কবিতা
…………
চামচুল হক
…………
চামচুল হক
নপঢ়োঁ বুলিও যিটো কবিতা পঢ়া যায়
বাৰে বাৰে পঢ়িও যিটো হেঁপাহ নপলায়
বুকুত ল'ম নে শিৰত ল'ম
এনে ভাব হয়
সেইটোৱেই বোধকৰোঁ ভাল কবিতা
শব্দ সুধাৰ এই মোহ এৰিব নোৱাৰি বুলিয়েই
মানুহে কবিতা পঢ়ে
বাৰে বাৰে পঢ়িও যিটো হেঁপাহ নপলায়
বুকুত ল'ম নে শিৰত ল'ম
এনে ভাব হয়
সেইটোৱেই বোধকৰোঁ ভাল কবিতা
শব্দ সুধাৰ এই মোহ এৰিব নোৱাৰি বুলিয়েই
মানুহে কবিতা পঢ়ে
মাজৰাতি শুই থকা অৱস্থাৰ পৰা
ই মানুহক জগায়
কৃতজ্ঞ মই সেই কবিতাটোৰ ওচৰত
যি মোক তৰল চাহকাপৰ পৰা মুক্তি দি
গভীৰ অৰণ্যৰ বাটটোকে দেখুৱাইছিল
ই মানুহক জগায়
কৃতজ্ঞ মই সেই কবিতাটোৰ ওচৰত
যি মোক তৰল চাহকাপৰ পৰা মুক্তি দি
গভীৰ অৰণ্যৰ বাটটোকে দেখুৱাইছিল
ধন্য সেই কবিতা
যি আধামৰা মানুহৰ হাতে হাতে
এমুঠি বাৰুদ গুঁজি দি যায়
যি আধামৰা মানুহৰ হাতে হাতে
এমুঠি বাৰুদ গুঁজি দি যায়
এবাৰ তেনে এটা কবিতা
হাতত সাৰে ভৰিত সাৰে
খিৰিকীৰে সোমাই আহি
মোক জোকাৰি কন্দুৱাই দিছিল
হাতত সাৰে ভৰিত সাৰে
খিৰিকীৰে সোমাই আহি
মোক জোকাৰি কন্দুৱাই দিছিল
থৰ লাগি চাইছিলো
ডাউকজনীৰ মাত যেন কবিতাত
প্ৰসাৰিত হোৱা দিগন্তৰ ৰূপৰেখা ৷
ডাউকজনীৰ মাত যেন কবিতাত
প্ৰসাৰিত হোৱা দিগন্তৰ ৰূপৰেখা ৷
( ৮ এপ্ৰিল, ২০১৬ তাৰিখৰ ৰঙালী বিহু বিশেষ সংখ্যা "অসম বাণী"ত কবিতাটো প্ৰকাশ হোৱাত পাঠকৰ পুনৰ্পঠনৰ বাবে আগবঢ়ালোঁ ৷ )
No comments:
Post a Comment