Thursday, 21 April 2016

শব্দ- সন্ধান-- ৮

শব্দ- সন্ধান-- ৮
লেখিকা: দীপালী বৰা

অসমীয়া ভাষাটো মূলতঃ আৰ্যমূলীয় ভাষা ৷ খ্ৰীষ্টপূৰ্ব পঞ্চদশ শতিকামানত আহি ভাৰতবৰ্ষত থিতাপি লোৱা আৰ্যসকলৰ কথিত আৰু লিখিত ভাষা ( বৈদিক, সংস্কৃত আৰু প্ৰাচীন প্ৰাকৃত)ৰ আধাৰত , পৰৱৰ্তী সময়ত প্ৰাকৃত আৰু অপভ্ৰংশ ভাষাৰ স্তৰৰ মাজেৰে নিজৰ পৰিবৰ্তন আৰু পৰিবৰ্ধন ঘটাই বৰ্তমানৰ আধুনিক ভাৰতীয় ভাষাবোৰে প্ৰতিষ্ঠা লাভ কৰিছে ৷ এই আধুনিক ভাৰতীয় আৰ্যভাষাসমূহৰ অন্যতম হ'ল অসমীয়া ভাষা ৷ অন্যান্য আৰ্যমূলীয়ভাৰতীয় ভাষাত থকাৰ দৰেই অসমীয়া ভাষাতো প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ অন্যতম লিখিত ৰূপ সংস্কৃতৰ অনেক শব্দ তৎসম ৰূপতে বৰ্তি আছে ৷ এনে তৎসম অৰ্থাৎ অবিকৃত ৰূপত অসমীয়া ভাষাত প্ৰচলিত হৈ থকা সংস্কৃত শব্দবোৰ ব্যৱহাৰ কৰোঁতে আমি বহু সময়ত ভুল কৰোঁ ৷ মূল শব্দৰ অৰ্থ জানিও বা কেতিয়াবা অজ্ঞতাবশতঃ অশুদ্ধ প্ৰয়োগ কৰি শব্দৰ অৰ্থ বিকৃত কৰি পেলাওঁ ৷ এনে কিছুমান শব্দৰ ভুল প্ৰয়োগ সম্পৰ্কে আজিৰ শব্দ- সম্ভাৰৰ আলোচনাটি আগবঢ়োৱা হৈছে
৷ আলোচনাটি আগবঢ়াইছে মৃণালকান্তি মেধি ডাঙৰীয়াই ৷ আশাকৰোঁ আলোচনাটিয়ে আখৰুৱাৰ পাঠকক সমৃদ্ধ কৰিব ৷

বৰ্ষীয়ানৰ আঁত ধৰি....(পুংলিঙ্গত)
বৃদ্ধ - বৰ্ষীয়ান্ - বৰ্ষিষ্ঠ(জ্যেষ্ঠ)
গুৰু - গৰীয়ান্ - গৰিষ্ঠ
মহৎ- মহীয়ান্ - মহিষ্ঠ
প্ৰশস্য - শ্ৰেয়ান্ - শ্ৰেষ্ঠ
স্ত্ৰীলিঙ্গত....
মহতী - মহীয়সী - মহিষ্ঠা
বৃদ্ধা - বৰ্ষীয়সী - বৰ্ষিষ্ঠা ইত্যাদি।
গতিকে " "বৰ্ষীয়ান (older) সাহিত্যিক গৰাকীয়ে বঁটা ওভতালে" বুলি মুদ্ৰিত বা ঘোষিত বাক্যশাৰীত তেওঁ অইন কোন সাহিত্যকাৰতকৈ বৰ্ষীয়ান (comparative degree) সেয়া স্পষ্ট নহ'ল। গতিকে তেওঁক বয়সীয়াল বুজাবলৈ এটা ভুল শব্দৰ বহুল প্ৰচলন হৈ আছে। বা " মহীয়সী নাৰী মামণি ৰয়চম বাইদেউ আমাৰ প্ৰেৰণাস্বৰূপ" ..... হেৰ' তেওঁ কোন নাৰীতকৈ মহীয়সী আছিল? নিৰ্মলপ্ৰভা? নলিনীবালা? গতিকে লিখোঁতা বা কওঁতাই নিজেই নাজানে শব্দটোৰ অৰ্থ। সংস্কৃতৰ "ইয়স্" আৰু "ইষ্ঠ" প্ৰত্যয় দুটাৰ সমন্বয়ত হে এই শব্দ কেইটা সাধিত হৈছে।
তেনেদৰে "গৰীয়ান" আৰু "গৰীয়সী" শব্দৰূপ দুটাও লিখক/ ঘোষকৰ অজ্ঞতাৰ দ্বাৰা আক্ৰান্ত হৈ আহিছে। আকৌ “শ্ৰেষ্ঠ“ শব্দটো superlative degree হোৱাৰ পিচতো ইয়াৰ লগত “তৰ“ বা “তম“ যোগ দি শ্ৰেষ্ঠতৰ বা শ্ৰেষ্ঠতম কৰা অনুচিত। যেনেঃ “বড়গীত/বৰগীতসমূহ গুৰুদুজনাৰ শ্ৰেষ্ঠ সৃষ্টি।“ আজিকালি বহু প্ৰতিযোগিতাত পুৰস্কাৰ প্ৰাপ্ত প্ৰথম তিনিটা স্থানক কোৱা হয়, “প্ৰথম শ্ৰেষ্ঠ“ “দ্বিতীয় শ্ৰেষ্ঠ“ “তৃতীয় শ্ৰেষ্ঠ“। শ্ৰেষ্ঠ জানো তিনিটা হ‘ব পাৰে? শ্ৰেষ্ঠ সদায় শ্ৰেষ্ঠজনকেই কোৱা উচিত ৷ ইংলিছত এই ভুলটো সততে কোনেও নকৰে। নহ'লে নগেনে ইংলিছ নাজানে বুলি লোকে হঁহাৰ থল পাব নহয়। আৰু খোদ সাহিত্য সভাতেই এই ভুলৰ ফুল ফুলি আছে।
ভাষাৰ শুদ্ধৰূপৰ প্ৰতি আগ্ৰহী বন্ধু-বান্ধৱীলৈ ধন্যবাদেৰে 

No comments:

Post a Comment