সময় সন্ধ্যা, পাণ দোকান খনৰ কাষতে ৰৈ আড্ডা দিয়া এজুম ডেকা ল'ৰা, কোনোবাই চিগাৰেট টানিছে , কোনোবাটোৱে বাইকৰ চিটত বহি ছোৱালী চাইছে, কোনোবাটোৱে মোবাইলত কথা পাতি আছে ৷ তেনেতে বিমল কাই আহি সিহঁতৰ ওচৰত কিছু সময় ৰ'ল ৷ বিমল কাইক বহুতে আক' বেয়া পায়, বেয়া পাই মানে তেওঁৰ মুখেৰে কেৱল অশ্লীল ভাষাহে নিগৰিত হয় ৷
বিমল কাই— তহঁতে যে ইয়াত এনেদৰে ৰৈ ৰৈ কথা পাতি আছ, ধাবাত গৈ বটল দুটামান গিলি আহ গৈ যা, তেহে ছোৱালী জোকাই ভাল লাগিব ৷ — নাই নাই দেই, এইকেইদিন সেইবোৰ বন্ধ, এজনে ক'লে ।
বিমল কাই— কিইইইইয়.???,
— আপুনি ক'ত থাকেহে বিমল কাই ? আগত পোন্ধৰ আগষ্ট আহি আছে দেখা নাই নেকি ? পুলিচৰ ফ্ৰী মাৰ কেইচাট খাবলৈ আামক পাগল কুকুৰে কামোৰা নাইতো !! বিমল কাই— আৰেই ! তহঁত ইমান ভয়াতুৰ বুলি মই কল্পনাও কৰা নাছিলো কিন্তু দেই ৷ হেৰৌ, ডেকা বয়সত যদি পুলিচৰ মাৰ দুচাট খাই পোৱা নাই, থানাত মহৰ কামোৰণিত দুই ৰাতি কটোৱা নাই, তহঁত কিহৰ মতা ল'ৰা অ'... কিহৰ মতা ল'ৰা ?? ধুৰৰৰৰ্ আমুকায়ে তহঁতৰ দিনত কিমান ডাঙৰ ডাঙৰ কাণ্ড কৰি থৈছো, পুলিচৰ মাৰ কিমান সহ্য কৰিছো ৷ এইবোৰ সহ্য কৰাও একোটা কলা বুইচ, কলা৷
তেনেতেই পিছফালৰ পৰা কোনোবাই সাৰোপ্-সাৰোপ্, চাটাপ্-চাটাপ্কৈ বিমল কাইক কোবাবলৈ ধৰিলে ৷ বিমল কায়ে যেন তেন উশাহটো সলাই ঘূৰি চাই দেখে ঘৈণীয়েক পদুমী ফেটী সাপৰ দৰে ফচ্ ফচাই আছে ৷ ল'ৰা মখাই কি হৈছে তৎ ধৰিব নোৱাৰি চাই থাকিল মুখ মেলি ৷
পদুমী— ব'ল ঘৰলে ব'ল, তোক আজি সুদাই নেৰোঁ ৷ ঘৰত কাম-বন একো কৰিবলৈ নাই, মদৰ ভাটি ভাটিয়ে ঘূৰি ফুৰিবি, লাজ নাপাৱ ছোৱালী গাভৰু হ'লহি ৷ খৰি এডালো ফালি নিদিয়, জহন্নামে যোৱা ! তোৰ আজি পিঠি ফালিম, ব'ল; পদুমীক চিনি পোৱা নাই !!
পদুমীয়ে তাক ঠেলি ঠেলি লৈ গ'ল, সি মুখেৰে অস্পষ্টকৈ কৈ গ'ল, আয়ায়ায়া দুখ পাইছোঁ ঐ, এৰি দিয়া না পদুমী ৷ মই যাম নহয় নিজেই ৷
বিমল কাই ল'ৰামখাৰ পৰা অলপ আঁতৰ হ'ল ৷ সি ৰিণিকি শুনিবলৈ পালে ডেকাহঁতৰ কিৰিলি পৰা হাঁহি । তাক কোনোবাটোৱে চিঞৰি ক'লে— অ' বিমল কাই, ঘৈণীৰ পৰা চৰ খোৱাটোও কলাতেই পৰে দেই ৷ তাৰ পিছত হাঁহি হাঁহি আৰু হাঁহি বৈ পৰিছিল বিমল কাইৰ কাণত ৷৷
No comments:
Post a Comment