Saturday, 29 August 2015

বেলিটো মূৰতে লৈ :- ණ মিনুৰেখা গগৈ

টোপনিৰ পৰা সাৰ পাই সেউতীয়ে ইকাটি কৰিবলৈ লওঁতে হাতত টান এটা পৰা যেন লগাত চাই দেখিলে যে বাওঁহাতখনত চেলাইন এটা লাগি আছে । তেওঁ হতচকিত হৈ চকুমেলি চাৰিওফালে চাই পঠিয়ালে, কাষতে অইন এখন বিচনাত আৰু কোনোবা ৰোগী শুই আছে,তেওঁৰ হাততো চেলাইন লাগি আছে । কাষতে টুল এখনত বহি ল'ৰা এটাই বাতৰি কাকত এখন পঢ়ি আছে ।এইখন তাৰমানে হস্পিতেল,তেওঁ কেনেকৈ এইখিনি পালেহি ! প্ৰথমে তেওঁ একো ততকে ধৰিব নোৱাৰিলে ।
---মোক ইয়ালৈ কোনে আনিলি ঐ ? তেওঁ চিঞৰি উঠিল ।বহি থকা ল'ৰাটোৱে তেওঁৰ চিঞৰ শুনি দৌৰি গৈ ডাক্তৰ-নাৰ্চক মাতি আনিলে।
ডাক্তৰ জনক তেওঁ চিনি পালে, মহেন্দ্ৰ মাষ্টৰৰ পুতেক পোনাকণ । সেউতীৰ পুতেক সোণগুটিৰ লগত একেলগেই সিও ডাক্তৰ পাছ কৰি আহিছিল । লাহে লাহে গোটেই কথাবোৰ জলজল পটপটকৈ তেওঁৰ মনত পৰি গ’ল । দুচকুৱেদি তেওঁৰ গৰম লোতক দুধাৰি অজানিতে বৈ আহিল । পোনাকণ ডাক্তৰে (ভাল নাম বিপুল ) তেওঁৰ চকুপানী মোহাৰি বৰ্তমান কেনে লাগিছে সুধিলে । সেউতীয়ে ভাল বুলিয়েই ক'লে । তেওঁৰতো দেহৰ অসুখ হোৱা নাই, দেহাটো ষাঠি বছৰীয়া হ'লেও ভালেই আছে । মনৰ ভিতৰত হে আজিকালি তেওঁৰ সদায়ে ধুমুহা বলি থাকে । মনত নেপেলাও বুলিলেও সোণালী অতীতটোৱে বাৰে বাৰে মনৰ মাজত ভুমুকি মাৰি তেওঁক কষ্ট দি থাকে ।
........ .....
নাহৰ এজন সুস্থ সবল কৰ্মঠ ডেকা ।চেঙেলীয়া বয়সতে সি তাৰ মাক-দেউতাক দুয়োকে টান নৰিয়াত এসপ্তাহৰ অগা-পিছাকৈ হেৰুৱাইছিল ।আগে পিছে তাৰ কেও কিছু নাছিল । দ'-বাম মিলি তাৰ পৈতৃক মাটি বাৰী আছিল দহ বিঘা ।পিতাকৰ লগত সি সৰুৰপৰাই সেই মাটিতে নানাধৰণৰ বতৰৰ খেতি কৰিছিল । ধান খেতি শেষ হ'লেই মটৰমাহৰ খেতি কৰিছিল ।সৰিয়হ খেতি কৰিছিল, বাৰীৰ ঢাপে ঢাপে ৰুইছিল মাটিকঠাঁলৰ গছ। বেঙেনা,লাও,জিকা,ভেন্দি সকলো ধৰণৰ পাচলিৰেই খেতি কৰিছিল সিহঁতে । মাক-দেউতাক ঢুকোৱাৰ পিছত দুখ লাগিছিল যদিও সি মনোবল হেৰুৱাই নেপেলালে। গাঁৱৰ দুজনমান ল'ৰাক লগত লৈ সি বিজ্ঞান সন্মত ভাৱে সমবায় ভিত্তিত দুগুণ উৎসাহেৰে কৃষি-কৰ্মত লাগিল ।বজাৰত সকলোতকৈ আগত বতৰৰ পাচলি নাহৰেহে যোগান ধৰিছিল ।এনেকৈয়ে দোপতদোপে উঠি আহিছিল নাহৰহঁতৰ ব্যৱসায়, পিছলৈ সিহঁতে বজাৰলৈ যাব লগা নহৈছিল, বেপাৰী নিজেই আহি ঘৰৰপৰাই সকলো লৈ গৈছিলহি ।
নাহৰৰ কষ্টও হৈছিল অলপ কিয়নো ভাত-পানী নিজেই ৰান্ধি খাব লগা হৈছিল । কষ্টক কাণ দিয়া মানুহ সি নাছিল, কিন্তু পৈণত বয়সত সি এজনী জীৱনৰ লগৰীৰ অভাব অনুভৱ কৰিবলৈ লৈছিল ।তাৰ লগতে কাম কৰা হৰেশ্বৰেই সিখন গাঁৱৰ সেউতীক দেখুৱাবলৈ তাক এদিন লৈ গৈছিল । সেউতীক সি ইঘৰ সিঘৰত সকাম-নিকাম খাবলৈ যাওঁতে ভকতক চাহ-জলপান দিয়া তথা সাঁউৰী খাবলৈ গলে ভূঁই ৰুৱা দেখিছিল ।সেয়ে তাৰ সেউতীত পতকৈ মন খালে, লাহীকৈ ওখ মাগুৰ বৰণীয়া সেউতী এজনী ধুনীয়া ছোৱালী । তাইও পচন্দ কৰিলে নাহৰক । তাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল । আগলৈকো পঢ়াৰ ইচ্ছা আছিল যদিও ককায়েক-বৌৱেকে আৰু পঢ়িব নেলাগে বুলি কোৱাত ঘৰতে তাঁত-সূত বৈ আছিল । ককায়েক-বৌৱেকৰো দৰা পচন্দ হোৱাত মানুহ দুজনমান গোটাই একেদিনাই সেউতীক তালৈ দিয়েই পঠালে ।
সেউতী অহাৰ পৰাই নাহৰৰ ঘৰখন ষোল্ল কলাই পূৰ্ণ হৈ উঠিল । হাঁহ,পাৰ,গৰু,ছাগলী চব তাই পুহিবলৈ ল'লে । তাঁতশালখনতো আছেই ।পুৱা পাটী এৰাৰ পৰা ৰাতি পাটীত পৰালৈকে নাহৰ-সেউতী সংসাৰৰ কামত ব্যস্ত হৈ পৰিছিল । শুই উঠিয়েই বাহিৰলৈ গ’লেই ছাগলীকেইজনীয়ে তাইলৈ চাই বে-বে কৰি মাত লগায় । পাৰকেইটাই পিছফালৰ পিৰালিৰ ওপৰত সাজি দিয়া বাহকেইটাৰ পৰা ৰুণ দিয়ে।হাঁহবোৰে টেক টেক কৰে।
---ৰহ ঔ ৰহ ! গোটেই সোপাই একলগে নিচিঞৰিবিচোন ।দিম নহয় তহঁতক খাবলৈ ।তহঁতক নিদিয়াকে জানো মই কেতিয়াবা চাহপানী টোপাও খাইছো হুঁ !
