Saturday, 29 August 2015

মাউৰা পুৱা : কবি-দ্ৰিচাং বসুমতাৰী

আমি গৈ আছিলো অসীমত ঠিকনা গুজি
গৈ থকাৰ বাটত ঝাউবনৰ ছাঁত
টেঙেচিয়া দুপৰীয়া এটা জিৰাইছিল
তুমি আঙুলিয়াইছিলা তালৈ
তোমাৰ মনটো কাৰ্শলা সাপৰ জিভাৰ আগেৰে গৈ ছাঁখিনি পাইছিল
মই বঠাই ঠেলা পানী চাইছিলো
কিদৰে পানী কাটি পানীয়েই ঠেলে আগলৈ...
.
পুৱাটো
যিখিনিৰ পৰা আৰম্ভণি আছিল এই যাত্ৰাৰ
মাউৰা ল'ৰাৰ কান্দোনৰ বোলেৰে তিতিছিল
কোনো সুখী নাছিল
কোনো সুখী হ'বলৈও নাছিল
বেলি ওলোৱাৰ আশাৰে বাট বুলিছিল পানীৰ নাওঁ
পাতনি নকৰাকৈয়ে...
.
ইষ্ট দেৱতাক পিছত এৰি
আমি আগলৈ চাইছিলো
আকাশ তেতিয়া ফেঁহুজালি ফেঁহুজালি ...

No comments:

Post a Comment