মোৰ পিৰালিৰ আগত
এচোতাল ৰ’দ!
হয়তো সুখৰ
........নহ’লেও দুখৰ;
দুৱাৰ মুখত বহি আছোঁ মই
সময়্হীনতাৰ সময়ৰে পৰা
অনুভৱত কিছু তোমাৰ অস্থিৰ প্ৰহৰ!
.
ৰ’দজাক গছকি
কেতিয়াবাই পাৰ হৈ গ’লা তুমি,
উদাসীন বুকুত উপায়হীন হৈ ৰৈ গ’ল
উথপথপ কলপতীয়া ভাগৰ...
মোৰতো নহয়, তোমাৰো নহয়
কষ্ট মাথো ৰ’দজাকৰ!
সুখবোৰ নহ’লেও
দুখবোৰ যে সদায় একান্তই নিজৰ;
.
ৰ’দজাক ছাঁ হোৱাহেঁতেন,
ময়ো গুচি যাব পাৰিলোহেতেন
তাৰ ছাঁ গছকি,
এই আৰূঢ় অনুভুতিৰ আমেজ ভাঙি!
কিন্তু এতিয়াও যে বহি আছে তাই
মোৰ চোতালতে
পুৰঠ দুখৰ চুলি মেলি;
সোণালী চাদৰৰ আঁহে আঁহে লাগি আছে
তোমাৰ বিনম্ৰ উপস্থিতি!!
এচোতাল ৰ’দ!
হয়তো সুখৰ
........নহ’লেও দুখৰ;
দুৱাৰ মুখত বহি আছোঁ মই
সময়্হীনতাৰ সময়ৰে পৰা
অনুভৱত কিছু তোমাৰ অস্থিৰ প্ৰহৰ!
.
ৰ’দজাক গছকি
কেতিয়াবাই পাৰ হৈ গ’লা তুমি,
উদাসীন বুকুত উপায়হীন হৈ ৰৈ গ’ল
উথপথপ কলপতীয়া ভাগৰ...
মোৰতো নহয়, তোমাৰো নহয়
কষ্ট মাথো ৰ’দজাকৰ!
সুখবোৰ নহ’লেও
দুখবোৰ যে সদায় একান্তই নিজৰ;
.
ৰ’দজাক ছাঁ হোৱাহেঁতেন,
ময়ো গুচি যাব পাৰিলোহেতেন
তাৰ ছাঁ গছকি,
এই আৰূঢ় অনুভুতিৰ আমেজ ভাঙি!
কিন্তু এতিয়াও যে বহি আছে তাই
মোৰ চোতালতে
পুৰঠ দুখৰ চুলি মেলি;
সোণালী চাদৰৰ আঁহে আঁহে লাগি আছে
তোমাৰ বিনম্ৰ উপস্থিতি!!
No comments:
Post a Comment