দিনৰ পোহৰতো এন্ধাৰ কঢ়িয়াই থকা
মানুহবোৰ মানুহেই হয়।
.
দিনৰ পোহৰতো এন্ধাৰ কঢ়িয়াই থকা
মানুহৰো থাকে চকু, কাণ, নাক সকলো
কেৱল সিহঁতে কঢ়িয়াই ফুৰে
ৰ'দ জিলমিল সময়তো ঘিটমিট এন্ধাৰ।
.
দিনৰ পোহৰতো এন্ধাৰ কঢ়িয়াই থকা
মানুহৰো বুকুৱে বুকুৱে হৃদয় থাকে
আশা, নিৰাশা থাকে
যিবোৰ আন্ধাৰত লিখে, পঢ়ে এন্ধাৰত।
.
দিনৰ পোহৰতো এন্ধাৰ কঢ়িয়াই থকা
মানুহৰো জীৱন থাকে
লজ্জাহীন ভাবে যাপন কৰে জীৱন
এন্ধাৰ বাটৰ এই বাটৰুৱাবোৰ
এতিয়া চহৰ, নগৰ সকলোতে বিৰাজমান।
.
দিনৰ পোহৰতো এন্ধাৰ কঢ়িয়াই থকা
মানুহৰো বুকুত থাকে প্ৰেম, ভালপোৱা
বকুলৰ সুগন্ধি সিহঁতেও বিচাৰি ফুৰে
নিজৰ ধৰণে নিজৰ বাসনাৰে
ঘন ক'লা ডাৱৰৰ সিপাৰে।
মানুহবোৰ মানুহেই হয়।
.
দিনৰ পোহৰতো এন্ধাৰ কঢ়িয়াই থকা
মানুহৰো থাকে চকু, কাণ, নাক সকলো
কেৱল সিহঁতে কঢ়িয়াই ফুৰে
ৰ'দ জিলমিল সময়তো ঘিটমিট এন্ধাৰ।
.
দিনৰ পোহৰতো এন্ধাৰ কঢ়িয়াই থকা
মানুহৰো বুকুৱে বুকুৱে হৃদয় থাকে
আশা, নিৰাশা থাকে
যিবোৰ আন্ধাৰত লিখে, পঢ়ে এন্ধাৰত।
.
দিনৰ পোহৰতো এন্ধাৰ কঢ়িয়াই থকা
মানুহৰো জীৱন থাকে
লজ্জাহীন ভাবে যাপন কৰে জীৱন
এন্ধাৰ বাটৰ এই বাটৰুৱাবোৰ
এতিয়া চহৰ, নগৰ সকলোতে বিৰাজমান।
.
দিনৰ পোহৰতো এন্ধাৰ কঢ়িয়াই থকা
মানুহৰো বুকুত থাকে প্ৰেম, ভালপোৱা
বকুলৰ সুগন্ধি সিহঁতেও বিচাৰি ফুৰে
নিজৰ ধৰণে নিজৰ বাসনাৰে
ঘন ক'লা ডাৱৰৰ সিপাৰে।
No comments:
Post a Comment