Saturday, 29 August 2015

মাতৃত্বৰ সৌৰভ :- ණসাৰদা শ্ৰেষ্ঠ

বিনীতালৈ বহু দিন ফোন কৰা নাই । বিনীতা মোৰ বান্ধৱী । আমি দুয়ো নলে-গলে লগা বান্ধৱী । স্কুলীয়া দিনৰে পৰা স্নাতক পৰ্যায়লৈকে আমি দুয়ো সহপাঠী বান্ধুৱী আছিলো । স্নাতকৰ শেষ বৰ্ষত তাইৰ বিয়া হ'ল, তেতিয়াৰ পৰা আমাৰ মাজৰ দূৰত্ব অলপ বাঢ়ি গ’ল যদিও অন্তৰৰ ফালৰ পৰা আমি আজিও অভিন্ন । ফোনটোৱেই আছিল আমাৰ যোগাযোগৰ একমাত্ৰ সাধন । অৱশ্যে প্ৰায়ে তায়েই মোলৈ ফোন কৰে । ব্যস্ততাৰ অজুহাতত মোৰহে তাইলৈ কমকৈ ফোন কৰা হয় । ভালেমান দিন হ’ল তাইৰ পৰা ফোন পোৱা নাই । ফোন কৰোঁ, কৰোঁ বুলিও ময়ো আহৰি পোৱা নাছিলো, একেই অজুহাত ব্যস্ততা । আজি জানো কিয় তাইলৈ বৰকৈ মনত পৰি আছে, কি বা খৱৰ তাইৰ ! নাই, আজি যেনে তেনে তাইক ফোন কৰিমেই, ভাবিলো । ৰাতিপুৱাৰ কামবোৰ লৰালৰিকৈ শেষ কৰি গৃহস্থক কামলৈ আৰু বিটুক স্কুললৈ পঠিয়াই যাৱতীয় ঘৰুৱা কাম কিছুমান সামৰি আজৰি হৈ মই বিনীতালৈ ফোন কৰিলো । কেইবাবাৰো ৰিং হৈ হৈ ৰিং বন্ধ হৈ গ’ল । তিনিবাৰমান ফোন কৰিলো, ফোনটো ৰিং হৈ হৈ বন্ধ হৈ যায় ।
ৰাতিপুৱা দহটা বজাৰ পাছত বিটু স্কুলৰ পৰা উভতি নহালৈকে কিছু সময় মই আজৰি হৈ থাকোঁ । ঘৰুৱা ইটো সিটো কামৰ উপৰিও মোৰ নিজৰ বাবেও কিছু সময় উলিয়াই লৈ আলোচনী বা অন্য কিতাপ পত্ৰ পঢ়োঁ । আজিও মোৰ “প্ৰিয় সখী “ হাতত লৈ পঢ়িবলৈ লৈছিলো । এনেতে মোবাইলটোৰ সুৰীয়া ৰিংটোন সশব্দে বাজি উঠিল - “শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে…” । মোবাইলটোত চকু ফুৰালো, মোবাইলটোৰ স্কীনত জিলিকি উঠিল বিনীতাৰ নাম । কিতাপখন সামৰি থৈ আগ্ৰহেৰে মোবাইলটো তুলি লৈ ফোনটো ৰিচিভ কৰিলো – “হেল্লো..এই তোৰ কি খৱৰ ? ভালনে ? ইমান ফোন কৰি আছোঁ উঠোৱা নাই যে কেলেই ....কি কৰি আছিলি ? খৱৰ বহুদিন পোৱা নাই তোৰ...বৰকৈ মনত পৰি আছে তোলৈ । সেই বাবেই আজৰি হৈয়েই তোলৈ ফোন কৰিছিলো ।”
“অ’ ভালেই মোৰ । মই আমাৰ ওচৰৰ গণেশ মন্দিৰলৈ আহিছিলো । তই ফোন কৰিছিলি, মই মন্দিৰৰ ভিতৰত পূজাত ব্যস্ত আছিলো বাবেই ৰিং হোৱা শুনা নাছিলো । বাহিৰলৈ ওলাই আহি মালৈ ফোন কৰোঁ বুলি মোবাইলটো উলিয়াই চাই তোৰ মিচকল দেখি তোলৈকে ফোন কৰিলো । ভালেইনে তোৰ ?”
তাইৰ প্ৰশ্নৰ উত্তৰ দি ক’লো – “মোৰ ভালেই । তোলৈ বৰকৈ মনত পৰি আছিল, সেইবাবেই ফোন কৰিছিলো । তই যে আজি মন্দিৰলৈ আহিলি, কি আছেনো আজি ? কাৰ সৈতে আহিলি মন্দিৰলৈ ?”
“আজি মোৰ ছোৱালী কুঁহিৰ জন্মদিন । সেই বাবেই তাইৰ নামত মন্দিৰত পূজা দিবলৈ আহিলো, অকলেই আহিছোঁ – তাই ক’লে ।
তাইৰ কথা শুনি মই আচৰিত হ’লো । মই জনাত তাইৰ ল’ৰা দুটাহে । ছোৱালী সন্তানতো তাইৰ নাই ! আচৰিত হৈয়েই সুধিলো – “এই, তোৰ ছোৱালীনো ক’ত আছে ? কি কৈছ তই ? কুঁহি কোন ?”
