'মোৰ প্ৰিয় কবিতা' বুলি ক'লে বহু কবিৰ কবিতাই মনলৈ আহে।সময় ভেদে প্ৰিয় শব্দটোৰো সংজ্ঞা সলনি হয়।কেতিয়াবা কিছুসংখ্যক কবিতাৰ শিৰোনামটোয়ে বৰকৈ আৰ্কষণ কৰে।আকৌ কেতিয়াবা বিশেষ পংক্তি কেইটিমানে মনত দ'কৈ সাঁচ বহুৱাই থৈ যায়।তেনে এটি মোৰ ভাল লগা কবিতাৰ বিষয়ে আপোনালোকক অৱগত কৰাব বিচাৰিছো।কবিতাটো পঢ়িছিলো,"সাদিন-বসন্ত সম্ভাৰ"(২০০৪ ইং বৰ্ষ)ত।
কবিতাটিৰ শিৰোনাম:'ভাল মানুহ কোন দেউতা'।
কবি:প্ৰণৱ কুমাৰ বৰ্মন।যুৱকবি প্ৰণৱ কুমাৰ বৰ্মন আমাৰ সকলোৰে পৰিচিত।
.
কবিতাটি পঢ়িলে সহজেই তাৰ ভাৱ তথা প্ৰকাশভংগী বুজা যায়।'ভাল মানুহ কোন দেউতা' শীৰ্ষক কবিতাটি মূলত: এগৰাকী পিতৃ আৰু তেওঁৰ পুত্ৰৰ মাজত ঘটা কথোপকথনৰ ৰূপ।যাৰ সৰল কিন্তু সংবেদনশীল চিন্তাই পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ নিশ্চয়কৈ সক্ষম হ'ব।ভাল আৰু বেয়া এই দুয়োটা শব্দই আপেক্ষিক।কিন্তু বাস্তৱক্ষেত্ৰখনত ভালবোৰ ভাল নহ'বও পাৰে।ঠিক তেনেকৈ বেয়াবোৰো বেয়া নহ'ব পাৰে।পৃথিৱীখনত বিভিন্ন স্তৰৰ লোক বাস কৰে।সাধাৰণতে আমাৰ মনত সৰু অৰ্থাৎ তলৰ শ্ৰেণীৰ বুলি জ্ঞাত এচাম মানুহ নহ'লে আমাৰ জীৱন ধাৰণৰ গতিয়ে সলনি হৈ যাব।যিটো হয়তো আমি কেতিয়াও ভাবি নাচাওঁ।ইতিহাসত স্থান পোৱা গুণি-জ্ঞানী লোকসকলেই যে ভাল মানুহ হ'ব লাগিব,তেনে কোনো কথা নাই।সাধাৰণ লোক এজনো আমাৰ বাবে হৈ পৰিব পাৰে 'ভাল'।আমাৰ দৃষ্টিৰ অলক্ষিতে ৰৈ যোৱা সেইচাম লোক,যিসকল দৰাচলতে সমাজৰ এক অবিচ্ছেদ্য অংগ,সেইসকলকহে প্ৰকৃততে 'ভাল' আখ্যা দিয়া উচিত।এই চিন্তাৰেই প্ৰতিফলন ঘটে 'ভাল মানুহ কোন দেউতা' শীৰ্ষক কবিতাটিত।সম্পূৰ্ণ কবিতাটি তলত তুলি দিয়া হ'ল।
.
"ভাল মানুহ কোন দেউতা"
-প্ৰণৱ কুমাৰ বৰ্মন
.
দেউতা,ভাল মানুহ কোন
দেউতাই থতমত খাই ক'লে-'কিয় ছক্ৰটিছ
তই জানো নাম শুনা নাই!'
ছক্ৰেটিছ হেনো লেতেৰা জধলা সময় নমনা
এনে মানুহ জানো ভাল মানুহ দেউতা?
দেউতাই এইবাৰ ক'লে-'টলষ্টয়,টলষ্টয় মহাশয়'
আড়ষ্ট কণ্ঠ তেওঁৰ
টলষ্টয়?উচ্ছংখল,ৰাতি মদ আৰু
জুৱাত কটোৱা মানুহজন জানো
ভাল মানুহ?(মই টলষ্টয়ৰ জীৱনী পঢ়িছো লুকাই চুৰকৈ)
দেউতাই ভাবে আৰু কয়-'মহাত্মা গান্ধী আৰু
জৱাহৰলাল,
তই গান্ধীৰ দৰে সত্য সহচৰ হ'বলৈ শিক,
জৱাহৰৰ দৰে পণ্ডিত
পাৰিবিনে হ'বলৈ,কিয় নোৱাৰিবি'- দেউতাই কয়,
বাৰে বাৰে কয়
না,না,দেউতা-লোকে কয় ৰাজনীতিত থকাসকল হেনো
ভাল মানুহ নহয়
কোৱানা দেউতা,ভাল মানুহ কোন
দেউতাৰ চুলি থিয়,দুচকুত পৰাজয়
ভাল মানুহ কোন
বেয়া মানুহেৰে ভৰা পৃথিৱীখনত ভাল মানুহনো কোন
ৰাতিপুৱাৰ বাতৰি কাকত দেউতাই থ'লে নিলগাই
ধোঁৱা উৰি উৰি চাহ চেঁচা হয়
চছ্ মাৰ ফ্ৰেমত তেওঁৰ অহংকাৰ বন্দী হৈ ৰয়
আকাশলৈ মুখ কৰি তেওঁ ভাল মানুহ কোন
এফালৰপৰা মনত পেলাই গ'ল
বুৰঞ্জীত পঢ়া নামবোৰ-কাৰ্লমাক্স, ৰাছেল,শ্বেক্সপীয়েৰ
শিবাজী,বোনাপাৰ্ট,ফিদেল কাষ্ট',বুদ্ধদেৱ ভট্ট…
কিন্তু মুখ ফুটাই ক'বলৈ তেওঁৰ সাহস নহ'ল
ভাল মানুহ কোন-দেউতাৰ পৃথিৱীত যেন
হাহাকাৰ লাগি গ'ল
কিয় দেউতা-পুৱা ছয় বজাত খবৰ কাগজ দিয়া হকাৰজন
ছবজী দিয়া মানুহজন,ঝাৰুৱালা,মেটৰজন
মিউনিচিপালিটিৰ পানী কঢ়িয়াই অনা টেংকাৰৰ ড্ৰাইভাৰজন
আৰু আমাক যে ৰাস্তা পাৰ কৰাই দিয়ে ট্ৰেফিক পুলিচজন
তোমাক যে সোধে মুচিজনে-বাবু কি খবৰ
এই সকলোতো মই ভবাত ভাল মানুহ দেউতা!
No comments:
Post a Comment