দেওবৰীয়া আবেলি । আগফালৰ বাৰাণ্ডাখনত থকা আওপুৰণি বেতৰ চকী খনতে বহি ৰাস্তাৰ ফালে দৃষ্টি ৰাখি বাটৰুৱা লোকৰ আহ-যাহ চাই আছোঁ । আকাশখনৰ ফালে চাই দেখিলোঁ উত্তৰ দিশৰ পৰা আকাশখন ভীষণ ক'লা হৈ আহিছে । বজাৰৰ পৰা পাক এটা মাৰি আহিব লাগিছিল । ইফালে মানুহজনীয়ে বলকিয়েই আছে । ৰাতিৰ সাজৰ কাৰণে আলুগুটি এটাও নাই হেনো । চৰুৱে মাছ মাংস দেখা নোপোৱা ভালেকেইদিন হ'ল । কিমান আৰু সুদা ভাত খাব । এইবোৰ কথাকে তেওঁ মোক দিনটো শুনাই আছে । কথাবোৰ হওঁতে মিছা নহয় । দৰমহাটো পাবৰ দিনাখনেই যি মাছ খাইছিলো । তাকো সেই 'ফিচাৰি'ৰ সা-সোৱাদ নোহোৱা ভাঙন মাছ। তাকে আনিছিলো পোৱা পঞ্চাশ টকা দৰত । নদী বিলৰ মাছৰ ফালেটো চাবই নোৱাৰি । সৰুৱেই হওঁক বা ডাঙৰেই হওঁক এপোৱা মাছতে ডেৰশ-দুশ বিচাৰে । আজিকালি মাছৰ দাম সুধিলে বেপাৰীয়ে পোৱাতহে কথা কয় ।
--'হেৰি বহিয়েই থাকিবনে ? বৰষুণ জাক আহেহে লাগে' । শ্ৰীমতীৰ মাতত জাপ মাৰি উঠাৰ দৰে উঠি থিয় হ'লো । লগে লগে মেঘেও প্ৰচণ্ড গাজনি এটা মাৰি পঠিয়ালে ।
'হেৰা মোনাখন আনা বেগতে' । কথাষাৰ কৈ আকাশখনলৈ চালো । ইতিমধ্যে বৰষুণে কিনকিনাবলৈ আৰাম্ভ কৰি দিছে ।
দৌৰা-দৌৰিকৈ 'ষ্টেণ্ড' নথকা কাৰণে বাৰাণ্ডা খনৰ বেৰতে আওজাই থোৱা মোৰ মৰমী বাসন্তী অৰ্থাৎ মোৰ আওপুৰণি চাইকেল খন চোতাললৈ নমাই আনি বহা চিটটো সোঁহাতৰ তলুৱাৰে থপথপাই দি লাগি থকা ধূলিখিনি আঁতৰাই ললোঁ । শ্ৰীমতীয়ে চতি কাপোৰৰ মোনা এখনৰ লগতে বজাৰৰ শ্লিপ এখন মোৰ হাততে দি ক'লে - 'বস্তু এটাও ননাকৈ নাথাকিব দেই । আৰু ভাল মাছ অকণমান আনিবচোন । কল্পনাই অহাৰ দিন ধৰি ভালকৈ ভাত এসাজ খাব পোৱা নাই । যাবলৈয়ে হ'ল তাইৰ ।' মানুহজনীৰ কথাষাৰত মনটো সেমেকি গ'ল । মিছা কথা কোৱা নাই তাই । মাজু ছোৱালী কল্পনা শিলচৰ মেডিকেল কলেজৰ তৃতীয় 'চেমিষ্টাৰ'ৰ ছাত্ৰী । পৰীক্ষা দি উঠি ঘৰলৈ অহা মাহদিনেই পূৰ হয় এথোন । ডেৰমাহ মানৰ দীঘলীয়া বন্ধ । দালি ভাতকে খোৱাই আছোঁ । কৰিমনো কি ? ঘৰভাড়া, গেলামাল দোকানৰ বাকী, ছোৱালীকেইজনীৰ পঢ়া খৰচ আৰু দালি-ভাত কেইটা খাওঁতেই বেতনৰ টকাকেইটা মাহৰ আধা নৌ যাওঁতেই অন্ত পৰে । তাৰ পাছত ধাৰ বিচাৰি আনৰ ওচৰত হাত পাতিব লাগে । বৰজীয়ৰী মণিকা বি এ পাছ কৰি ঘৰতে আছে । কেইবাটাও ইন্টাৰভিউ দিলে । ঘোঁচ দিবলৈ মোৰ শকতি নাই । ক'ত চাকৰি পাব ? টিউচন কৰি যি পায়, নিজা হাতখৰচ হয় । অঞ্জলি সৰু । নৱমমানৰ ছাত্ৰী । তিনিজনীকৈ ছোৱালীৰ চিন্তাত মোৰ কেতিয়াবা পেটলৈকে ভাত নাযায় । এইবোৰকে ভাবি লাহে লাহে চাইকেলখন ঠেলি কেতিয়া ৰাষ্টাত উঠিলোহি গমেই নাপালোঁ ।
