Sunday, 30 August 2015

ব্যস্ততা -ৰঞ্জন বৰ্মন

আজি আকৌ উভতি আহিছোঁ নদীৰ পাৰলৈ
বালি খান্দি বিচাৰিছো এৰি অহা দিনবোৰ
যিবোৰ সময়ৰ পাখি পিন্ধি গুচি গ'ল
বহু দিনৰ আগতেই উভতি নহাৰ বাটেৰে !
.
আপাততঃ আমি বিষম ব্যস্ত
এটি সপোন পূৰ হ'ল কি নহ'ল
দৌৰিব আৰম্ভ কৰি দিওঁ অন্য এটি সপোনৰ পিছে পিছে...
এনেকৈয়ে আমি পাহৰি থাকোঁ হৃদয়ৰ খবৰ সুধিবলৈ
যিয়ে এদিন আমাৰ হাতৰ আঙুলিত ধৰি
বাট বুলাইছিল বকুলৰ তলেৰে !
.
ব্যস্ততাই আমাক এনেদৰে আৱৰি ৰাখে
আমাক মোহাছন্ন কৰিব নোৱাৰে
তলসৰা শেৱালি ফুলবোৰে,
কাকিনি তামোলজোপাৰ ফাঁকেৰে সৰকি পৰা কোমল জোনাকে,
চৰাইৰ চকুৰ ধুনীয়াখিনিয়ে,
অৰণ্যৰ সেউজীয়াই, আকাশৰ বিশালতাই
আনকি আমাৰ বুকুত স্পৰ্শ কৰিব নোৱাৰে
দুৰ্ভগীয়াজনৰ কৰুণ আৰ্তনাদে
এনেকৈয়ে আমি ক্ৰমশঃ স্বাৰ্থপৰ হৈ উঠোঁ
.
আৰু এদিন
সপোনৰ পিছে পিছে দৌৰি আমি ভাগৰি পৰোঁ
সৰোবৰৰ পানীৰ দৰে স্বচ্ছ হৈ পৰে আমাৰ ব্যস্ততাৰ অসাৰতা
নীড়মুখী চৰাইজাকৰ দৰে
আমি তেতিয়া উভতি যাব খুজোঁ অতীতলৈ...
যিবোৰে সময়ৰ পাখি পিন্ধি গুচি গ'ল
বহু দিনৰ আগতেই উভতি নহাৰ বাটেৰে !

No comments:

Post a Comment