তেনেকৈ কৈয়েই তাই এফালৰ পৰা সকলোকে সন্তুষ্ট কৰি যায় ।সিহঁতক দিয়ে মানে সিফালে গোহালিত গাইজনীয়ে হেম্বে বুলি মাতেই নহয় । নাহৰে শুই উঠিয়েই পানী এলোটা কঁটকঁটকৈ খায়েই শাকনিবাৰীলৈ যায়,কজলা আৰু মুগাক লগতেই লৈ যায় এৰাল দিবলৈ । হাল বাব লগা হ'লেতো হালেই বায়।তাইও গাখীৰকণ খীৰাই সাউতকৈ গা টো ধুই তুলসীৰ তলত চাকিগছ জ্বলাই চাহপানী বনাই শাকনিবাৰী পায়গৈ ।লগতে ক'লীকো পোৱালীটোৰ সৈতে লৈ যায় । গৰুকেইটাক চোৱা-চিতাৰ সকলো কাম নাহৰেই কৰে,পানী খুৱায়,দানা সিজাই খুৱায়, আনকি ঘাঁহ কাটি আনিও খুৱায়হি ।কজলা-মুগা গৰু নহয় যেন তাৰ সৰু ভাইহে, তেনেকৈ সিহঁতক মৰম কৰে সি । এবাৰ ক’ৰবাৰ পৰা অহা দেৰি হোৱা বাবে ঘাঁহ কটা নহ'ল,ঘৰত তুঁহো নাছিল যে সেইয়াই গৰুকেইটাক খুৱাব । সেইদিনা সিহঁতৰ লঘোণ হোৱাত নাহৰেও ভাত নেখালে ।
এনেকুৱাই আছিল সিহঁতৰ মৰমৰ সংসাৰখন । তেনেকুৱাতে সিহঁতৰ সংসাৰ সাৰ্থক কৰি সেউতীৰ কোলা শুৱনি কৰিলেহি সোণগুটিয়ে । মাটিত থ’লে পৰুৱাই খায়,মূৰত ল’লে ওকণিয়ে খায়, এনেধৰণে সিহঁতৰ মৰমৰ মাজত ডাঙৰ হৈছিল সোণগুটি । ভাদমাহৰ কৃষ্ণ জন্মাষ্টমীত জন্ম পাইছিল কাৰণে নাহৰে তাৰ নাম ৰাখিছিল কৃষ্ণ, গাঁৱৰ কোনোবাই ভদীয়া, কোনোবাই কানাই বুলিও মাতিছিল ।
সঁজাল ধৰা ৰুৱাবোৰ যেনেকৈ লহপহকৈ বাঢ়ি আহে তেনেকৈ বাঢ়ি আহিছিল সোণগুটিটো, বৰ মৰমলগাটো হৈ আহিছিল । থুপুক থাপাককৈ খোজ কাঢ়ি সি বাপেকৰ লগত পথাৰলৈ ও গৈছিল ।তাৰ অকণমাণি হাত দুখনিৰে বাপেকে খন্দা আলুবোৰৰ বোকা গুচাওঁতে তাক মৰমতে পমি গৈ বোকোচাত দাঙি লৈ নাহৰে কৈছিল,
---বোপাই অ' তই এইবোৰ কৰিব নেলাগে দেই । তোক মই ডাঙৰ মানুহ কৰিম, বহুত পঢ়াম ।মই আধাতে স্কুল এৰিলো, পিছে তোক কেতিয়াও নিদিওঁ এৰিবলৈ । তই ডাক্তৰ হ'ব লাগিব ।ডাক্তৰ হৈ আমাৰ গাঁৱৰ মানুহবোৰক চাব লাগিব ।
সেউতীয়ে নাহৰৰ কথাত মিচিক-মাচাককৈ হাঁহি আছিল ।নাহৰে কৈছিল ...নাহাঁহিবি সোণগুটিৰ মাক ।মই সৰু মানুহ হৈ ডাঙৰ সপোন দেখিছো বুলি তই হাঁহিছ ।সৰু মানুহৰ ল'ৰাইও ডাঙৰ মানুহ হোৱাৰ বহুত উদাহৰণ আছে,তই নাজান যদি কম মই ।
কৈছিল,নাহৰে বহুত কথাই কৈছিল তাইক । নাহৰে ইমান কিতাপৰ কথা জানে বুলি তাই ভবাই নাছিল । সোণগুটিক পঢ়াত সি বহুত জোৰ দিছিল । সৰুৰ পৰাই টিউচনৰ মাষ্টৰ ঠিক কৰি দিছিল । চহৰলৈ গ'লে বহুত কিতাপ পত্ৰ কিনি আনি দিছিল তালৈ । সোণগুটিয়েও পঢ়াত পাৰদৰ্শিতা দেখুৱাইছিল । তাৰ সু-ভৱিষ্যত দেখা পাইছিল গাঁৱৰে এল.পি.স্কুলৰ হেডমাষ্টৰ মহেন্দ্ৰ মাষ্টৰে । তেওঁ তাক প্ৰায়েই মাতি নি নিজৰ পুতেক পোনাকণৰ সৈতে একেলগে পঢ়ুৱাইছিল । মেট্ৰিকত দুয়োটাই আটাইকেইটা বিষয়তে লেটাৰ লৈ পাছ কৰিছিল । সোণগুটিৰ ফলাফল পাই নাহৰে যে আনন্দতে কান্দিয়েই পেলাইছিল । তেনেকৈ সি হায়াৰ চেকেণ্ডাৰী পৰীক্ষাতো ভাল ধৰণেই পাছ কৰিছিল ।মহেন্দ্ৰ মাষ্টৰৰ কথামতেই সি পুতেকক পোনাকণৰ লগত গুৱাহাটীত কিবা কছিং কৰিবলৈ পঠাই দিছিল, সেইটো কৰিলে হেনো ডাক্তৰ পঢ়িবলৈ পতা বাচনি পৰীক্ষাটো ভালদৰে পাছ কৰিব পাৰি । তাত ভাল ৰিজাল্ট কৰিলেহে মেডিকেল পঢ়িবলৈ চীট পায় । মহেন্দ্ৰ মাষ্টৰৰ সকলো কথাই নাহৰ সেউতী দুয়ো মন দি শুনে আৰু পালন কৰে ।
