কঁঠাল তিনিটা সমুখত লৈ বজাৰৰ চুকটোতে ঘনকান্ত বহি আছে৷ ওপৰৰ বেলিটোৰ তাপ ক্ৰমাৎ বাঢ়ি আহিছে যদিও ৰাইজে তালৈ সিমান মন-কাণ দিয়া নাই৷ অইন দিনাতকৈ আজি বজাৰত মানুহ অলপ বেছিহে৷ কেঁচা ভীমকলৰ থোক এটা চাইকেলৰ আগফালে ওলোমাই লোৱা সৌটো ধৰণীয়ে বোজা কঢ়িয়াব নোৱাৰি শেষত বজাৰৰ মাজেৰে এতিয়া খোজ কাঢ়ি চাইকেলখন টানি নিছে৷ বেহুৱা,মাহৰ গুৰা আদি ঘৰতে প্ৰস্তুত কৰিবলৈ শিকা আত্মসহায়ক গোটটোৰ সদস্যা মিনতিয়ে সেইয়া দুহাতে দুটা মোনা লৈ ভৰতৰ গেলামালৰ দোকানখনৰ দিশে খৰ খোজেৰে আগুৱাইছে৷ নতুন যেন লগা মোনাটোত কেশৱে ভৰাই নিয়া দীঘল জিকাৰ ঠাৰিবোৰ মোনাটোৰ বাহিৰলৈকে ওলাই পৰিছে৷ সিহঁতৰ বাৰীত কাজি নেমুবোৰ লমা-লমে লাগিছে৷ আনটো মোনাত নেমুৱেই হ’ব চাগে'৷ আজি কলিমাই বুঢ়ীও বজাৰলৈ আহিছে৷ গেঞ্জী আৰু চুটি পেন্ট এটা পিন্ধি বুঢ়ীৰ পিছে পিছে সেইয়া নাতি৷ বুঢ়ীৰ লগত মোনা-চোনা নাই৷ চাগে' নাতিয়েকক বজাৰ দেখুৱাবলৈ আনিছে৷ অ’ সৌটো দেখোন নগেন, তাৰ ফালেই খোজ পোনাইছে৷ বজাৰৰ ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰা ঘনৰ চকুহাল মাছৰ বজাৰৰ পৰা ওলাই অহা নগেনৰ ওপৰত পৰিল৷ ঘনকান্তৰ চকুৱে চকুৱে পৰাত আঁতৰৰ পৰাই নগেনে হাঁহি এটা মাৰিলে৷
“পকিছেনে?”-নগেনে কঁঠাল এটা বুঢ়া আঙুলিটোৰে অলপ হেঁচি ঘনকান্তৰ চকুলৈ চাই সুধিলে৷
“কাইলৈ নহ’লে পৰহিলৈ খাব পাৰিবি৷”
“কেই টকা ল’বি?”
“বেছি নালাগে৷ টকা পঞ্চাছটা দিবি আৰু৷”
নগেনৰ সম্মুখেৰে এইমাত্ৰ যেন ক’লা ফেটি এডালহে পাৰ হৈ গ’ল; দাম শুনি সি জাপ মাৰি উঠিল৷
“ধেই মানুহ মাৰিবি দেই! ইমান দাম হয় নেকি!”-নগেনে অহা বাটেৰে উভতি গ’ল৷ যাওঁতে অস্পষ্ট ভাষাৰে ভোৰভোৰাই গ’ল৷
অইনদিনা হোৱা হ’লে দামৰ অলপ হেৰ-ফেৰ কৰিব পৰা গ’লহেতেন৷ কিন্তু আজিৰ কথা সুকীয়া৷ চৰকাৰে বোলে বিদেশী খেদিব-তাৰ বাবে কিবা কাগজ এখন উলিয়াইছে৷ গাঁওবুঢ়াৰ পৰা দুদিন আগতে গৈ ফৰ্মখন বাৰু সি নিজেই লৈ আনিলে৷ ফৰ্মখন পূৰোৱাৰ সময়ত কেনাটো লাগিল৷ অ-মানে অমিতা, ক-মানে কল-এই দুটা মনত ৰাখিয়েই সি পঢ়াশলীয়া শিক্ষা সামৰিছিল৷ ঘৈণীয়েক মালতীয়েও মাৰ খোৱাৰ ভয়ত স্কুলৰ চৌহদতেই ভৰি নিদিলে৷ মিন্টু আৰু মাজনীক ওচৰৰে প্ৰাথমিক স্কুলত নাম লগাই দিছে যদিও ফৰ্ম পূৰোৱাৰ দৰে ইমান জটিল কাম এটা সিহঁতে কৰিব পৰা হোৱাগৈ নাই৷ গাঁওবুঢ়াৰ পুতেকে টকা এশটা লৈ ফৰ্মখন পূৰাই দিয়া কামটো কৰি আছে-কথাটো নন্দেশ্বৰেই ক’লে৷ পিছে কাৰবাৰটো বিৰাটেই খৰচী৷ ফৰ্মত লগাবলৈ ফটো লাগিব ৷ অঞ্চলৰ একমাত্ৰ ষ্টুডিঅ’ বৃন্দাবনলৈ গৈ ঘৰৰ চাৰিওটা প্ৰাণী ফটো উঠোৱা মানেই এশ টকা৷ অহা-যোৱাৰ খৰচটো বাদেই৷ চৰকাৰে বোলে