ভাষা বোৱতী নদীৰ দৰে
লেখিকা: দীপালী বৰা
ভাষা বোৱতী নদীৰ দৰে ৷ নদী একেখনেই , মাথোঁ সময়ে সময়ে সুঁতি সলায় ৷ সোঁত অথবা গতি অবিহনে নদী মৰা নদীত পৰিণত হয় ৷ ভাষায়ো সময় সময়ে পৰিবৰ্তন আৰু পৰিবৰ্ধনৰ মাজেৰে গতি কৰি যাত্ৰা অব্যাহত ৰাখে ৷ ধ্বনি, ৰূপ, অৰ্থ, বাক্য আদি দিশত বিভিন্ন ধৰণে ভাষা পৰিবৰ্তনৰ সন্মুখীন হয় ৷ এই পৰিবৰ্তনক বাধা দিয়া মানেই জীৱন্ত ভাষা এটিক মৃত ভাষাত পৰিণত কৰা ৷ ভাষাৰ এই পৰিবৰ্তনৰ ধাৰাক মানি লৈও ক'ব লাগিব যে ভাষাৰ বিকাশৰ নামত ইয়াক বিজতৰীয়া হবলৈ দিব নোৱাৰি ৷ ভাষা সদায় একোটা সাংস্কৃতিক আৰু নিজস্ব গাঠনিক ৰূপৰ মাজত আবদ্ধ হৈ থাকে ৷ যিটো ভাষা যিসকল ভাষা- ভাষীৰ সাংস্কৃতিক পৰিমণ্ডলৰ সৈতে সংপৃক্ত হৈ থাকে ,সেই ভাষা- ভাষীসকল ভাষাটোক সঠিক ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দায়বদ্ধ ৷ বৰ্তমান সময়ত দেখা গৈছে যে শব্দৰ গঠন আৰু প্ৰয়োগৰ লগতে বাক্য গঠনৰ দিশটোতো অসমীয়া ভাষালৈ পৰিবৰ্তন আহিছে ৷ এই পৰিবৰ্তন কিমান দূৰলৈকে সমৰ্থনযোগ্য, সময়ে তাৰ বিচাৰ কৰিব ৷ সেইবুলি আমি ভাষা -ভাষীসকল নিশ্চুপ হৈ থাকিব নোৱাৰোঁ ৷ ভাল-বেয়া, শুদ্ধ- অশুদ্ধ বিচাৰ কৰি লবই লাহিব ৷ আজিৰ শব্দ- সন্ধানত অসমীয়া ভাষাৰ বাক্য গঠনত দেখা পোৱা পৰিবৰ্তন বিষয়ক মৃণালকান্তি মেধিৰ এটা লেখা আগবঢ়োৱা হৈছে ৷ আশাকৰোঁ পাঠকসকল এই লেখাৰ দ্বাৰা উপকৃত হ'ব ৷
ভাষাৰ আঁত ধৰি........
“স্বচ্ছ ভাৰত অভিযান“ সম্পৰ্কীয় মূল হিন্দি ভাষাৰ বিজ্ঞাপনটোৰ অসমীয়া ভাষান্তৰ কোন সদাশয় ভাষাপণ্ডিতে কৰিছে,সেয়া নাজানো৷ তেওঁৰ দ্বাৰা কৃত এই অসমীয়া ভাষাৰ শ্ৰাদ্ধানুষ্ঠান বাৰু অসম সাহিত্য সভাৰ কাণত পৰা নাইনে? বিহুমঞ্চত জাতীয় সাজ-পাৰ পিন্ধাটো বাধ্যতামূলক কৰা অসমপ্ৰেমীসকলৰো কাণত পৰা নাইনে চৌবিশ ঘন্টাই বৈদ্যুতিন মাধ্যমত সম্প্ৰচাৰ হৈ থকা এই দীঘলীয়া বিজ্ঞাপনটো? স্বচ্ছতাৰ বাণীবোৰত অসমীয়া ভাষাটোকেই “অস্বচ্ছ“ কৰি পেলোৱা হৈছে অথচ সকলো নিমাত৷ প্ৰতিটো বাক্যতে “এইটো অমুক হয় তমুক হয় হয়“কৈ অসমীয়া ভাষাক নৱ্যৰূপ দিব খোজা ঠিকাদাৰ জনক সাহিত্য সভাই “সাহিত্য মহীয়ান“ জাতীয় বঁটা এটা নিশ্চয় দিব পাৰে।
অসমীয়া ভাষাত ভুলকৈ ব্যৱহাৰ হোৱা "হয়" শব্দটোলৈ মন কৰক। শলাগৰ মাত বা সন্মতি বুজোৱা মাত বুজাবলৈ "হয়" ব্যৱহাৰ কৰোঁ। ইংৰাজী YES ৰ সমাৰ্থক ই। ঠিক তেনেদৰে ইংৰাজী BE VERB যেনে AM, IS, ARE আদিক বুজাবলৈ যাওঁতে আমি ভুলকৈ "হয়"ৰ প্রয়োগ কৰিবলৈ লৈছোঁ। সাধাৰণতে অসমীয়া বাক্য গঠন প্রক্ৰিয়াত এই "হয়"টো ঊহ্য ( left out) থাকে। নেতিবাচক বাক্যতহে "হয়"ৰ আগত "নঞৰ্থক" "ন" যোগ দি নহয় কোৱা বা লিখা নিয়ম। যেনে, "ৰাম শকত নে?" উত্তৰ হ'ব, হয়, ৰাম শকত বা ৰাম শকত নহয়। আৰু "হয়"টো ব্যৱহাৰ হ'লেও ই সকলো পুৰুষত (PERSON)ব্যৱহাৰ নহয়। অসমীয়াত ইয়াৰ স্থান দ্বিতীয় পুৰুষ(2 nd person)ত "আপুনি" আৰু "আপোনালোক"ৰ সৈতে আৰু তৃতীয় পুৰুষ(3 rd person)ত "সি","তাই","তেওঁ","সিহঁত","তেওঁলোক"ৰ সৈতেহে। কিন্তু আজিকালি য'তেত'তে "হয়"টো বহুৱাই দিয়া হয়। যেনে তাই ধুনীয়া হয়, মই মাজুলীৰ ডেকা হয়, এইটো মোৰ ঘৰ হয়, তুমি মোৰ আপোন নহয়, তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হয়, আপুনি কোন হয়? ইত্যাদি... এনেকৈয়ে "হয়" গৈ ছপাশাল পাইছে, বাতৰি পৰিৱেশকৰ মুখত উঠিছে। কি ধাৰাবাহিক কি চিনেমা সকলোতে "হয়"টোৰে জয় | কোনে কি কৰিব মোক? "মই মাজুলীৰ ডেকা হয়।" হায় নাট্যকাৰ!! ব্ৰুটাছ,,,,, YOU TOO???