হওঁতে গুৱাহাটী কিমাননো দূৰ ! একে দিনাই পায়গৈ ট্ৰেইনত উঠিলে,তথাপিতো তাক প্ৰথম বাৰ ঘৰৰপৰা দূৰলৈ পঠাই দিওঁতে সিহঁতৰ বুকু ভাগি গৈছিল । চকুপানীৰে বাট নেদেখা হৈছিল,সোণগুটিয়েও কান্দিছিল।তাক এহাতেৰে সাৱটি ধৰি নাহৰে প্ৰবোধ দিছিল,
---যা বোপাই তোক পঢ়িবলৈ হে পঠাইছো। ভালকৈ পঢ়িবি।পইচাৰ কাৰণে অকণো চিন্তা নকৰিবি । দুপৰীয়া গৰমত গাৰ ঘাম মাটিত পেলাই কাৰ কাৰণে নো কষ্ট কৰিছো মই ! ডাক্তৰ পঢ়িবলৈ চীট পোৱাটো উজু কথা নহয়,কিন্তু তহঁত দুইটাই চীট পাবি বুলি মোৰ বিশ্বাস আছে ।
এবছৰীয়া কছিংটো কৰাবলৈ বহুত টকাৰেই দৰকাৰ হৈছিল । সাঁচতীয়া টকা অলপ আছিল বুলিহে তাৰ বৰ এটা ভাবিব লগীয়া নহ’ল । সেইবাৰেই চবকা ৰোগত পৰি কজলাৰো মৃত্যু হৈছিল,সেয়ে আৰু এটা গৰু কিনিব লগাও হৈছিল । তাতে বানপানীয়েও নৈ কাষৰীয়া মাটি দুবিঘাৰ ধানো নষ্ট কৰিছিল । কছিঙৰ শেষত জমা দিব লগা ধনৰ জোৰা মাৰিবলৈ সি দুবিঘা মাটি বিক্ৰী কৰাৰে সিদ্ধান্ত লৈছিল । সেউতীক বুজালে মাটি আকৌ আহিব ভাগ্যত থাকিলে । ল'ৰাটো মানুহ হৈ আহিলে এনেকুৱা মাটি সি একেলগে চাৰিবিঘা কিনিব পাৰিব ।
সেউতীয়েও পুতেকৰ মংগলৰ বাবে সদায় তুলসীৰ তলতে প্ৰাৰ্থনা কৰিছিল । তাইঅৰ প্ৰাৰ্থনা যেন ভগৱানে শুনিছিল । ভগৱানৰ কৃপাত দুইটাই ডাক্তৰ পঢ়িবলৈ চীট পালে । পুতেকে ডাক্তৰ পঢ়ি থকা বছৰকেইটা নাহৰে অশেষ কষ্ট কৰিছিল । সোণগুটিলৈ নিৰ্ধাৰিত টকাখিনি ঠিক সময়তেই পঠাই আছিল,কোনোবা মাহত অলপ টান পৰিলেও পুতেকক গম পাবলৈ নিদিছিল । সেউতীয়েও তাঁতশালত গামোচা আৰু মেখেলা-চাদৰ বৈ বিক্ৰী কৰি তেল নিমখৰ খৰচটো উলিয়াইছিল ।
কিমান যে সপোন আছিল নাহৰ আৰু সেউতী দুয়োৰে ! সোণগুটি ডাক্তৰ হৈ আহিব, গাঁৱতে থাকি গাঁৱৰে মানুহক চাব । প্ৰথমে ওচৰৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্রতে সোমাই থাকিব, পিছলৈ পাৰিলে নিজাকৈ হস্পিতেল খোলে যদি বামখেতিৰ মাটিখিনিকে দি দিব তাক । গাঁৱৰ মানুহ বোৰে ডাক্তৰ বিচাৰি ৰাতি বিয়লি হাবাথুৰি খাব নালাগিব । দুটাকৈ ডাক্তৰ গাঁৱতেই হ'ব ।গাঁৱৰ উন্নতিৰ সপোন দেখি দুয়ো বিভোৰ হৈ পৰিছিল কেতিয়াবা ।
সপোন দেখি দেখি গৌৰৱত বুকুখন ওফন্দি আহে নাহৰৰ । সেউতীয়ে কৈছিল ইমানকৈ সপোন দেখিব নাপায়, সপোন নফলিয়ালে মনত বৰ কষ্ট পোৱা যায় । “ওৱা, সপোন নফলিয়াব কেলেই, কেইদিননো আছে সি ডাক্তৰ হৈ ওলাই আহিবলৈ” – সেউতিৰ কথা শুনি অলপ আচৰিত হৈয়েই নাহৰে কৈছিল ।
.......... ..........