খুব নিকা আৰু স্বচ্ছতাৰ মাজেৰে কামবোৰ কৰিব৷ বিয়া পাতি অনাৰ পূৰ্বে ঘৈণী মালতীও যে এইখন দেশৰে নাগৰিক আছিল-তাকে প্ৰমাণ কৰিবৰ বাবে ‘লিক্’ চাৰ্টিফিকেট নে কিবা এখনো লাগিব৷ মালতীৰ ঘৰ ইয়াৰ পৰা এশ কিলোমিটাৰ নিলগৰ কাকমাৰীত৷ বাট-পথৰ অৱস্থা কাহিল৷ এদিনতে গৈ ঘূৰি আহিব নোৱাৰি৷ গাঁওখনৰ বাদে আন ক’লৈকো আজিলৈকে অকলে নোযোৱা মালতীক ইমান দূৰলৈ অকলে পঠিয়াবও নোৱাৰি৷ অ’ত দিনৰ মূৰত শহুৰেকৰ ঘৰলৈ খালি হাতেৰে যোৱাটোও তাৰ বাবে আত্মসন্মান হানি হোৱাৰ দৰে কথা হ’ব৷ মনৰ মাজতে গোটেইবোৰ কথা জুকিয়াই লৈ ঘনকান্তই প্ৰায় পাঁচশমান টকাৰ ভিতৰত গোটেই কামখিনি হৈ উঠিব বুলি নিজকে পতিয়ন নিয়ালে৷ বাৰীৰ আমকেইটা চুবুৰীৰ ধনাইক বেচি ঘনকান্তই ইতিমধ্যে টকা তিনিশ গোটাইছে৷ তাৰে এশ টকা এতিয়াও পাবলৈ আছে৷ আজি আবেলিকৈ দিয়াৰ কথা৷ ধনাইয়ে লগ দিলেই হয় আজি৷ কঁঠাল তিনিটাৰ ওপৰতে এতিয়া সমস্ত নিৰ্ভৰ কৰিছে৷ তিনিটা কঁঠালত টকা ডেৰশ নাপালেও এশটকা পালেও তাৰ কামটো হৈ উঠিবগৈ৷
অ’ সৌটো দেখোন মহানন্দ পুলিচ৷ বহুদিনৰ মূৰত দেখা হ’ল ৷ এহাতে মোনাটো লৈ বজাৰৰ ইজন বেপাৰীৰ পৰা আনজন বেপাৰীৰ কাষে কাষে ঘূৰি ফুৰিছে৷ বলেনৰ বাঁহৰ চাঙখনৰ পৰা জিকা কেইটামান উঠাই লৈ এইফালে ডিঙিটো বেঁকা কৰি দিওঁতেই ঘনৰ চকুৱে চকুৱে পৰিল৷ জিকাকেইটা মোনাটোত ভৰাই, নোটকেইখিলা বলেনৰ হাতত চমজাই মহানন্দ পুলিচ অলপ খৰ খোজেৰেই ঘনৰ ফালে আহিব ধৰিছে৷ ঘনৰ কপালত ঘাম দুটোপাল জিলিকিল৷
ভাওনাত ভীমে গদা ঘূৰোৱাৰ দৰে মহানন্দ পুলিচে গদাডাল ঘূৰাই ঘূৰাই ,পথৰ দুয়োকাষৰ বেপাৰীবোৰলৈ তীক্ষ্ণ দৃষ্টি এৰি এৰি ক্ৰমাৎ মহানন্দ তাৰ ফালে আগুৱাই আছে৷ মহানন্দ পুলিচেনো কোনখন থানাত কাম কৰে,কোনটো পদত কাম কৰে, সি প্ৰকৃততেই পুলিচৰ কাম কৰে নে নকৰেই, নে পুলিচৰ বেশত অইন কিবাহে কৰে সেই ৰহস্য আজিলৈকে কোনেও ভাঙিব পৰা নাই৷ মনত পৰাৰ দিনৰে পৰা ঘনকে ধৰি বজাৰৰ প্ৰায়বোৰ মানুহেই মহানন্দক লাঠিডাল ঘূৰাই ঘূৰাই বজাৰৰ মাজেৰে পিয়া-পি দি ফুৰাহে দেখি আহিছে৷ এদিন বোলে মাছৰ বেপাৰী কুমুদে স্থানীয় আৰক্ষী থানাখনত মহানন্দ নামৰ মানুহ এজন আছে নে নাই,তাকে সুধিছিল৷ কুমুদৰ কথা শুনি থানাৰ মানুহজনে চকুহাল বহল কৰি মূৰটো সোঁৱে-বাৱে লৰাই ভিতৰলৈ গুচি গ’ল৷
এতিয়া সেইটো মহানন্দই ঘনকান্তৰ সমুখত থিয় হৈ টেলেকা-টেলেক চকুৰে কঁঠালকেইটালৈ চাই আছে৷
“ক’ৰ পৰা সৰকালি?”-কঁঠালটোৰ গাটো লাহেকৈ টোকৰ এটা মাৰি মহানন্দই ঘনলৈ সন্দেহৰ চকুৰে চালে৷
“ক’ৰ পৰানো সৰকাম ছাৰ? নিজৰ ঘৰৰ বাৰীৰে ৷”-সেপটো গিলি ঘনকান্তই কোমল মাতেৰে কথাটো ক’লে৷
“তহঁতৰ একো বিচ্ছাছ নাই৷ ঘৰত কোন কোন আছে তোৰ?”