-- 'হেৰি ছাতিটো লৈ যাওঁক ।' শ্ৰীমতীয়ে বাৰাণ্ডাৰ পৰা গেৰিয়ালে ।
-- 'হ’ব হ’ব ছাতি নালাগে দিয়া । বৰষুণ ডাঙৰকৈ নাহে '। চল বাসন্তী বুলি কৈ চাইকেলখনত জাপ এটা মাৰি উঠি ল’লো । কেৰেক মেৰেক কৰি মোৰ চিৰলগৰী বাসন্তী মোকলৈ বজাৰভিমুখী হ'ল । বৰষুণজাকো ক্ৰমাৎ ডাঙৰ হৈ আহিব ধৰিলে ।
বজাৰ পাওঁগৈ মানে মোৰ সৰ্বশৰীৰ তিতি জুৰুলি জুপুৰি হ'ল । বাসন্তীক মোহনৰ পাণদোকানৰ বেৰতে আওজাই থৈ জাপখনৰ তলতে খন্তেক থিয় হলোহি ।বৰষুণৰ পৰা হাত সাৰিবলৈ ইতিমধ্যে কেইবাজনো জাপখনৰ তলত সোমায়েই আছিল ।
-- 'মোহন তামোল এখনকে দিয়াহে' । মোহনে দিয়া তামোলখনৰ লগত জৰ্দাৰ খালি টেমা এটাত ৰাখি থোৱা ক'লা মান ধঁপাত অকণমান মুখত ভৰাইলৈ ভাবিলো ৰৈ থাকি লাভ নাই । বৰষুণ কমাৰ আশা কম।
-- 'ভাল মাছ ওলাইছেনে মোহন ?’ ' কথাটো কৈ উঠি ভাবিলোঁ ভাল মাছ কিনিবৰনো মোৰ শকতি ক'ত । পকেটত টকা আছে সমুদায় পাঁচশ । বৰবাবুৰ পৰা বহু কাকুতি মিনতি কৰি ধাৰ খুজি আনিছোঁ । ইতিমধ্যে তিনিহাজাৰ মান টকা লৈ থোৱাই আছে ।
-- 'বঢ়িয়া বাহু এটা কাটিছে দাদা । দামো বঢ়িয়া । একেবাৰে পুৰাপুৰি হাজাৰেই লগাইছে ।' মোহনৰ কথাত অঙ্ক এটা কৰি চালো । কিলোত এহেজাৰ, পোৱাত আঢ়ৈশ । পাঁচজনৰ মাজত এক পোৱা মাছ, পাঁচ টুকুৰা মান হ'বনে বাৰু । মোহনৰ কথাৰ কোনো উত্তৰ নিদিয়াকৈয়ে মাছ বজাৰৰ দিশে আগবাঢ়িলো ।
অৱশেষত এক পোৱা বাহু মাছ কিনি পেলালো । দাম-দৰ কিছু কৰিছিলো যদিও কামত নাহিল । আঢ়ৈশ টকাৰ এটা টকাও এৰি নিদিলে। মাছকণ আথেবেথে মোনাখনত ভৰাই ললো । ঔ টেঙাৰে খাব লাগিব । এইবাৰ পকেটৰ পৰা শ্ৰীমতীয়ে দিয়া শ্লিপখন উলিয়াই চশমাখন অকণমান ওপৰলৈ উজাইলৈ চকুৰ সন্মুখত মেলি ধৰিলো । বিস্ময়ত চকু কপালত উঠিল । একেবাৰে চাউল ডালিৰে পৰা পাঁচফুৰন গৰম-মচলালৈকে দহ-বাৰ বিধ মান সামগ্ৰীৰ দীঘলীয়া তালিকা । চাউল, ডালি তেলখিনি তমিজ কাইটিৰ গোলাৰ পৰা যদি বাকীতেও লওঁ, বাকী বস্তুকেইপদ লোৱাৰ জোখাৰে চোন ধনে নাটিবগৈ । মাহৰ শেষ, মোৰ অৱস্থাটোৰ বিষয়ে জানি শুনিও মানুহজনীয়ে বাৰু ইমান সোপা সামগ্ৰীৰ ফৰমাইচ দিব লাগেনে ! হাতখনো একেবাৰে খালি কৰি থ’ব নোৱাৰো নহয় । ভাবিলো এৰিব নোৱাৰা কেইপদকে লও আৰু বাকীবোৰ আজিলৈ থাকক । তাইক কথাটো বুজাই ক’বগৈ লাগিব । নুবুজিলে বকিব, বকক !
