Sunday, 24 April 2016

চানেকি শিতান : ফেব্ৰুৱাৰী, ২০১৬______আলোচকঃ ভাস্কৰজিৎ নাথ

চানেকি শিতান : ফেব্ৰুৱাৰী, ২০১৬______আলোচকঃ ভাস্কৰজিৎ নাথ
আখৰুৱা গোটৰ চানেকি শিতানৰ বাবে অসমীয়া আলোচনী 'সাতসৰী'ৰ মার্চ, ২০১৬ সংখ্যাত প্ৰকাশিত কবি জোনমণি দাসৰ "কবিতা" শীর্ষক কবিতাটো বাছনি কৰা হৈছে। কবিতাটিৰ পর্যালোচনা আগবঢ়োৱাত হোৱা ভুল ক্রটিবোৰ বাবে ক্ষমা কৰিব। পোনতে কবিতাটো পঢ়ি লওঁ আহকচোন।
.
.কবিতা.. 
¤জোনমণি দাস
.
দুবেলাৰ দুমুঠি ভাততেই মোৰ কবিতা।
কবিতাতে জীৱন।পুৱাৰ পোহৰে প্রতিদিনে প্রতিনিয়ত মোক যুদ্ধলৈ মাতে। দিনটোৰ মজুৰিৰে দুসেৰ চাউল-- কেৰীবেগত লৈ গধূলি ঘূৰি আহোঁ ঘৰলৈ।
.
বিছনাত আঁঠুৱা তৰি ৰাতিয়ে চাই থাকে মোলৈ।
.
হৃদয়ে কলমক মাতে-- কলমে মোক।
একো নাই মোৰ।অথচ চব আছে।পিয়লাত পানী,পানীত পোহৰ ...
.
কঙাল দিনটো শব্দই মোক ধনী কৰি ৰাখিছে।
.
জীৱন প্রতিদ্বন্ধী।সময় যুদ্ধ।মই যোদ্ধা খোজৰ সাৰথি দুখ।দুখৰ লগৰী মোৰ ছাঁ। সময়ৰ শিলাস্তৰত ভাতেই মোৰ প্রথম কবিতা ...
সপোনে মোৰ দুচকুক দেখুওৱা নাই ধোঁৱা-ধূলিৰ উপকূল।
.
কবি জোনমণি দাসৰ প্রতিটো কবিতাতে দেখা পোৱা যায় গাৱলীয়া বোকা পানীৰে ভৰপূৰ গ্ৰাম্য জীৱনৰ ছবি। সহজ সৰল ভাষাত ৰচিত প্রতিটো কবিতাই মানুহৰ মনত দ কৈ সাজ বহুৱাই থৈ যায়। "কবিতা"শীর্ষক কবিতাটো তাৰেই এক নিদর্শন। কবিতাটোত কবিয়ে উল্লেখ কৰিছে
"দুবেলা দুমুঠি ভাততেই মোৰ কবিতা।কবিতাতে জীৱন।"
মানুহে জীয়াই থাকিবলৈ হ'লে খাদ্যৰ প্রয়োজন, আৰু সেই প্রয়োজন পূৰণৰ প্রধান উপাদানেই হল ভাত। ভাততেই সকলো, সেয়ে কবিয়ে কৈছে যে ভাততেই তেওঁৰ কবিতা। ভাততেই বিচাৰি পায় কবিতাৰ অ আ।আনহাতে কবিয়ে কবিতাৰ অবিহনে জীৱন অর্থহীন বুলি উল্লেখ কৰিছে।কবিতাই কবিৰ মানসিক অথবা আর্থনৈতিক তৃপ্তি প্রদান কৰাৰ লগতে সামাজিক দিশৰ পৰাও সবল কৰি ৰাখে। ইয়াত কবিক এজন দিন হাজিৰা কৰা লোকৰ সৈতে তুলনা কৰিছে। ৰাতিপুৱাই কামলৈ বুলি ওলাই যায় আৰূ সন্ধিয়াৰ লগে লগে ঘৰ সোমায়। তেতিয়াহে তেওঁৰ পৰিয়ালৰ গধূলিৰ সাঁজ খোৱাৰ যোগাৰ হয়। এই ক্ষেত্রত কবিয়ে এজন দিন হাজিৰা কৰা মানুহৰ আশ্রয় লৈ এখন সুন্দৰ ছবি আঁকিছে এনেদৰে-
"পুৱাৰ পোহৰে প্রতিদিনে প্রতিনিয়ত মোক যুদ্ধলৈ মাতে। দিনটোৰ মজুৰিৰে দুসেৰ চাউল-- কেৰীবেগত লৈ গধূলি ঘূৰি আহোঁ ঘৰলৈ।"
.
দিনযোৰা পৰিশ্রমৰ অন্তত সকলোয়ে ক্লান্ত অনুভৱ কৰে। কিন্ত হৃদয়ত বুৰবুৰণি কৰি থকা শব্দবোৰে কলমটোৰ জৰিয়তে ওলাই আহিবলৈ হাহাকাৰ কৰে। শেষত হৃদয়ৰ আহ্বান ক্রমে শব্দবোৰ ফুটি উঠে। সেয়ে কবিয়ে লিখিছে-
"কঙাল দিনটো শব্দই মোক ধনী কৰি ৰাখিছে।'
.
কবিৰ একো নাই,অথচ সকলো আছে।পিয়লাত পানী,পানীত পোহৰ।পানীয়ে প্রাণীৰ প্রাণ,পানীৰ অবিহনে জীৱকুল জীয়াই থকা অসম্ভৱ। সেয়ে কবিয়ে কৈছে তেওঁৰ একো নাথাকিলেও সকলো আছে। কাৰণ পিয়াহ দূৰ কৰিব পৰাকৈ এটুপি পানী আছে। কবিয়ে লিখিছে
"জীৱন প্রতিদ্বন্ধী।সময় যুদ্ধ।মই যোদ্ধা খোজৰ সাৰথি দুখ।দুখৰ লগৰী মোৰ ছাঁ।''
সঁচাকৈ জীৱনৰ প্রতিদ্বন্দী, সুখ দুখ হাঁহি কান্দোনে জীৱনক অধিক প্রতিদ্বন্দী হ'বলৈ শিকায়। কবি নিজেই এজন সময়ৰ যোদ্ধা। আৰু দুখবোৰ এই যুদ্ধৰ লগৰীয়া। কবি জোনমণি দাসে এই কবিতাটোৰ মাজেৰে এজন দুখীয়া কবি অথবা দিন-হাজিৰা কৰা ব্যক্তিৰ এখন সুন্দৰ জীৱনপঞ্জী দাঙি ধৰাত সফল হৈছে।
~ ভাস্কৰজিৎ নাথ
সদস্য, আখৰুৱা : literati গোট।
১৬ এপ্ৰিল ২০১৬

No comments:

Post a Comment