ভাবি ভাবি বুকুখন বিষাই উঠিল সেউতীৰ । হেঁপাহ পলুৱাই কান্দিবলৈ মন গ'ল । কিন্তু বুকুৰ দুখ বেলেগক দেখুৱাই নিজকে পুতৌৰ পাত্ৰী কৰিবনে সেউতীয়ে ! জীৱনে তেওঁক বহুত শিকাইছে ।মনৰ দুখ মনতে সামৰি থ’ব জনা হৈছে তেওঁ আজিকালি । পোনাকণে দিনটোত কেইবাবাৰো খবৰ লয় তেওঁৰ ।কিন্তু এবাৰো সি সোণগুটিৰ নাম নলয় ।সুধিব খুজিও তেওঁও একো নুসোধে তাক ।
পোনাকণ মানে ডাক্তৰ বিপুলে জানে পুতেকৰ নাম ল’লে এই দুখুনী মাতৃগৰাকীৰ দুখৰ ভেটাটো ভাঙি দিয়া হে হ'ব । সি ফোন কৰি সোণগুটি মানে ডাক্তৰ কৃষ্ণ কিংকৰক মাকৰ অসুখৰ কথা জনাইছিল । কিন্তু ডাক্তৰ কৃষ্ণ কিংকৰে সাধাৰণ দুৰ্বলতাজনিত বেমাৰ বুলি জানি তাকেই চোৱাচিতা কৰিবলৈ হে ক'লে, টকা-পইচাৰ দৰকাৰ হ'লে পঠাই দিম বুলিও ক'লে । এতিয়া সি কোন সতে কয় বাৰু এইগৰাকী মাতৃক পুতেকৰ দ্বায়িত্ব জ্ঞান হীনতাৰ কথা ! ডাক্তৰ বিপুলে কৃষ্ণৰ পৰিৱৰ্তিত আচৰণৰ কথা পঢ়ি থাকোতেই গম পাইছিল । গুৱাহাটীৰে এক ধনীৰ দুলালীৰ সৈতে তাৰ প্ৰেম হৈছিল, পঢ়ি থাকোতেই দুয়োৰে কোৰ্টমেৰেইজ কৰি দিছিল তেওঁলোকৰ পিতৃয়ে ।
ডাক্তৰী পাছ কৰাৰ পাছত কৃষ্ণ এবাৰ গাঁৱলৈ আহিছিল । পিছে দুদিনমান থাকিয়েই চিৰদিনৰ বাবে শহুৰৰ ঘৰলৈ গুচি গ'ল । তাতেই দুয়ো নাৰ্চিংহোম খুলি লৈছে । পোনাকণহে গাঁৱৰ ল'ৰা গাঁৱলৈ গুচি আহিল দেউতাকৰ কথামতে ।

****
---পোনাকণ অ' মোৰ কি হৈছেনো ক'চোন । কেতিয়াকে মোক ঘৰলৈ যাবলৈ দিবি ?
সেহাই সেহাই কৈ উঠিল সেউতীয়ে।
---একো হোৱা নাই আপোনাৰ খুইদৌ । আপুনি সময়মতে নাখাই নবৈ দুৰ্বল হৈ পৰিছে।আৰু দুদিনমান চেলাইন ল’লেই আপুনি ঘৰলৈ যাবই পাৰিব ।
---ঘৰটোত বা কোন আছে ! হাঁহ পাৰ বোৰকনো কোনে বা খাবলৈ দিছে ! ইছছ… সিহঁতৰ কিজানি বিলৈ নোহোৱা হৈছে !!
---খুইদৌ আপুনি সেইবোৰ চিন্তা নকৰিব । হৰেশ্বৰ দাইদৌ আৰু খগেনবত্তাই চব চোৱা-চিতা কৰি আছে । নাহৰদাইদৌ ঢুকোৱাৰ পিছৰপৰা আপুনি দেহাটোলৈ অকণো মনকাণ নকৰা হ'ল।ঘৰলৈ গৈ কিন্তু ভালকৈ খোৱাবোৱা কৰিব দেই।
কৈয়েই সি ওলাই গ’ল।
পোনাকণৰ কথা শুনি সেউতীয়ে হুকহুকাই কান্দি উঠিল । তেওঁক এইকথা আজি কোনে ক'ব লাগিছিল আৰু কৈছে কোনে !
এনেকৈয়োনো সপোন ভাঙি থান-বান হয়নে ! তেওঁলোকৰ সুন্দৰ সংসাৰ খনলৈ কেনেকৈ যে এজাক ধুমুহাই কাল ৰূপ ধৰি আহি সকলো সুখ শান্তি পলকতে উৰুৱাই লৈ গ'ল !!
সিদিনাৰ কথা, স্পষ্টকৈ মনত আছে সেউতীৰ । শাওন মাহৰ ভৰপক খেতিৰ সময় ।
তাই চাহ জলপানৰ টোপোলাটো লৈ যোৱা দেখি হালখন ৰখাই থৈ নাহৰে পথাৰৰ পানীৰে হাত দুখন ধুই পথাৰৰ আলিটোতে বহিছিলহে । পিছত কিনা গৰুটো বদমাছ আছিল,সি নাঙল-যুঁৱলীৰে সৈতে কাষৰ সঁজাল ধৰা ৰুৱাখিনি খাবলৈ গৈছিল ।
---হেই হেই হেই আহিলিনে বদমাছ ? সেইখিনি লোকৰ ৰুৱা বুজিলি ?খালে তোৰ পিঠি ফালিব গৃহস্থই ।
কৈ কৈ নাহৰে গৰুহাল ঘূৰাই আনিলে। মাটিডৰাৰ গৃহস্থ মানে ধনবৰে অলপ আঁতৰতে আন এডৰা মাটিত আলি দি আছিল । কথাটো মন কৰি তেওঁ ৰিঙিয়াই ক'লে,
---হ'ব দিয়া অ' বান্ধৈ ,তোমাৰ গৰুৱে কিমাননো খাব ? খালে বন্ধুৱনীয়ে খাঁজি দিব নহয় ।
---হেঃহেঃ বান্ধৈ আহা আহা চাহপানী এটুপিকে খোৱাহি ।
---মোলৈ দিলে তোমাৰ পেট নভৰে যদি ?