বৰষুণজাক কিছু পৰিমাণে কমি আহিছিল । ততাতৈয়াকৈ যিখিনি নিকিনিলে নহয় কিনি ললো । ঔটেঙা এটা ল’বলৈ কিন্তু নাপাহৰিলো । ইফালে তমিজ কাইটিৰ গোলাত সোমাবলৈ আছেই । খৰধৰকৈ আহি চাইকেলখনৰ কাষ পাই হেণ্ডেলডালতে বজাৰৰ মোনাখন ওলমাই ললো । চল বাসন্তী বুলি ক'বলৈহে পালো মোহনে দোকানত বহি থকাৰ পৰাই চিঞৰি কৈ উঠিল --'অ' দাদা টকা অলপ দি গ'লে ভাল আছিল, হিচাপ ভালেখিনি হৈছেগৈ '। ইমান ডাঙৰকৈ চিঞৰা কাৰণে খংটো টিঙিচকৈ উঠি আহিছিল । উঠি অহা খংটো পেটৰ ভিতৰতে হজম কৰি ক'লো -- 'মাহ দেখোন পূৰ হোৱাই নাই এথোন, মোহন । তোমাৰ পইচা খাই পলাই নাযাও নহয় । বেতন পালেই দি দিম' । মোৰ কথাৰ উত্তৰত মোহনে কি কয় সেয়া শুনিবলৈ আৰু ৰৈ নাথাকিলো । খঙতে প্ৰয়োজনতকৈ অধিক জোৰেৰে চাইকেলখন ঠেলি লৈ গৈ ৰাষ্টা পালোগৈ । উৰহৰ খং ভঙা ঢাৰিতে জাৰিলো ।
বৰষুণজাক ইতিমধ্যে সাম কাটিছিল যদিও আকাশখন ওন্দোলায়ে আছিল । বিজুলী-ঢেৰেকনিৰ কুচকাৱাজো পূৰ্ণ গতিত চলি আছিল । ভাবিলো বৰষুণজাক পুনৰ অহা আগেয়ে ঘৰ সোমাবগৈ লাগিব । মোহনৰ ওপৰত উঠি থকা খংটো মাৰ যোৱা নাছিল যদিও মনটো এটা কথাত উৎফুল্লিত হৈ পৰিছিল যে আজি বহুদিনৰ পিছত ভাল মাছ অকণমান কমকৈ হ’লেও ৰাতিৰ ভাতসাঁজৰ সতে ছোৱালীকেইজনীয়ে মুখত দিব পাব । ঔটেঙাদি ৰন্ধা মাছৰ জোল এনেয়েও গোটেইকেইজনীৰে বৰ প্ৰিয় আৰু ভাবিলো, আজি আমি পৰিয়ালটোৱে দেওবৰীয়া এসাঁজ লগে-ভাগে খাম । চিন্তাক্লিষ্ট মনটো কিবা এটা ভাল লাগি আহিল ।
এইবোৰ কথাকে ভাবি চাইকেলখনৰ ওপৰত একেজাপে উঠি ললোঁ আৰু কিছু ডাঙৰকৈয়ে কৈ উঠিলোঁ 'চল বাসন্তী' ।
No comments:
Post a Comment