“সৰু পৰিয়াল ছাৰ৷ ঘৈণী আৰু ল’ৰা-ছোৱালী এহাল৷ ল’ছালিহালক এইবাৰ ইচকুলত দিছোঁ৷”
“ঘৈণীয়েৰৰ নাম কি?”
ঘনকান্তৰ বুকুখন চিৰিঙকৈ মাৰিলে৷ মালতীক চাবলৈ যাওঁতে এবাৰ নে দুবাৰ মাকে তাইৰ নামটো সুধিছিল৷ সেইয়াই আৰম্ভ আৰু সেইয়াই শেষ৷ তাৰ পাছৰে পৰা পৰিয়ালৰ কোনো মানুহেই তাৰ ঘৈণীয়েকৰ নাম সুধিবলৈ প্ৰয়োজন অনুভৱ কৰা নাই৷
“মালতী ছাৰ৷”
“বয়স কিমান?”
“ত্ৰিশমান হৈছে চাগে' ছাৰ৷”
মহানন্দ পুলিচৰ চকুৰ ভাষা পঢ়িবলৈ বাৰে বাৰে চেষ্টা কৰিও যেন ঘনকান্ত বিফল হৈছে৷ তাৰ ঘৈণীয়েকৰ বয়স মহানন্দ পুলিচকনো কেলৈ লগা হ’ল,তাৰ অৰ্থোদ্ধাৰ কৰিব পৰা নাই ঘনই৷
“দেখিবলৈ চাগে খুব ধুনীয়া ন?”-কথাষাৰ কৈ ক’লা হৈ থকা আগ-দাঁতকেইটা উলিয়াই মহানন্দই শব্দহীন হাঁহি এটা মাৰিলে৷ সেই হাঁহিয়ে পলকতে এখন ধুমুহাৰ সৃষ্টি কৰিলে ঘনৰ মনৰ মাজত৷ ঘৰ-দুৱাৰ উৰুৱাই নিয়া এজাক প্ৰচণ্ড ধুমুহা৷ সমস্ত ক’লা ডাৱৰবোৰ আহি মূৰৰ ওপৰৰ আকাশখন যেন ঘেৰি পেলাইছে৷ চৌদিশে ঘন আন্ধাৰৰ মাজতে সি দেখা পালে-মহানন্দ পুলিচে এটা প্ৰকাণ্ড দৈত্যৰ ৰূপ ধাৰণ কৰি সিহঁতক খেদি ফুৰিছে৷ দৈত্যৰূপী মহানন্দই ঘনক বগৰাই অচেতন কৰি দিছে ৷ ল’ৰা-ছোৱালীকেইটাক আচাৰি থৈ দৈত্যই তাৰ পিছত চোঁচা লৈছে মালতীলৈ৷ প্ৰাণৰ মমতাত মালতীও দৌৰিছে৷ এসময়ত শিলগুটি এটাত উজুটি খাই তাই দৈত্যৰ সমুখতে পৰি গৈছে৷ দৈত্য তাইৰ ফালে আগুৱাই আহিছে৷ এসময়ত দৈত্যই দীঘল নখবোৰেৰে মালতীৰ দেহটো...নাই,নাই ৷ ঘনকান্তই আৰু ভাবিব নোৱাৰে৷
“ছাৰ, এইকেইটা কঁঠাল আপোনাৰ বাবে আনিছোঁ৷ ঘৰলৈকে লৈ যাওঁক৷”-কিবা এটা অদৃশ্য শক্তিয়ে ঘনকান্তৰ মুখৰ পৰা যেন শব্দকেইটা আজুৰিহে আনিলে৷
“পইচা নালাগে তোক?”-মহানন্দই আচৰিত হৈ ঘনকান্তৰ চকুলৈ চালে৷
“নালাগে ছাৰ৷ আপুনি আমাৰ নিজৰ মানুহ৷ পইচানো কেনেকৈ ল’ম?”
মহানন্দৰ মুখলৈ চাবলৈ যেন ঘনকান্তৰ আৰু শক্তি নাই৷ সেয়ে কথাষাৰ কৈয়েই কাষতে থকা লেৰেলি যোৱা কলপাতখনেৰে কঁঠালকেইটা মেৰিওৱাত ব্যস্ত হৈ পৰিল ঘনকান্ত৷
No comments:
Post a Comment