Saturday, 29 August 2015

কবিতা মাকৰ ঘৰলৈ গ'ল: কবি:- নৱাকাশ

কবিতা মাকৰ ঘৰলৈ গ'ল
মই ক'লো
আহোঁতে নাহৰৰ কুমলীয়া পাত কেইটিমান আনিবি
নাহৰ গছবোৰে দুখ পাব
ভেকাহি মাৰি তাই ক'লে
.
বোলো বকুলৰ ফুল কেইপাহ মানকে আন
নিয়ৰবোৰে ওফোন্দাব মুখ
তাই ক'লে
.
মই বোলো নদীৰ মাছবোৰকে আনিবি
ফোনটো কাটি গ'ল নে কাট খাই গ'ল
ধৰিবই নোৱাৰিলো
.
এটা হুমুনিয়াহত
এক অৰণ্য ৰঙ বতাহৰ স'তে ওলাই
বিয়পি পৰিল মোৰ আকাশত
.
ৰঙবোৰ এজাক চৰাই
এজাক পখিলা
পখিলা বোৰ আকাশ
পখিলা বোৰ সপোন
পখিলাবোৰ ৰঙ
ৰঙবোৰ আশা
ৰঙবোৰ ধুনীয়া নাৰী
ৰঙবোৰ নাৰীৰ ৰঙা কজলা ওঁঠ
ৰঙবোৰ নাৰীৰ উঠন বুকু
ৰঙবোৰ নাৰীৰ যৌনাংগ
ৰঙবোৰ নাৰীৰ কামুক শৰীৰ
ৰঙবোৰ নাৰীৰ মিলন কাতৰ চাৱনি
.
এনেতে দুৱাৰত টোকৰ পৰিল
দুৱাৰমুখত কবিতা
মই বোলো ঈৰ্ষাকুৰীয়া নাৰী
.
কবিতাৰ
বুকুত এটা কুমলীয়া নাহৰৰ পাত
বকুল ফুলৰ এধাৰি মালা
আৰু অসংখ্য মাছ
ৰঙা, নীলা, হালধীয়া, শুকুলা, কজলা...

No comments:

Post a Comment