---আহা আহা, বতাই খালে অঁতাই যায় ।
সেউতীয়ে দিয়া চাহপানী আৰু গাখীৰৰ সতে চেৱা দিয়া বৰা চাউলৰ ভাত খাই খাই দুয়ো ইটো সিটো বহুত কথা পাতিলে । ওচৰৰ গোটেই গাঁও কেইখনতে নাহৰৰ দৰে কষ্ট কৰা মানুহ এটাও নাই, নাহৰক সেয়ে সকলোৱে ভাল পায় ।
---বান্ধৈ ,তুমিতো যেনেকৈ ল'ৰাক ডাক্তৰ কৰিম কৈছিলা কৰিও দেখুৱালা ।আমাৰটোহে জলৰো নহ'ল থলৰো নহ'ল দেও ।

ধনবৰৰ কথাত নাহৰে ক'লে,
---তেনেকৈনো কেলেই কোৱা । সি একো নকৰাকৈতো থকা নাই, কোম্পানীতে হ'লেও সোমাই আছে ।
---অ' এটা কথা সুধিবলৈ পাহৰিছোৱেই । তোমাৰ ল'ৰাই বিয়া পাতিলে, আমি ফুটকে নাপালো । ভোজ এটা নিদিয়া নেকি গাঁৱৰ ৰাইজক ?
---কি !!!!
কথাষাৰ শুনি নাহৰ সেউতী দুয়োটা শিলপৰা কপৌৰ দৰে ঠাইতে জলকা লাগিল । নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাই । সোণগুটিয়ে বিয়া পাতিলে ?? ক'ৰবাত সি লটিঘটি কৰা নাইতো ।

---অ' মই তোমালোকে জানা বুলিহে ভাবিছিলো । আমাৰ এওঁহে সেইদিনা মাষ্টৰৰ ঘৰত কঠিয়া তুলিবলৈ যাওঁতে শুনি আহি মোক ক'লে । তুমি ভালকৈ খবৰ কৰাচোন বাৰু।
এইবুলি ধনবৰ লাহেকৈ আঁতৰি গ'ল।
সেয়াই আৰম্ভণি আছিল সেউতীৰ সুন্দৰ সংসাৰখনৰ ধ্বংস যজ্ঞৰ ।
নাহৰে পথাৰৰ পৰা গুচি আহি গাটো তিয়াইয়েই মহেন্দ্ৰ মাষ্টৰৰ ঘৰলৈ পোনালে । গৰমৰ বন্ধ চলি থকা বাবে মাষ্টৰ ঘৰতেই আছে । মাষ্টৰে তাক দেখি বহিবলৈ দিলে ।
---কি হ'ল অ' নাহৰ ! বৰ হুৰমূৰাই আহিছা যে ?
মাষ্টৰৰ কথাত নাহৰে সবিস্তাৰে গোটেই কথাবোৰ ক'লে । মাষ্টৰে ভাবিছিল সোণগুটিয়ে নিজেই মাক-বাপেকক বিয়া পতাৰ কথাটো ক'ব । সেয়ে পোনাকণৰ পৰা কথাটো জানিও তেওঁ কাকো কোৱা নাছিল । তেওঁৰ পৰিবাৰে যে এনেকৈ কথাবোৰ ৰাজহুৱা কৰি পেলাব তেওঁ ভাবিয়েই নাচালে । এই যে মাইকী মানুহবোৰৰ পেটত কথা ৰাখিব নোৱাৰা স্বভাৱটো !! 
---কিনো কৰিবি নাহৰ !চব কপালৰ লিখন ।জন্ম,মৃত্যু,বিবাহ এইবোৰত আমাৰ হাত আছে জানো !ভগৱানে তাৰ যোৰা তাতেই পাতি থৈছিল কিজানি, মাষ্টৰে বুজনি দিবলৈ চেষ্টা কৰি ক’লে ।
---সেইটো কথাত মোৰ দুখ নাইলগা অ' কাইদৌ ।সি ডাক্তৰ যেতিয়া ডাক্তৰ এজনীকে বিয়া নেপাতি মই চাই দিয়া জনীক পাতিবনে আও ? অন্তত সি এবাৰ আমাক ক'বতো পাৰিলেহেঁতেন । সি ইমান ডাঙৰ মানুহ হ'লনে যে মাক-বাপেককো নলগা হৈ গ'ল !
নাহৰে আহি সেউতীক কথাটো ক'লেহি । সেউতীয়ে শুনিয়েই উচুপি উচুপি কান্দিলে ।

পিছত বহুত ভাবি-চিন্তি দুয়ো ঠিক কৰিলে এবাৰ সিহঁতক ঘৰলৈ মাতিয়েই পঠাব । হোৱাটো হৈয়েই গ'ল । গাঁৱৰ মানুহেও দেখক বোৱাৰীজনী, গাঁৱৰ ৰাইজৰ সৈতে লগে-ভাগে ভাত এসাঁজ খোৱাও হওঁক । মবাইল ফোন তেতিয়ালৈকে গাঁৱলৈ অহাই নাছিল, গোটেই গাঁওখনতে অকল মাষ্টৰৰ ঘৰতে এটা টেলিফোন আছিল । নাহৰে তাৰপৰাই পুতেকলৈ ফোন কৰিলে ।
...... ............
