Saturday, 29 August 2015

এদিন যেতিয়া সঁচাকৈয়ে হেৰাই যাম :- মেঘালী দিহিঙীয়া

এদিন যেতিয়া সঁচাকৈয়ে হেৰাই যাম,
ক'ত বিচাৰিবা তুমি মোক?
বতাহৰ কোলাত, নে
শিলবোৰৰ ফাঁকত?
.
বতাহে জানো পূৰাব পাৰিব
তোমাৰ বাসনা?
শিলে জানো দিব পাৰিব
মোৰ ঠিকনা?
.
আৰু যেতিয়া
আকাশৰ সমস্ত ভূগোল আঁজুৰিও
তুমি মোক বিচাৰি নাপাবা,
(চাগে) মৰিবলৈ ধৰা আবেলিটোৰ গাত বাগৰি
তোমাৰ উচুপনিবোৰ সামৰাৰ
বৃথা প্ৰয়াস কৰিবা৷
মোক বিচাৰি নোপোৱাৰ যাতনাত
তুমি তচনচ হৈ পৰিবা
অথচ,
তুমি কি বুজিবা
হেৰাই যোৱাৰ যন্ত্ৰণা…
.
এদিন যেতিয়া সঁচাকৈয়ে হেৰাই যাম,
তুমি কি কৰিবা?
শিলবোৰক পূজিবা, নে
সপোনবোৰক শিল সাজিবা?
.
হয়তো,
অনিশ্চয়তাৰ ভঁৰালত বন্ধকীত থাকিব
তোমাৰ সমস্ত কবিতা,
উশাহৰ চপলতা,
ৰাতিৰ আন্ধাৰ…
স্তব্ধ হৈ পৰিব সপোনৰ অগাদেৱা ৷
(আন্ধাৰ মানেইতো সপোনৰ আখৰা)
.
যিদিনা সঁচাকৈয়ে হেৰাই যাম
তোমাৰ চকুৰ দুপাৰত সিদিনা
স্মৃতিয়ে খেপিয়াব
বিমূৰ্ত মোক,
সেয়া হ’ব শূন্যতাৰ কছৰৎ
.
অথচ,
মই হেৰাই যাম
তোমাৰ উশাহত হেৰাই যাব নোৱাৰাৰ
যাতনা এসোপা লৈ
এদিন যে মই সঁচাকৈয়ে হেৰাই যাম…

No comments:

Post a Comment