Saturday, 23 April 2016

কথা

কথা
দীপ্তি দেউৰী বৰা
15-04-2015
হাত মেলিলেও যে তোমাক নেপাওঁ
সেইয়া ভাবিলে কৰবাত বিষ এটা উঠে
বিষটোৰ পৰাই মই পি খাওঁ এপিয়লা দুখ ৷
মাতাল হওঁ
তোমাক নোপোৱাৰ দুখ
অথচ তোমাক ভালপোৱাৰ সুখ
দুখৰ উঘাত সুখৰ ৰঙা আঁচু উঘাইছো
.............
জীৱনটোৰ জঁট ভাঙিবলৈ শিকিছোঁ ৷
'

No comments:

Post a Comment