Thursday, 21 April 2016

শব্দ- সন্ধান -- ৯

শব্দ- সন্ধান -- ৯
লেখিকা: দীপালী বৰা
লিখোতে সাধাৰণতে অমনোযোগিতা অথবা অন্য কাৰণতো কিছুমান ৰূপ বা শব্দৰ বানান ভুল হোৱা দেখা যায় ৷ বহু সময়ত ভুল বানানে শব্দ বা বাক্যৰ অৰ্থকে সলনি কৰি পেলায় ৷ গতিকে লেখকসকল এই ক্ষেত্ৰত কিছু সজাগ হোৱা দৰকাৰ ৷ ভাষা শুদ্ধকৈ লিখাটো লেখকৰ বাবে অত্যন্ত প্ৰয়োজনীয় কথা ৷ শুদ্ধ ভাষাজ্ঞান আৰু বানান অবিহনে এজন লেখকৰ কৃতি মান্যতাপ্ৰাপ্ত নহয় ৷ আজিৰ শব্দ -সন্ধানত সততে ভুল হোৱা বিষয় এটা উপস্থাপন কৰিছে ড° বিজিত তালুকদাৰদেৱে ৷ আশাকৰো এই লেখাই আখৰুৱাৰ সদস্যসকলক উপকৃত কৰিব ৷

"টো" আৰু "তো"ৰ বিভ্ৰাট
~ ড° বিজিত তালুকদাৰ

ফেচবুকত লিখা-মেলা কৰোঁতে প্ৰায়ে ভুলকৈ ব্যৱহাৰ হোৱা যুক্ত ৰূপ দুটা হ'ল "টো" আৰু "তো" ৷ ফেইচবুকৰ বহু লেখকৰ লেখাত এই ভুল দেখা যায় ৷ আনকি ছপা আখৰতো এনে ভুল দুৰ্লভ নহয় ৷ কিছুমান লোকৰ ভুল হ'ব পাৰে অসচেতনতা বা খৰধৰকৈ লিখাৰ বাবে নতুবা এই ক্ষেত্ৰত ব্যাকৰণৰ সম্যক জ্ঞান নথকাৰ বাবে ৷ এই লেখাত ব্যাকৰণৰ জটিলতালৈ নগৈ সাধাৰণভাবেই এক শুদ্ধ ধাৰণা দিয়াৰ প্ৰয়াস কৰিছোঁ ৷

কোনো বস্তু বা প্ৰাণীক নিৰ্দিষ্টকৈ বুজাবলৈ শব্দৰ শেষত ব্যৱহাৰ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ এটা হ’ল "টো" ৷ এই প্ৰত্যয় ব্যৱহাৰ কৰি কোনো প্ৰাণী বা বস্তুক নিৰ্দিষ্টকৈ বুজোৱা হয় ৷ যেনে-কামটো, ঘৰটো, ভুলটো, চকুটো, বাটটো ইত্যাদি ৷ ইয়াত এক নিৰ্দিষ্ট কাম, ঘৰ, ভুল, চকু আৰু বাটৰ কথা কোৱা হৈছে ৷

বাক্যৰ দ্বাৰা প্ৰকাশ কৰিলে এনেকুৱা হ'ব-

*) মই কামটো ভালকৈ কৰিব পাৰোঁ ৷
*) ঘৰটো বহু পুৰণি ৷
*) তেওঁৰ ভুলটো সাধাৰণ নাছিল ৷
*) মোৰ চকুটো বিষাইছে ৷
*) বাটটো পিছল ৷

আনহাতে শব্দৰ শেষত "তো" ব্যৱহাৰ হয় সেই বস্তুটোৰ ধৰ্ম বা বস্তুটোৰ সৈতে জড়িত অইন কথা বুজাবলৈ ৷ "তো" এটা পৰসৰ্গ ৷

বাক্যৰ দ্বাৰা প্ৰকাশ কৰিলে এনেকুৱা হ'ব -

*) স্বভাৱ চৰিত্ৰৰ লগতে ছোৱালীজনী ঘৰুৱা কামতো ভাল ৷
*) অফিচৰ কিছু কাম মই ঘৰতো কৰিব পাৰোঁ ৷
*) ভুলতো তেওঁৰ ওচৰলৈ নাযাবা ৷
*) আনৰ দৰে মোৰ চকুতো সেইবোৰ ধৰা পৰিছিল ৷
*) দুখৰ বাটতো সুখৰ বতাহ বলিব পাৰে ৷

তলত দিয়া বাক্যটোৰ দ্বাৰা এই কথা আৰু বেছি স্পষ্ট হ'ব য'ত "টো" আৰু "তো" দুয়োটাই আছে ৷

"ভুলতো তেওঁৰ ভুলটো আঙুলিয়াই নিদিবা"

- ইয়াত ভুলটো (The mistake) শব্দই তেওঁৰ এটা নিৰ্দিষ্ট ভুল বুজাইছে, কিন্তু ভুলতো (in mistake) শব্দই কোনো নিৰ্দিষ্ট ভুল বুজোৱা নাই, ভুলতেই হ'ব পৰা আন কথাহে বুজাইছে ৷

তেনেকুৱা আন কেইটামান বাক্য হ'ল-

*) এই কামটো আনন্দৰ কামতো নহয়েই, বৰঞ্চ এইটো এটা বিৰক্তিকৰ কাম (এই কামটো= this work, কামতো= work)

*) সেই কামটোতো কৰা নহ'লেই তদুপৰি কামটো কৰিম বুলি ৰাখি থোৱা বাবে আন কামতো হাত দিব নোৱাৰিলোঁ (সেই কামটোতো= that work, কামটো= the work, কামতো= in work)

*) একেবাৰে সাধাৰণ কামতো অলপ হলেও বিপদ থাকিব পাৰে (কামতো= in work)

(বি.দ্ৰ: হয়তো আৰু নহয়তো- এনেবোৰ শব্দত সদায় “তো” ব্যৱহাৰ হয়)
( শব্দ - সন্ধান - ৯ নিয়ম অনুসৰি কালিয়ে প্ৰকাশ হব লাগিছিল ৷ বিহুৰ ব্যস্ততাৰ বাবে এদিন পলম হ’ল ৷ দুঃখিত ৷ )

ড° দীপালী বৰা
পৰিচালিকা , শব্দ - সন্ধান
 — with Manohar Dutta.

1 comment:

  1. কামটো কৰাতো হয় নে কামটো কৰাটো হয় - কোনটো শুদ্ধ ?

    ReplyDelete