাজীৱ ডেকা
----- ৰাজীৱ ডেকা
তুলি ধৰা তানসেন
সেই সঞ্জীৱনী ৰাগ- মেঘমল্লাৰ
তিতি উঠক এই মৰুভূ শৰীৰ-মন
গজি উঠক শইচ
উজলি উঠক সেউজীয়া
জী উঠো আকৌ এবাৰ ।
সেই সঞ্জীৱনী ৰাগ- মেঘমল্লাৰ
তিতি উঠক এই মৰুভূ শৰীৰ-মন
গজি উঠক শইচ
উজলি উঠক সেউজীয়া
জী উঠো আকৌ এবাৰ ।
ক্ৰমশঃ লুপ্তপ্ৰায় মন-মগজুৰ চেতনা
বিকৃত হবলৈ লৈছে এই শৰীৰ তানসেন
আন্ধাৰত পৰি ৰোৱা পাতবোৰৰ পৰা
বতাহৰ পাখি লগাই আহি
অজানা পখীৰ তৃষ্ণাৰ্ত্ত মাতৰ কাঁড় এপাত
বিন্ধি ৰৈছে ডিঙিত ।
চোৱা, সেই মাতে কেনেদৰে
পিয়াহত মৃত নদী এখনৰ
ৰখীয়া পাতি থৈছে মোক!
বিকৃত হবলৈ লৈছে এই শৰীৰ তানসেন
আন্ধাৰত পৰি ৰোৱা পাতবোৰৰ পৰা
বতাহৰ পাখি লগাই আহি
অজানা পখীৰ তৃষ্ণাৰ্ত্ত মাতৰ কাঁড় এপাত
বিন্ধি ৰৈছে ডিঙিত ।
চোৱা, সেই মাতে কেনেদৰে
পিয়াহত মৃত নদী এখনৰ
ৰখীয়া পাতি থৈছে মোক!
দুচকুত ধূলিৰ হাফলু গজি উঠিছে তানসেন!
তেওঁৰ স্বপ্নৰ মন্দিৰলৈ উঠা চিৰিবোৰ
দেখা নাই মই।
আঙুলিবোৰ হৈ উঠিছে কেঁকটাছ
আজি কেনেকৈ চুই চাম
তেওঁৰ নাক,ওঁঠ, তুলাৰ গাল...!
তুমিটো জানাই তানসেন
তেজলৈ মোৰ কিমান ভয় আৰু তেওঁৰো।
তেওঁৰ স্বপ্নৰ মন্দিৰলৈ উঠা চিৰিবোৰ
দেখা নাই মই।
আঙুলিবোৰ হৈ উঠিছে কেঁকটাছ
আজি কেনেকৈ চুই চাম
তেওঁৰ নাক,ওঁঠ, তুলাৰ গাল...!
তুমিটো জানাই তানসেন
তেজলৈ মোৰ কিমান ভয় আৰু তেওঁৰো।
আস তানসেন!!
তোমাৰ এটা মাত্ৰ স্পৰ্শৰ প্ৰয়োজন
সুৰহীন এই বীণত
তোমাৰ এটা মাত্ৰ স্পৰ্শৰ প্ৰয়োজন
সুৰহীন এই বীণত
তুলি ধৰা তানসেন
সেই সঞ্জীৱনী ৰাগ- মেঘমল্লাৰ
তিতি উঠক এই মৰুভূ শৰীৰ-মন
গজি উঠক শইচ
উজলি উঠক সেউজীয়া
জী উঠো আকৌ এবাৰ ।
সেই সঞ্জীৱনী ৰাগ- মেঘমল্লাৰ
তিতি উঠক এই মৰুভূ শৰীৰ-মন
গজি উঠক শইচ
উজলি উঠক সেউজীয়া
জী উঠো আকৌ এবাৰ ।
নহ'লে তেওঁ যে গুছি যাব এতিয়া
অ'তপৰ ৰৈ ৰৈ
টোপনিৰ এই মেঘৰ পৰা...
অ'তপৰ ৰৈ ৰৈ
টোপনিৰ এই মেঘৰ পৰা...
No comments:
Post a Comment