বিয়া বুলি ক’লে গা সাতখন-আঠখন লাগে। ভাইটি আৰু মোৰ সবাতোকৈ প্ৰিয় মাংসৰ মলমলীয়া গোন্ধ আৰু খাই উঠাৰ পিছত
.
বিবাহ প্ৰাৰ্থীয়ে বটাত দিয়া গুৱামুৰিৰ সতেজ ছবিখন মনত ভাঁহি উঠে। বিয়ালৈ সচৰাচৰ আমি মাৰ লগত নাইবা দেউতাৰ লগত নাইবা মা, দেউতা দুয়োৰে লগত যাওঁ। কিন্তু সিদিনা মাৰ জ্বৰ আৰু দেউতাৰ ডিছেণ্ট্ৰি। এফালে বিয়াখনলৈ নগ’লে নহয়।
.
ভাইটি আৰু মই দেউতাক বাৰে বাৰে তাগিদা দি আছোঁ। দেউতাই ভাবি আছে কি কৰা যায়। ভাবি-চিন্তি শেষত সিদ্ধান্ত দিলে যে বিয়ালৈ ভাইটি আৰু মই যাব লাগিব...।
.
কিন্তু আমি যে অকলে ক’লৈকো গৈ পোৱা নাই। তাতে আকৌ বিয়াৰ কথা। গৃহস্থক মাতিব লাগিব। তাতকৈ ডাঙৰ কথা কইনাজনীক উচৰ্গা দিব লাগিব। উসসস...! আমি দুয়ো যে ইমান লাজকুৰিয়া আছিলো সৰু থাকোতে। ঘৰলৈ আলহী-অতিথি আহিলে লুকাই থাকোঁ, আত্মীয়ৰ ঘৰলৈ
.
গ’লেও মাতা-বোলা খুব কমকৈ কৰোঁ। তেনেস্থলত বিয়া এখনলৈ গৈ গৃহস্থক মাত দিয়া, কইনাক উচৰ্গা দিয়াটো কিমান বেছি কঠিন কাম!
.
দেউতাক ক’লো বিয়ালৈ নাযাওঁ, মন নাই। দেউতাই বুজিলে যে আমি আমাৰ লাজৰ বাবে যাব খোজা নাই। আগতেও এনেকুৱা ঘটনা ঘটিছে। দেউতাই মোক ধমক দিলে আৰু উদাত্ত কন্ঠে ঘোষণা কৰিলে, “তহঁতৰ লাজ কেতিয়া ভাঙিব হা? ক্লাছ চেভেন পালি তই, মানুহক কেতিয়া মাতিবি? বিয়ালৈ যা। অকন খুৰাহঁতক মাত দিবি। আমাৰ অসুখৰ বাবে আহিব নোৱাৰিলো বুলি ক’বি। মধু বায়েৰক মাত দিবি। আৰু এয়া ল' টকা পঞ্চাছটা। বায়েৰক দিবি উচৰ্গা হিচাপে।” পঞ্চাছ টকাটো উলিয়াই দি দেউতা লেটৰিনলৈ বেগাই গ’ল। .
.
বুজিলো যে বিয়ালৈ যোৱাৰ আৰু গত্যন্তৰ নাই। কিমান যে বেয়া লগা মূহুৰ্ত আছিল সেয়া...। দেউতাক পৃথিৱীৰ ভিতৰত আটাইতকৈ কঠোৰতম মানুহ যেন লাগিছিল। আৰু মাৰো এনেবোৰ কথাত ক’বলগীয়া একোকে নাথাকে। সেয়া আৰু বাছি হৃদয় বিদাৰক কথা। বিমৰ্ষ মনে দুয়ো বিয়ালৈ ওলালো। .
.
খোজ কাঢ়ি গৈ আছোঁ। ভাইটিক ক’লো, “মানুহখিনিক তই মাত লগাবি।” ভাইটিয়ে আকৌ, “ইহহ...মানুহক ডাঙৰেহে মাতিব লাগে। তই মাতিবি।” তাৰ আকৌ ওলোটা জাপ। মই নেৰোঁ, সি নামানে। বাক-বিতণ্ডাৰ অন্তত সিদ্ধান্ত হ’ল- মই খুৰাক এবাৰ, মাত্ৰ এবাৰ মাতিম আৰু ভাইটিয়ে উপহাৰটো বাইদেউক দিয়েই লৰ মাৰিব। .
.
বিয়া ঘৰ আহি পালোঁ। ভিতৰত সোমাই দুয়ো জ্বৰ ঘমাদি ঘামিলোঁ। ঢেৰ মানুহ। এজাক মানুহৰ সোঁতত কেনি সোমাই গৈ খোৱা ঠাই পালো গমেই নাপালো। কাক মাতো, কাক মাতোকৈ থাকোতে ভিতৰত জগাক দেখিলো। উহহ... তাক দেখিহে মনত অলপ জোৰ পালো। সি আমাতকৈ অলপ ডাঙৰ যদিও একেলগে খেলা-ধূলা কৰোঁ। বিয়া-সবাহত বিলাই খুব ভাল পায। এইবাৰ মেট্ৰিক পাছ কৰিছে সি। ওৱা! সি চোন বিলনীতো প্ৰমোচন পালে। ষ্টিলৰ জাৰিটোত পানী বিলাই ফুৰা জগাই আজি মাংস বিলাই আছে! ভাইটিয়ে ক’লে, “দাদা, জগাই মাংস বিলাইছে। বেছ ভাল হৈছে। তাক কৈ মা আৰু দেউতাৰ কাৰণেও লৈ ল'ব পাৰিম ।” প্ৰস্তাৱটো বেয়া নহয় পিছে। হঠাৎ মোৰ চকুত পৰিল পলিথিন এটা। পলিথিনটো লৈ আনি দুয়ো ধুনীয়াকৈ খাবলৈ বহিলো। এফালৰপৰা বস্তু দি গ’ল। পুৰি, ভাজি, ঘুগুনি, বিলাহীৰ টক, দৈ-মিঠাই। তাৰ পিছত আহিল জগা, মাংস লৈ। সি দুয়োকে মাত লগালে। তাক মনে মনে সুধিলোঁ আৰু অলপ মাংস দিব পাৰিব নেকি ? সি না ক’ব নোৱাৰে। হাজাৰ হওঁক খেলৰ মাজত শেৱালীক লগ কৰিবলৈ যাব লগা হ’লে তাৰ হৈ মই বহুদিন ফিল্ডিং কৰি দিছোঁ। সি ক’লে, “চা ভাই, আজি প্ৰথমবাৰৰ বাবে মাংস বিলাবলৈ পাইছোঁ। কথাটো যদি কোনোবাই গম পাই মই আৰু বিলাবলৈ নাপাম। এটা কাম কৰ, পলিথিনটো দে। যোৱাৰ পৰত দি আছোঁ মেনেজ কৰি।” মই লাজ লাজকৈ ক’লো, “অলপ সোনকালে কৰিবি হা...।”
.
