Thursday, 21 April 2016

বোৱাৰী

বোৱাৰী 
কবি: দেৱৰাজ কলিতা
আনৰ ঘৰৰ ন ছোৱালী আহি হয়
নতুন এখন ঘৰত এজনী বোৱাৰী ।
শহুৰ শাহু ননদ দেওৰ আদৰৰ হয়
যদি তেওঁ হয় আদৰ্শনীয় বোৱাৰী ॥
নতুন ঘৰত আহি পতিৰ সংগী হয়
পুৰণি এৰি নতুন পৰিবেশকেই লয়।
শহুৰ শাহুৰ সকলোকে সন্মান কৰি
সকলোৰে পৰাই মৰম আদৰ পায়॥
যিজনীয়ে ধৰি ৰাখে অতি মৰমৰে
ঘৰখন আটোম টোকাৰি কৰি কৰি।
সেইজনী বোৱাৰী হয় সকলোৰে
মৰমৰ ও আদৰৰ লখিমী বোৱাৰী॥
হাঁহি ভৰা সদায় এখন মৰমৰ মুখ
নেদেখাই কেতিয়াও নিজৰ দুখ।
আনন্দৰে থাকে ঘৰত মিলিজুলি
সকলোৱে অনুভৱ কৰে মনত সুখ॥
স্বামী শহুৰ শাহু জাঁ আদিৰ লগত
থাকে মিলি জুলি হাঁহি ফুৰ্টি কৰি।
এনেকুৱা স্বভাৱৰ বোৱাৰীক সদায়
সকলোৱে কয় লখিমী বোৱাৰী॥
মোৰ জীৱনত এতিয়াহে পালো
মোৰ মনে বিচৰা এজনী বোৱাৰী ।
মনতেই কৰি লৈছো নিজ বোৱাৰী
যদিও নহয় মোৰ ঘৰৰ বোৱাৰী ॥
আছে যদিও বহুতৰ নিজৰ বোৱাৰী
প্ৰায়বোৰে থাকে অশান্তি সৃষ্টি কৰি।
সেয়েহে সকলোৱেই হব নোৱাৰে
স্বভাৱ চৰিত্ৰ গুণত লখিমী বোৱাৰী
(দেৱৰাজ কলিতা)

No comments:

Post a Comment