এইবাৰৰ চানেকি শিতানত কিশোৰ মনজিৎ বৰাৰ "মাধৱদেৱ" কবিতাটো 'সাতসৰী' আলোচনীৰ জুলাই মাহৰ সংখ্যাটোৰ পৰা লোৱা হৈছে আৰু আলোচনাটো যুগুত কৰিলে - পল্লৱ কুমাৰ নাথে
.
কবিতা সম্পৰ্কে জ্ঞানগভীৰ আলোচনা কৰিবলৈ আমি অপৰাগ ৷ 'চানেকি শিতান'ৰ জুলাই, ২০১৫ সংখ্যাৰ দায়িত্ব দিওঁতে মনলৈ বাৰে বাৰে প্ৰশ্ন আহিছিল... 'পাৰিম নে ?' তথাপি অপ্ৰাণ চেষ্টা চলোৱাৰ প্ৰতিশ্ৰুতি দিছিলো ৷ জ্ঞানগভীৰ আলোচনা কৰিব নোৱাৰিলেও কবিতাৰ এজন সাধাৰণ পাঠক হিচাপে কবিতা এটি পঢ়ি উঠি যি অনুভৱ হয়, কবিতা এটাই মোক যিখিনি কথা কৈ যায় সেইখিনিৰেই জুলাই,২০১৫ সংখ্যাৰ 'চানেকি' শিতানটি প্ৰস্তুত কৰি তুলিছোঁ ৷
আমি জানো, কবিতাৰ মূল উৎস সংবেদনশীল অনুভূতি ৷ কবিতা এটা পঢ়ি বুজি উঠিবলৈও এই সংবেদনশীলতাৰ বৰ প্ৰয়োজন ৷ যিয়ে আমাক এটি ক্ষুদ্ৰ ছিদ্ৰৰ মাজেৰে নাতিদূৰৈত থকা বিশাল সাগৰ এখন চাবলৈ বা বিশাল সাগৰ এখনৰ কথা অনুভৱ কৰিবলৈ শিকায় সেয়াই সাধাৰণ অৰ্থত কবিতা ৷ কবিতাক আমি কলাত্মক কলা বুলিব পাৰোঁ ৷ 'চানেকি; জুলাই, ২০১৫' সংখ্যাটিৰ বাবে সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় আলেচনী 'সাতসৰী' জুলাই, ২০১৫ সংখ্যাৰ পৰা এটা কবিতা নিৰ্বাচন কৰি লোৱা হৈছে ৷
কবিতাঃ-"মাধৱদেৱ"
কবি:- কিশোৰ মনজিৎ বৰা
...........................
মই মাধৱ
দাসৰো দাস
অধম মূৰুখমতি
মোৰ তেজে তেজে
বৈ আছে
সেই মৃণ্ময় উপাসনা
ব'ৰাগী বাটৰ বেলি
মোৰ প্ৰাণৰ বন্দৰ আৱৰি
'শংকৰে জগত জুৰি'
ঘোষাৰ প্ৰাৰ্থনা এভাগ হৈ
নামি আহা যদুমনি
দধি মথন দুষ্ট কানাই
এওঁলোকক মাটিৰ সোৱাদ
দিয়া সোঁৱৰাই
সত্য শুদ্ধ ধৰ্ম
হৰিনাম মাত্ৰ
কলাৰ কল্যাণী-ভাবনা
আৰু বিজ্ঞানৰ বিশুদ্ধ বাট লোৱা
কৰ্মই কৃষ্ণ
কৰ্ম বিনে জীৱন উপলা মাত্ৰ
জীৱন জীৱন জীৱন জীৱন
জীৱন জীৱন প্ৰেম
জীৱন জীৱন জীৱন জীৱন
জীৱন জীৱন প্ৰেম ৷
'প্ৰেম-অমৃতৰ নদী'
উপচি পৰা পুনৰায়
মোৰ এই পৱিত্ৰ শস্যভূমিত
শীতলাই তোলা ইয়াৰ প্ৰতিটো প্ৰান্তৰ
'এহু ৰস মাধৱ মূৰুখমতি গাৱে ৷৷'
...........................
