Thursday, 21 April 2016

ৰ'দৰ কাব্য

ৰ'দৰ কাব্য
----------
~ কল্যাণী বৰ্মন
মোৰ অধৰৰ ৰ'দৰ উপত্যকাৰ
তেওঁ গৰখীয়া কবি
সেউজীয়াৰ মলয়াত
আপ্লুত তেওঁ
বুকুত কঢ়িয়াই লৈ ফুৰে
শব্দৰ সঁফুৰা
বতাহৰ দীঘল দীঘল
শব্দৰ আঁহবোৰ উলিয়াই
তেওঁ নিখুটভাৱে গাঠি ,
কবিতাৰ টোকোৰা বাহবোৰ
ওলমাই দিয়ে
ভালপোৱাৰ গছবোৰত
হঠাতে বতৰ সলনি হয়
ধুমুহা ,বৰষুণে
আকাশ চানি ধৰে
ক্ৰন্দনৰতা আকাশৰ তলত
মোৰ ওচৰত বহি
তেওঁ অভিযোগ কৰে
তুমি ইমান কান্দা !
ভাল নালাগে ....
মই কওঁ
"ৰ'দৰ উপত্যকাত
মেঘেও অধিকাৰ কৰে
জীৱনৰ ছন্দ ,
এতিয়া আন্দোলিত মোৰ আকাশ
তুমি সূৰ্য হোৱা
ৰ'দৰ হাঁহি বিয়পাবলৈ ।"

No comments:

Post a Comment