সোণগুটিয়েও মানে ডাঃ কৃষ্ণ কিংকৰে (এই কিংকৰ নামটো সি পিছতহে নামৰ লগত যোগ কৰি লৈছে) পত্নী অংকিতাক বুজালে যে এবাৰ গাঁৱলৈ গৈ মাক-দেউতাকক দেখা কৰাটো ভাল হ'ব । অংকিতাৰ মন নাছিল গাঁৱলৈ আহিবলৈ, গাঁও তাই অলপো ভাল নেপায়, কিন্তু কৃষ্ণাৰ প্ৰথম অনুৰোধটো পেলাবলৈও মন নগ'ল । সেয়ে মাত্ৰ দুদিনমানৰ কাৰণে তাই বেগত কাপোৰ ভৰালে ।
এছোৱা বাট ট্ৰেইনত গৈ আবেলি শিমলুগুৰি জংচনত নমাৰ পিছত সোণগুটিয়ে ভাড়া গাড়ী এখন ল'লে । ষ্টেচনৰ পৰা সিহঁতৰ ঘৰলৈ পাঁচ কিঃমিঃ দূৰ । খৰালি ঘৰৰ আগলৈকেই গাড়ী যায় যদিহে পকী পথৰ পৰা নামি যোৱা গাঁৱৰ ভিতৰলৈ সোমাই যোৱা পথত থকা বাঁহৰ দলংখন মজবুত হৈ থাকে । এতিয়া বাৰিষাকাল, বাটৰ ক'ত বা কিমান বোকা হৈ আছে ঠিক নাই ।
তাৰ এতিয়া অংকিতাক আনিবলৈ মনেই নাছিল, ধনীঘৰৰ ছোৱালী, গাড়ীৰ পৰা নামি খোজ কঢ়াৰ অভ্যাসেই নাই । দেউতাকৰ কথা পেলাব নোৱাৰিহে আহিল । সি যিটো ভয় কৰিছিল, সেইটোৱেই হ'ল। পকী পথটো শেষ হোৱাৰ পিছতেই ড্ৰাইভাৰে গাড়ী ৰখাই দি সিহঁতক নামিবলৈ ক'লে, আগলৈ আৰু বোকাৰ বাবে যাব নোৱাৰে ।
---আৰে এনেকৈ আমি এই দুটাকে বেগ লৈ কেনেকৈ যাম ?- সি চিঞৰি উঠিল ।
---সেইটো মই নাজানো । কালি ৰাতি দিয়া বৰষুণজাকত গোটেই বোকা হৈ গৈছে,মই ৰাতিপুৱা এবাৰ আহোঁতে গাড়ী লাগিয়েই ধৰিছিল।
অগত্যা সিহঁত খোজ কাঢ়িয়েই যাব লগা হ'ল । অংকিতাৰ মূৰ গৰম হৈ আহিল, তাই জীনচ আৰু টি. চাৰ্টৰ লগত মিলাই পিন্ধি অহা চাৰি ইঞ্চি ওখ হীল থকা চেণ্ডেল যোৰেৰে এনেকুৱা ৰাষ্টাত খোজ কাঢ়িবলৈ অসুবিধা পালে ।
---so backward place ! my god ! ইয়াতো মানুহ থাকে !!
অংকিতাই অৱশেষত বেগৰ পৰা বেলেগ এযোৰ চেণ্ডেল উলিয়াই পিন্ধি ল'লে । আৰু কিমানদূৰ যাব লাগিব এই হাবিতলীয়া বোকাময় পথেদি ঠিক নাই ! কৃষ্ণা গৈ আছে কোনো অসুবিধা নোপোৱাকৈ,তাৰ যে যুগ-যুগান্তৰৰ চিনাকি পথ এইটো । মাজে মাজে সি ৰৈ দি তাইৰ লগত খোজ মিলায়,আকৌ অভ্যাসবশতঃ আগবাঢ়ি বহুত দূৰ পায়গৈ তাইক পিছত এৰি থৈ ।
---হেই কৃষ্ণা ৰ'বাচোন, ইমান খৰকৈ কিয় গৈছা ?

অংকিতাই চিঞৰি উঠে, সি পুনৰ ৰৈ দিয়ে।
এনেকৈ গৈ গৈ সিহঁতে নিৰ্দিষ্ট ঘৰটো পালেগৈ । দীঘল পদূলি এটাৰ মূৰতে নঙলা দিয়া আছে, একাষে কিবাকিবি ফুলৰ গছ,আন কাষে আছে ওখ ভঁৰাল ঘৰ এটা । ঘৰটো কাঠ-বাঁহৰ যদিও পৰিপাটীয়েই ।

শাহু-শহুৰ বাৰাণ্ডাতে বহি সিহঁতলৈকে ৰৈ আছিল । সেউতীয়ে বোৱাৰীয়েকক ভিতৰলৈকে মাতি নিলে । লংপেন পিন্ধি অহা বোৱাৰীয়েকক দেখি তেওঁৰ মনটো কিবাকিবি হে লাগি গ'ল । তেওঁৰ চিন্তা হ'ল, গাঁৱৰ কোনোবাই দেখা নাইতো । তাঁতত মেখেলা চাদৰ ব’লেই এযোৰ এযোৰকৈ জাপি হ’ব লগা বোৱাৰীজনীলৈ বুলি তেওঁ বাকচত সাঁচি ৰাখিছিল, তাৰেই পৰা বাচি বাচি কেইবাযোৰো মেখেলা চাদৰ বোৱাৰীয়েকক দি ক’লে -
---অ' বোৱাৰী আমাৰ গাঁৱত মাইকী মানুহে এইবোৰ নিপিন্ধে অ’ । কোনোবাই দেখিলে বেয়া বুলিব, সোনকালে সলাই লোৱা ।
--- মই লগত ননাকৈ থকা নাই নহয় । লং জাৰ্ণি কৰি আহিছো, সেয়ে পিন্ধা নাছিলো ।
সেউতী ওলাই যোৱাৰ পিছত অংকিতাই চাদৰ-মেখেলাবোৰ ভালকৈ চালে ,ধুনীয়া দেখোন ।এইবোৰতো সিহঁতে গুৱাহাটীত হাজাৰ-বাৰশ টকাৰে কিনে । ইমান ধুনীয়া দহযোৰ কাপোৰ পাই তাই বৰ ভাল পালে, কিন্তু মুখত তাৰ প্ৰকাশ নেদেখুৱালে ।
গা ধুবলৈ গৈহে মহা বিপদত পৰিল তাই । বাথৰুম নাই,ঘৰৰ পাছফালে কিছু দূৰত এটা দীঘল পুখুৰী,তাৰ পাৰতে তামোলৰ ঢকুৱাৰে ঢাকি থোৱা ঠাইডোখৰতে তাইক গা ধুবলৈ দেখুৱাই থৈ গ'ল শাহুৱেকে ।
উস ! কি বিপদ !
---কৃষ্ণা ।
ভিতৰলৈ চাই তাই চিঞৰাত কৃষ্ণ ওলাই আহিল ।
---টয়লেট মানে পায়খানা ক'ত কৰা ?