কথা এটা সুন্দৰ আৰু সু-স্পষ্টভাৱে প্ৰকাশ কৰিবলৈ কিছুমান অলংকাৰৰ সহায় লোৱা হয় ৷ বিষয়টোৰ প্ৰতি পাঠকক অধিক আকৰ্ষণ কৰিবলৈ বা ক'ব বিচৰা বিষয়টো সঠিকৰূপত উপস্থাপন কৰিবলৈ সাধাৰণ কথা এটাকো অলংকাৰ পৰিধানেৰে সুন্দৰ ৰূপত সঁজাই তোলা হয় ৷ কবি নৱকান্ত বৰুৱাৰ ভাষাত, "কবি সকল ভাষাৰ শিল্পী, গতিকে ভাষাৰ নান্দনিক সম্ভাৱনাখিনি তেওঁলোকে উদঘাটন নকৰাকৈয়ে ব্যৱহাৰ কৰে ৷ কবিয়ে ব্যৱহাৰ কৰা এনে কৌশলবোৰেৰেই নাম থোৱা হৈছে অলংকাৰ ৷
কবি কিশোৰ মনজিৎ বৰাৰ 'মাধৱদেৱ' কবিতাটিত এনে কিছু অলংকাৰৰ প্ৰয়োগ পৰিলক্ষিত হয়, যিবোৰে পাঠকক কবিতাটিৰ প্ৰতি অধিক আকৰ্ষণ কৰে বা বিষয়বস্তুৰ ভিতৰচ'ৰাত প্ৰৱেশ কৰাত সুবিধা কৰি দিয়ে ৷
কবিয়ে কবিতাটিত নিজকে 'মাধৱ' (মাধৱদেৱ) বুলি পৰিচয় দি 'দাসৰো দাস' 'অধম মূৰুখমতি' বুলি উল্লেখ কৰিছে ৷
কবিয়ে কৈছে,
'মোৰ তেজে তেজে
বৈ আছে
সেই মৃণ্ময় উপাসনা
ব'ৰাগী বাটৰ বেলি' ....
ইয়াৰ জৰিয়তে কবিয়ে মাধৱদেৱক ঈশ্বৰৰ একান্ত উপাসক হিচাপে অংকন কৰাৰ লগতে মাধৱদেৱৰ সংসাৰ-বিৰাগী স্বৰূপটো উপস্থাপন কৰিছে ৷
কবিয়ে যিহেতু নিজকে মাধৱদেৱ হিচাপে অৱতাৰণা কৰিছে সেয়ে তেওঁৰ সমস্ত সত্তা গুৰু শংকৰদেৱে আৱৰি থকাৰ কথা উল্লেখকৰি শংকৰদেৱৰ নামলৈয়ে ভগৱান শ্ৰী কৃষ্ণৰ চৰণত ঘোষা জুৰিছে ৷ তেওঁ শ্ৰী কৃষ্ণক সেই 'দধি মথনৰ দুষ্ট কানাই' ৰূপে পাব বিচাৰিছে যিজনে সম্প্ৰতিক সমাজখনক মাটিৰ সোৱাদ অৰ্থাৎ প্ৰকৃতিৰ সুন্দৰতা, সত্য আদি সোঁৱৰাই দিব পাৰে ৷ সত্যকে কবিয়ে সুন্দৰ ধৰ্ম ৰূপে প্ৰকাশ কৰিব বিচাৰিছে, হৰিনাম নিমিত্তমাত্ৰ ৷ হৰিনামক কেৱল সময়ৰ কল্যাণকামী ভাৱনা হিচাপে প্ৰকাশ কৰিছে ৷
এনেদৰে কৈ তেওঁ উল্লেখ কৰিছে,
'কলাৰ কল্যাণী-ভাবনা
আৰু বিজ্ঞানৰ বিশুদ্ধ বাট লোৱা
কৰ্মই কৃষ্ণ
কৰ্ম বিনে জীৱন উপলা মাত্ৰ'
কবিয়ে সময়ানুসৰি সলনি হৈ কল্যাণকামী মনোভাৱ আৰু বৈজ্ঞানিক মানসিকতাৰ কথা উল্লেখ কৰি কৰ্মই যে জীৱন সেই কথা অৱতাৰণা কৰিছে ৷ 'হাতে কৰা কাম মুখে হৰি নাম' বুলি কথা এষাৰ আছে ৷ কৰ্ম অবিহনে সুখ কামনা অনৰ্থক, কৰ্ম অবিহনে জীৱন এটি কঠিন সাঁথৰ ৷ কবিৰ মতে এয়াই জীৱন প্ৰেম ৷ কৰ্মই জীৱন প্ৰেম আৰু এই প্ৰেমেই অমৃতৰ নৈ ৷
কবিয়ে ভগৱান শ্ৰীকৃষ্ণক পুনৰ এই পৃথিৱীলৈ আহি সমগ্ৰ পৃথিৱী শীতলাই তুলিবলৈ প্ৰাৰ্থনা কৰিছে ৷ শেষত কবিয়ে এইয়া মাধৱ দেৱৰ যে কাতৰ মিনতি তাকেই প্ৰকাশ কৰি কবিতাটিৰ সামৰণি মাৰিছে ৷
ক'ব পাৰি যে কবি কিশোৰ মনজিৎ বৰাৰ 'মাধৱদেৱ' এটি মননশীল কবিতা ৷ কবিতাটিৰ আংগিক বা অলংকাৰ যিদৰে মন কৰিবলগীয়া সেই একেদৰেই মন কৰিবলগীয় বিষয়বস্তুৰ উপস্থাপন আৰু গভীৰতা ৷ কবিয়ে কবিতাটি ৰচনা আৰু আংগিক নিৰ্মাণত মাধৱদেৱৰ 'নাম-ঘোষা'ৰ প্ৰেৰণা থকাৰ কথা উল্লেখ কৰিছে; অৱশ্যে যিটো কবিতাটিত ইতিমধ্যেই স্পষ্ট ৷ কবিতাটিত কবিয়ে নিজকে মাধৱদেৱ) বুলি পৰিচয় দি 'দাসৰো দাস' 'অধম মূৰুখমতি' বুলি উল্লেখ কৰিছে ৷
কবিয়ে কৈছে,
'মোৰ তেজে তেজে
বৈ আছে
সেই মৃণ্ময় উপাসনা
ব'ৰাগী বাটৰ বেলি' ....