“তই পাহৰিলি নেকি এবছৰ আগতে মোৰ যে ছোৱালী এজনী জন্ম হৈছিল ? তায়েই কুঁহি, আমি তাইৰ নাম কুঁহি ৰাখিছিলো ।” – তাইৰ কথাই মোক ভবাই তুলিলে । আজি ভালেমান দিন মই বিনীতাক লগ পোৱা নাই । ছোৱালীজনী জন্ম পোৱা বুলি জানি তাইৰ খৱৰ ল’বলৈ যোৱাৰ কথা ভাবিও যাবলৈ সময় উলিয়াব পৰা নাছিলো । হঠাতে এদিন শুনিলো ছোৱালীজনী ঢুকাল । ছোৱালীজনীৰ মৃত্যুত তাই যথেষ্ট ভাঙি পৰিছিল । নাৰী হোৱাৰ গৌৰৱেৰে তাই গৌৰৱাম্বিত....তাই আশা কৰিছিল তাইৰ দৰেই জীয়ৰী এজনীৰ তাই মাতৃ হ’ব । তাইৰ জীয়ৰীজনী তাইৰ ছাঁ হ’ব । বিধাতাই তাইৰ সেই সুখ কিজানি সহ্য কৰিব পৰা নাছিল । সেয়ে তেনেই কম সময়তেই কাঢ়ি নিছিল তাইৰ জীয়ৰীক । তাইৰ দুখৰ সময়ত তাইৰ কাষত থাকি তাইক কিছু সান্ত্বনা দিওঁ বুলি এদিন সময় উলিয়াই তাইৰ ওচৰত উপস্থিত হৈছিলো । তাৰ পাছত আৰু আমাৰ দেখা সাক্ষাৎ হোৱা নাই । ফোনৰেই দুয়ো মাজে সময়ে সুখ দুখৰ খৱৰ লওঁ । সেয়েহে আজি তাইৰ কথা শুনি মই এইবাৰ আৰু অধিক আচৰিত হ’লো । মোৰ স্মৃতিৰ ভঁৰাললৈ ভুমুকিয়াই চালো - অ’ মই গম পাওঁ । তাইৰ ছোৱালীজনী জন্ম হোৱাৰ এমাহ পাছতেই ঢুকাইছিল । হঠাতে এদিনৰ জ্বৰতে তাইৰ মৃত্যু হৈছিল । তাইৰ বৰ হেঁপাহ আছিল ছোৱালী সন্তানৰ মাতৃ হোৱাৰ । প্ৰথম দুটা সন্তান ল’ৰা হোৱাৰ পিছত তাইৰ ছোৱালী এজনী জন্ম হৈছিল । ছোৱালীজনীৰ মাতৃ হোৱাৰ আনন্দত তাই অধীৰ হৈ পৰিছিল । কিন্তু তাইৰেই দুৰ্ভাগ্য । ছোৱালীজনী এমাহৰেই মাথো আয়ুস লৈ আহিছিল তাইৰ কোলালৈ । তেনেহ’লে এইজনী কোন ?
মোৰ মনৰ জিজ্ঞাসা দূৰ কৰিবলৈ মই তাইক সুধিলো – “তাই এমাহতেই ঢুকুওৱা নাছিল জানো ? তেনেহ’লে তোৰ ছোৱালীৰ জন্মদিন? কথাটো মই বুজা নাই । তই আকৌ ছোৱালী তুলি ল’লি নেকি ? মোক দেখোন তই কেতিয়াও জনোৱাই নাই !” শেষৰ ফালে মোৰ মাতত অভিযোগৰ সুৰ স্পষ্ট হৈ পৰিছিল ।
তাই ক’লে – “নাই অ’...মই কোনো ছোৱালী তুলি লোৱা নাই । মোৰ যে ছোৱালীজনী জন্ম হৈছিল, তাই আজি জীয়াই থকা হ’লে এবছৰীয়াই হ’লহেঁতেন । আজিৰ দিনটোতেই তাইৰ জন্ম হৈছিল । সেইবাবেই মই তাইৰ নামত মন্দিৰত পূজা দিবলৈ আহিলো । তাই য’তেই আছে তাতেই সুখেৰে থাকক” ।
তাইৰ মাতত নাছিল কোনো বেদনাৰ সুৰ । তাইৰ মাত শুনি মোৰ এনে অনুভব হ’ল, তাইৰ ওচৰত যেন থিয় হৈ আছে তাইৰ অকণমানি এবছৰীয়া জীয়েক আৰু তাই তাইৰ মংগলৰ বাবে মন্দিৰলৈ পূজা দিবলৈ আহিছে । তাইৰ কথাত মই বিস্ময় বিমূঢ় হৈ ঠাইতেই থৰ লাগিলো । তাইৰ মাতৃ হৃদয়ৰ আলোকে মোৰ মাতৃ হৃদয়ক জোকাৰি গ’ল । তাইৰ প্ৰতি শ্ৰদ্ধাত মোৰ মূৰ দোঁ খাই গ’ল – “মই তাইক ক’লো – “তোৰ ছোৱালীজনীৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ । তাই যতেই আছে তাতেই সুখেৰে থাকক” ।

No comments:

Post a Comment