---সৌটো ।
অলপ সংকোচেৰে দূৰলৈ বাঁহনিৰ তলত থকা কেঁচা বেৰৰ অকমাণ কোঠা এটালৈ আঙুলিয়াই দেখুৱালে সি ।
---উফ disgusting ! মই ইয়াত আৰু এদিনো থাকিব নোৱাৰো দেই ।
চৰম বিৰক্তি ফুটি উঠিল তাইৰ মুখত । কৃষ্ণ সেমেনা সেমেনিকৈ ভিতৰলৈ সোমাই গ'ল ।
সোণগুটিয়ে মন কৰিছে মাক-বাপেকে তাক এৰাই চলাৰ দৰে কৰিছে, অকল অংকিতাকহে মাতবোল কৰিছে । সি আই বুলি মাতোতেও তালৈ চোৱা নাই । অংকিতাৰ আগত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় বুলি সি শংকিত হৈছে মনে মনে ।
ৰাতি ভাত বাঢ়ি জুহালতে পীৰা এখন পাৰি সেউতীয়ে পুতেক-বোৱাৰীয়েকক খাবলৈ মাতিলে । পীৰাত বহি তাই ভাত খাব জনা নাই, কথাটো মন কৰি নাহৰে ক'লে, খোৱা লাহে লাহে খোৱা । আমি এনেকৈয়ে খাওঁ অ' আইজনী ।
অংকিতাই একো মাত নামাতিলে,কোনোমতে ভাত খাই উঠি কোঠালৈ সোমাই গ'ল । এই চেগতে সোণগুটিয়ে মাকক মাতিলে,
---আই
সেউতীয়ে উঠি আহি তাৰ দুই গালতে দুচৰ মাৰি ক'লে,
---নিধক, এতিয়া মোক কেলেই মাতি আছ ইমানকৈ ? বিয়া পতাৰ সময়ত মনত নপৰিল ?
---অ' সেইটো কথা । মই পিছত লাহেকৈ ক'ম বুলি ভাবি আছিলো অ’ আই । অংকিতাৰ দাদাক আমেৰিকাৰ পৰা আহিছিল, বেছিদিন ছুটি নাছিল সেয়ে দেউতাকে খৰধৰকৈ বিয়াখন পাতি দিলে । খবৰ দিলেও তহঁত যাব পাৰিলিহেঁতেন জানো !
পুতেকৰ চালে-বেৰে কোবোৱা উত্তৰত সিহঁত সন্তুষ্ট হ'ব নোৱাৰিলে । তেওঁ বহুত গালি পাৰিলে ইমান কষ্ট কৰি পঢ়োৱাৰ ফল এয়াহে হ'ল ? বিয়া পাতিছ পাত,নিজৰ মতেই পাত,অন্ততঃ তোক ইমান মৰম কৰা বাপেৰটোক খবৰ এটা দে । অ' ধনী মানুহৰ লগত আমি গ'লে নিমিলিম, সেই কথাটোকেই খুলি নক’ৱ কেলেই ।
নাহৰেও মনৰ দুখতে বহুত কিবাকিবি ক'লে তাক । সি যে ডাক্তৰ হৈ আহি গাঁৱত সেৱা কৰিব বুলি ভাবি আছিল তাকো ক'লে ।
---মোৰ বহুত সপোন আছে পিতাই । বহুত ওপৰলৈ যোৱাৰ সপোন । তহঁতৰ মৰমৰ মাজত তাহানিৰ সোণগুটিটো হৈ সোমাই থাকিলে মোৰ সপোনবোৰ নফলিয়ায় নহয় ।

সি ক'লে ।
--আমাৰ সপোনবোৰক সেইকাৰণে গুৰুত্ব নিদিলি । পোনাকণ কেনেকৈ গুচি আহিব পাৰিলে, নিজৰ ঘৰলৈ, গাওঁখনলৈ ! তাৰ জানো সপোন নাছিল !!
নাহৰে ক'লে ।
---তাৰ কথা নক'বি । চবৰে একে সপোন নেথাকে । তহঁতৰ খা-খবৰ লৈ থাকিম নহয় মই । নেটৱৰ্ক আহক, মবাইল এটাও কিনি দিম । চাবি মই ঘৰত থকাৰ দৰেই লাগিব তহঁতৰ ।
সোণগুটিয়ে তেনেকৈ কৈ সিহঁতক আঁভুৱা ভাৰিছিল । ৰাতিলৈ তেওঁ শুনিছিল বোৱাৰীয়েকে তাক কোঠাৰ ভিতৰত কথাই কথাই বুজি নোপোৱা কিবা আনকালচাৰ্ড নে কি বুলি কৈছিল সিহঁতৰ কথা । তাইৰ কথাৰ প্ৰতিবাদ কৰাৰ সাহস কৃষ্ণৰ নাছিল । তাই নিজেতো শাহু-শহুৰ বুলি অলপো জ্ঞান নকৰিলেই, আনকি সমজুৱাকো সন্মান দিয়াৰ কথা নাভাবিলে । পিছদিনাই তাইৰ চৰিত্ৰ বুজি পালে সেউতীয়ে।
নাহৰৰ ঘৰলৈ পো-বোৱাৰী আহিছে, কথাটো গোটেই গাঁৱতে বিয়পি গ'ল বনজুইৰ দৰে লগে লগে । পিছদিনা পুৱাৰ পৰাই মানুহৰ লানি নিছিগা হ'ল সিহঁতৰ ঘৰলৈ । সেউতীৰ তিতা হাত নুশুকোৱা অৱস্থা হ'ল । তেওঁ তামোল-পাণ কাটি বঁটাত সজাই দি বোৱাৰীয়েকক আলহীক দিবলৈ দিয়ে আৰু নিজে চাহ-পানী যতনায় ।
--- ওৰণিখন আগলৈ টানি মূৰ দোঁৱাই তামোল খাবলৈ ক'বা দেই বোৱাৰী ।
তেওঁ শিকাইছিল, বোৱাৰীয়েকক ।

কিন্তু এইবোৰ একোকে নকৰি তাই অকল তামোলৰ বঁটাটো টেবুলত থৈ গুচি আহিছিল । এনেকৈ যেতিয়া বাৰে বাৰে তামোল দিব লগা হ'ল তাই কোঠাৰ ভিতৰত গিৰিয়েকক গুজগুজাই উঠিল ।
---তোমাক চাবলৈকে আহিছে । তামোলখনহে দিব লাগে দিয়াচোন ।
---মই কি চিৰিয়াখানাৰ জন্তু নেকি যে মোক চাবলৈ দলে দলে মানুহ আহিব লাগে । অসহ্যকৰ দেই । কোঠাৰ ভিতৰত অংকিতাৰ বিৰক্তিৰ বহিঃ প্ৰকাশ ঘটিল ।
বাহিৰৰ পৰা কথাবোৰ শুনি সেউতীৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁলোকে পুতেকক হেৰুৱালে । দুদিন পিছত গাঁৱৰ ৰাইজক ভোজ এটা খুৱাম বুলি ভবা মনৰ কথা মনতেই ৰ'ল । সিহঁতৰ বোলে সময় নাই, গুচি গ'ল ।
সেই গ'ল যি গ'ল আৰু এদিনো এই পাঁচ বছৰত গাঁৱত ভৰি নিদিলেহি বোৱাৰীয়েকে । সোণগুটি দুবাৰমান আহিছিল যদিও পিছলৈ সিও নহা হ'ল । ম’বাইল ফোনো আহিল গাঁৱলৈ, তাৰ কিন্তু সময় নহ'ল মাক-বাপেকৰ সৈতে কথা পাতিবলৈ ।
....................
