Saturday, 29 August 2015

অনিয়মিত :- হীৰকজ্যোতি বৈশ্য

কেতিয়াবা কেতিয়াবা মাজে মাজে
মই তিতি থাকোঁ দোপালপিটা বৰষুণত
বৰষুণবোৰ হিমকণা
তেজত সোমাই মোৰ কলিজা কোঁচায়
.
মাজে মাজে কেতিয়াবা মই হুতাশন হওঁ
পুৰি মাৰোঁ অংকুৰিত যত শেলুৱৈ কামনা
.
কেতিয়াবা কেতিয়াবা মাজে মাজে
মই ৰুক্ষ হওঁ নে শান্ত হওঁ
বকুলফুলীয়া নিশাবোৰে নমাব নোৱাৰে বাৰিষা
.
মাজে মাজে কেতিয়াবা মই মানুহ হওঁ
ঠিক মানুহৰ দৰে মানুহ৷

No comments:

Post a Comment