আমাৰ খোৱা শেষ। ৰভাতলত বহি আছোঁ মাংসৰ পলিথিলটোৰ আশাত। জগাৰ চোন খবৰ নাই। ভাইটিক ক’লো, “তই উচৰ্গাটো দি আহগৈ যা। আৰু গুৱামুৰিও লৈ আহিবি কইনাৰ পৰা।” সি কয়, “ইইইই... ইমান মানুহ! নাযাও যা মই।” সেইটো আৰু কেনেকুৱা কথা? তাক কিবা ক’বলৈ লওঁতে দেখিলো সিফালে জগাই বাহিৰলৈ আহিবলৈ আমাক ইংগিত দি আছে। ওলাই গ’লো। মাংসৰ পলিথিনটো দি ক’লে, “হুঁ ল। যাগৈ যা এতিয়া তাৰাতাৰি।” পলিথিনটো লৈ বেগাবেগিকৈ গুচি আহিলোঁ। গুৱামুৰিহে খোৱা নহ’ল ! .
.
খোজ কাঢ়ি ঘৰলৈ উভতিছোঁ। এতিয়া আকৌ অন্য এটা চিন্তা। উচৰ্গাৰ পঞ্চাশ টকাটো কি কৰোঁ? কি... কৰোঁ? ইটো সিটো চিন্তা কৰিলো, একো নাপালো। শেষত অলপ গহীনাই মাত দিলো, “দে ভগাই লওঁ দে দুয়ো। কিন্তু দেউতাই যাতে গম নাপায়।” ভাইটিৰ চকু ডাঙৰ হৈ গ’ল। তাৰ চকুত দেখা পালো চানাচুৰৰ দুটা প্ৰকাণ্ড টোপোলা। চিনিঅৰিটি বেচিচত মই ত্ৰিশ টকা ল’লোঁ আৰু ভাইটিক জুনিয়ৰ হিচাপে বিশ টকা দিলোঁ। মনে মনে বেছ ফুৰ্টি পালোঁ দুয়ো। কাকো নামাতিলোও, মাংসও খালোঁ আৰু চানাচুৰ খাবলৈ পইচাও পালোঁ। .
.
ঘৰলৈ আহি দেউতাক বুকু ফিন্দাই ক’লো, “বিয়া খাই আহিলো দেউতা! অকন খুৰাই তহঁতৰ কাৰণে মাংস দি পঠিয়াইছে।” সিদিনা গ’ল তেনেকৈ। মা, দেউতাৰ অসুখ বাবে ঘৰতো মাংসখিনি আমি দুটাই ভগাই খালো। বেচেৰা জগাটোৱে ভালেখিনি মাংসই দিছিল। .
.
বিয়াৰ দুদিন পিছত অকন খুৰাই ৰাস্তাত দেউতাক লগ পাই সুধিলে, “বিয়াত নগ’লি যে?”
দেউতাই ক’লে, “কিয় ইহঁত দুটা গৈছিল নহয়। আমাৰ দুয়োৰে অসুখ। নহ’লে মই নোযোৱাকৈ নাথাকোঁ। ইহঁতৰ হাততচোন মাংস দি পঠিয়াইছ। পাহৰিলি হ’বলা?”
অকন খুৰাই ভ্ৰূ কোঁচাই কয়, “মানুহৰ ভিৰত ইহঁত দুটাৰ কথা পাহৰিব পাৰোঁ, কিন্তু মাংসতো কাকো ঘৰলৈ দিয়া নাই কোনেও! সেইটো মই জানোঁ।....”
.
দেউতাৰ আৰু বুজিব বাকী নাথাকিল। সিদিনা ৰাতি ৰাম ধমকি এটা দি সুধিলে ক’ৰ পৰা মাংস আনিছিলো। ভয়ত পেঁপুৱা লাগি বিয়াৰ দিনাখনৰ সকলো কথা কৈ দিলোঁ... ময়ো ক’লোঁ, ভাইটিয়েও ক’লে। .
দেউতাই দুদিন আগতে কাটি থোৱা চেকনিডাল ছিঙিলে সিদিনা।
.
এতিয়া বিয়া বুলি ক’লে দুটা কথাই মনত পৰে- মাংসৰ পলিথিন আৰু দেউতাৰ পিটন ।
(গল্পৰ অনন্ত ভাণ্ডাৰ বন্ধু কাজলৰ নামত উচৰ্গা কৰিলোঁ)
No comments:
Post a Comment