Sunday, 24 April 2016

মৰমৰ অনুভৱ

॥মৰমৰ অনুভৱ ॥
কবি:- দেৱৰাজ কলিতা
মৰমেহে মৰম দিয়ে
মৰমে দিয়ে শান্তি ।
মৰমে আনন্দ দিয়ে
মৰম নহলে অশান্তি ॥
মৰম বিচাৰি বিচাৰি
খাওঁ আমি হাবাথুৰি ।
মৰম থাকে মনে মনে
আমাৰ হৃদয়তে ঘুৰি॥
মৰম বিহীন হৃদয়ত
মৰমৰ একো স্থান নাই ।
মাত কথা আচৰণতহে
মৰমৰ উমানবোৰ পায়॥
মৰমৰ হৃদয়খনে সদায়
মৰমৰহে অনুভৱ কৰে।
মৰম বিহীন হৃদয় খনে
মৰমৰ অনুভৱ নকৰে॥

No comments:

Post a Comment