ইয়াৰ জৰিয়তে কবিয়ে মাধৱদেৱক ঈশ্বৰৰ একান্ত উপাসক হিচাপে অংকন কৰাৰ লগতে মাধৱদেৱৰ সংসাৰ-বিৰাগী স্বৰূপটো উপস্থাপন কৰিছে ৷
কবিয়ে যিহেতু নিজকে মাধৱদেৱ হিচাপে অৱতাৰনা কৰিছে সেয়ে তেওঁৰ সমস্ত সত্তা গুৰু শংকৰদেৱে আৱৰি থকাৰ কথা উল্লেখকৰি শংকৰদেৱৰ নামলৈয়ে ভগৱান শ্ৰী কৃষ্ণৰ চৰণত ঘোষা জুৰিছে ৷ তেওঁ শ্ৰী কৃষ্ণক সেই 'দধি মথনৰ দুষ্ট কানাই' ৰূপে পাব বিচাৰিছে যিজনে সম্প্ৰতিক সমাজখনক মাটিৰ সোৱাদ অৰ্থাৎ প্ৰকৃতিৰ সুন্দৰতা, সত্য আদি সোঁৱৰাই দিব পাৰে ৷ সত্যকে কবিয়ে সুন্দৰ ধৰ্ম ৰূপে প্ৰকাশ কৰিব বিচাৰিছে, হৰিনাম নিমিত্তমাত্ৰ ৷ হৰিনামক কেৱল সময়ৰ কল্যাণকামী ভাৱনা হিচাপে প্ৰকাশ কৰিছে ৷
এনেদৰে কৈ তেওঁ উল্লেখ কৰিছে,
'কলাৰ কল্যাণী-ভাবনা
আৰু বিজ্ঞানৰ বিশুদ্ধ বাট লোৱা
কৰ্মই কৃষ্ণ
কৰ্ম বিনে জীৱন উপলা মাত্ৰ'
কবিয়ে সময়ানুসৰি সলনি হৈ কল্যাণকামী মনোভাৱ আৰু বৈজ্ঞানিক মানসিকতাৰ কথা উল্লেখ কৰি কৰ্মই যে জীৱন সেই কথা অৱতাৰণা কৰিছে ৷ 'হাতে কৰা কাম মুখে হৰি নাম' বুলি কথা এষাৰ আছে ৷ কৰ্ম অবিহনে সুখ কামনা অনৰ্থক, কৰ্ম অবিহনে জীৱন এটি কঠিন সাঁথৰ ৷ কবিৰ মতে এয়াই জীৱন প্ৰেম ৷ কৰ্মই জীৱন প্ৰেম আৰু এই প্ৰেমেই অমৃতৰ নৈ ৷
কবিয়ে ভগৱান শ্ৰীকৃষ্ণক পুনৰ এই পৃথিৱীলৈ আহি সমগ্ৰ পৃথিৱী শীতলাই তুলিবলৈ প্ৰাৰ্থনা কৰিছে ৷ শেষত কবিয়ে এইয়া মাধৱ দেৱৰ যে কাতৰ মিনতি তাকেই প্ৰকাশ কৰি কবিতাটিৰ সামৰণি মাৰিছে ৷
আমি ক'ব পাৰো যে কবি কিশোৰ মনজিৎ বৰাৰ 'মাধৱদেৱ' এটি মননশীল কবিতা ৷ কবিতাটিৰ আংগিক বা অলংকাৰ যিদৰে মন কৰিবলগীয়া সেই একেদৰেই মন কৰিবলগীয় বিষয়বস্তুৰ উপস্থাপন আৰু গভীৰতা ৷ কবিয়ে কবিতাটি ৰচনা আৰু আংগিক নিৰ্মাণত মাধৱদেৱৰ 'নাম-ঘোষা'ৰ প্ৰেৰণা থকাৰ কথা উল্লেখ কৰিছে; অৱশ্যে যিটো কবিতাটিত ইতিমধ্যেই স্পষ্ট ৷ কবিতাটিত কবিয়ে নিজকে মাধৱদেৱ হিচাপে মাধৱদেৱৰ কথাৰে সমাজলৈ গুৰুতৰ বাৰ্তা প্ৰেৰণত সফল হৈছে ৷
- পল্লৱ কুমাৰ নাথ
কাকী, নগাঁও
No comments:
Post a Comment