সপোন ভঙাৰ বেদনা আৰু একমাত্র পুতেকৰ বিচ্ছেদৰ বেদনাই খুলি খুলি খাইছিল নাহৰক । কোনো কামতে মন নবহা হ'ল । আগৰ দৰে খেতি বাতিত নলগা হ'ল । আগৰ সকলো উদ্যম তেওঁ হেৰুৱাই পেলালে । মনৰ মাজত উৎসাহ নাথাকিলে একো কামেই কৰি ভাল নেলাগে । ইমান কৰ্মঠ মানুহজন ভালদৰে নেখাই নেখাই দুৰ্বল হৈ পৰিল । সেউতীয়ে ভাত ৰান্ধি যতনাই আগবঢ়াই দিয়ে,নাহৰে দুটেপামান খাই পানী ঢালি দিয়ে ।
---হেৰি আপুনি এনেকৈ নেখাই নেখাই বেমাৰত পৰিব দেই কৈ থ’লো ।
---তই খাচোন, তই পিছে ভাতখিনি পিটিকি থাক কেলেই ?
সিহঁত ইজনে সিজনৰ আগত দুখ নকৰা যেন দেখুৱাই ঠিকেই কিন্তু ধৰা পৰি যায় ।
এদিন এনেকৈয়ে নাহৰক গেষ্ট্ৰিক আলচাৰ বেমাৰে লগ দিলে । চিকিৎসা কৰিও ভাল নহ'ল । নাহৰে গম পাইছিল তেওঁৰ শেষ সময় আহি পৰিছে, তেওঁ মৰাৰ পিছত মানুহজনীৰ কি গতি হ'ব ভাবি তেওঁৰ চকুপানী বৈ আহিল।
---সোণগুটিৰ মাক অ'। নাহৰে সেহাই সেহাই মাতিলে । 
সেউতীয়ে ক'লে, ---মোক সেউতী বুলি মাতক । মই সোণগুটিৰ মাক নহয় ।
সেউতী নাহৰৰ কাষতে বহিল । নাহৰে তেওঁ মৰাৰ পিছত কি কৰিব লাগিব তাকে ক'বলৈ লৈছিল,কিন্তু ডিঙি শুকাই খৰখৰীয়া হৈ গৈছে,মাত মতাত কষ্ট হৈছে তেওঁৰ।

সেউতীয়ে তেওঁৰ মুখত হাত এখন থৈ একো নেলাগে ক'ব বুলি কৈ পানী এঘোটা খুৱাই দিলে । তাৰপিছত সেউতীৰ হাত এখনত খামুচি ধৰি নাহৰে চিৰদিনলৈ চকু মুদিলে।
বাপেক মৰা খবৰ পাই সোণগুটি আহি ওলাইছিলহি, তেতিয়ালৈ শ্ৰাদ্ধৰ কাম শেষেই হৈছিল । সেউতীয়ে তাক কুকুৰে নোখোৱাকৈ গালি পাৰি উভতাই পঠালে ।
সি গুচি গ'ল। কিন্তু সেউতীতো এজনী মাতৃ,তেওঁ কেনেকৈ পাহৰিব পাৰিব পুত্ৰশোক । একেলগে স্বামীশোক,পুত্ৰশোক সহিব নোৱাৰি তেওঁ মাটিত ঢলি পৰিছিল । কোনোবাই দেখি তেওঁক এই স্বাস্থ্য কেন্দ্ৰটোতে থৈ গ'লহি।
গাঁৱৰ সকলো মানুহেই আহিছে সেউতীৰ খবৰ ল'বলৈ । তেওঁ কাৰো আগত দুৰ্বল হৈ দেখুওৱা নাই একমাত্র মহেন্দ্ৰ মাষ্টৰৰ বাহিৰে ।
তেওঁ মন বান্ধি লৈছে,বহুত কথা মনতে ভাবিছে, গুণিছে হস্পিতেলৰ বিচনাত শুই শুইয়েই ।
যি পুত্ৰৰ কাৰণে তেওঁলোকে ইমান কষ্ট কৰিলে সিয়েই ডাঙৰ মানুহ হৈ তেওঁলোকক পাহৰি গ'ল,তাক আৰু মনত ৰখাৰ কিবা দৰকাৰ আছেনে ? সেউতীয়ে নতুনকৈ কথাবোৰ ভাবিবলৈ ধৰিলে । এপাকত পোনাকণক ওচৰলৈ মাতি সেউতীয়ে ক'লে,
---দদায়েৰে বেলিটো মূৰতে লৈ কমখন কষ্ট কৰিছিলনে ? তেওঁৰ এটা সপোন আছিল সি আহি গাঁৱতে এখন হস্পিতেল খুলিব, গাঁৱৰ মানুহৰ দুখ-দুৰ্গতি দূৰ হ'ব । কিন্তু কি হ'ল দেখিলিয়েই । মই তোকে আমাৰ মাটিখিনি দি দিম। তয়েই দদায়েৰৰ সপোনটো পূৰা কৰিব লাগিব পোনাকণ । ক' পাৰিবিনে তই ?
সেউতীয়ে কৈ কৈ কান্দোনত ভাগি পৰিল । প্ৰথমবাৰলৈ মানুহে দেখাকৈ কান্দিলে তেওঁ।কান্দি কান্দিয়েই বুকুখনৰ পাহাৰ যেন দুখবোৰ দুচকুৱেদি নৈ হৈ বোৱাই দিলে তেওঁ।


No comments:

Post a Comment