Saturday, 29 August 2015

উকা দেৱালখনি : ණ-সুব্ৰতা গোস্বামী

যোৱা এটা সপ্তাহলৈকে সেই নিৰ্দিষ্ট আৰ্ট গেলেৰীটোত মানুহৰ ভিৰ।শীত-তাপ নিয়ন্ত্ৰিত গেলেৰীটোৰ বগা দেৱালকেইখনৰ শোভা বৰ্দ্ধন কৰি বহুকেইখন হৃদয়স্পৰ্শী চিত্ৰ জিলিকি আছিল,নিৰ্দিষ্টকৈ ৰখা লাইটবোৰৰ মৃদু পোহৰত।প্ৰত্যেকখন দেৱালতে আঁৰি থোৱা হৈছিল বহুকেইখনি বাস্তৱিক তথা বিমূৰ্ত চিত্ৰ।চিত্ৰসমূহ চাই চাই মনত ভাব হৈছিল,সঁচাকৈ ছবিয়ে কথা কয় । গেলেৰীটোত সোমালেই যেন মনটো ভৰি উঠিছিল এক অনাবিল শান্তিত।চিত্ৰসমূহত ফুটি উঠা বিভিন্ন ৰঙ আৰু আংগিক প্ৰতিফলনত বগা দেৱালকেইখনো মানুহৰ দৃষ্টিত ধৰা দিছিলহি অপৰূপ সৌন্দৰ্যত।তাতেই যেন অহংকাৰ দেৱালকেইখনৰ।চিত্ৰসমূহক বুকুত ঠাই দি দেৱালকেইখনেও হাঁহিছিল।বৰণহীন হৈও ৰঙীণ হৈ পৰিছিল পলকতে।অন্তিম দিনা চিত্ৰ প্ৰদৰ্শনীখনিৰ সামৰণিৰ পিছত যেতিয়া চিত্ৰসমূহ আঁতৰাই অনা হ'ল,তেতিয়া ক্ষন্তেকতে বগা দেৱালবোৰ হৈ পৰিল বিবৰ্ণ।খহি পৰিল হাঁহিবোৰ,ইখনৰ পাছত সিখন চিত্ৰ আঁতৰোৱাৰ লগে লগে । মুহূৰ্ততে চূৰ্ণ হৈ গ'ল গপত উফন্দি থকা সেই নিৰ্দিষ্ট আৰ্ট গেলেৰীটোৰ বিবৰ্ণ দেৱালকেইখনৰ সকলো আনন্দ।আকৌ উকা হৈ পৰি ৰ'ল দেৱালকেইখনি।

No comments:

Post a Comment